ওড়িশাৰ ৰে'লপথত মাওবাদীৰ বোমা বিস্ফোৰণ
ৰে'লপথ উৰুৱাই দিয়াৰ অপচেষ্টা মাওবাদীৰ । ওড়িশা আৰু ঝাৰখণ্ডত তীব্ৰ উত্তেজনা ।

Published : August 3, 2025 at 4:50 PM IST
চাইবাছা : মাওবাদীয়ে শনিবাৰৰ পৰা ২৪ ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনাইছিল । তাৰ মাজতে নিশা ওড়িশাৰ ৰক্সি আৰু ৰেংৰা ষ্টেচনৰ মাজত ৰে'লপথ বিস্ফোৰক সামগ্ৰীৰে উৰুৱাই দিয়াৰ অপচেষ্টা চলাইছিল । যাৰ বাবে ৰে'লসেৱা ব্যাহত হৈ পৰে । এই কাৰ্যৰ দ্বাৰা চৰকাৰ আৰু সাধাৰণ জনতাৰ মাজত ভয় আৰু আতংক বিয়পাই দিয়াটোৱেই মাওবাদীৰ উদ্দেশ্য আছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে ।
ৰে'ল বিভাগ আৰু স্থানীয় প্ৰশাসনত হাহাকাৰ
ঘটনাটো নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল । মাওবাদীয়ে পূৰ্বে কৰা পৰিকল্পনা অনুসৰি ৰে'লপথ বোমাৰে উৰুৱাই দিয়াৰ চেষ্টা কৰিছিল । অৱশ্যে বিস্ফোৰণৰ তীব্ৰতা ইমানেই কম আছিল যে ৰে'লপথৰ বিশেষ ক্ষতি হোৱা নাছিল । কেৱল চিমেণ্টৰ শ্লীপাৰহে ক্ষতিগ্ৰস্ত হয় । মাওবাদীয়ে ৰে'লপথত বেনাৰো লগাইছিল । বিস্ফোৰণ হোৱাৰ লগে লগে ৰে'ল বিভাগ আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

এই সন্দৰ্ভত আই জি মাইকেল ৰাজে কয়, "ওড়িশাৰ ৰৌড়কেলাত ৰে'লপথ উৰুৱাই দিয়াৰ খবৰ আহিছিল । বন্ধ সন্দৰ্ভত হাই এলাৰ্টত আছে ঝাৰখণ্ড আৰক্ষী । ঝাৰখণ্ডৰ সকলো ঠাইতে মাওবাদীৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱা হৈছে ।"

ঝাৰখণ্ড-ওড়িশা সীমান্তত নিৰাপত্তা বাহিনী মোতায়েন
চি পি আই মাওবাদী সংগঠনে ঝাৰখণ্ড, ওড়িশা, বিহাৰ আৰু ছত্তীশগড়ত ২৪ ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে । বন্ধৰ সমৰ্থনত মাওবাদীয়ে গোহাৰি আৰু পোষ্টাৰো প্ৰকাশ কৰিছে । ইফালে এই ঘটনাৰ পিছতে সীমান্তত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।

আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অনুসন্ধান অব্যাহত
আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া দলে সাৰণ্ডা আৰু মাওবাদী প্ৰভাৱিত ঘন বনাঞ্চলত তীব্ৰ তালাচী অভিযান চলাইছে । উল্লেখ্য যে ৰে'লপথ উৰুৱাই দিবলৈ চেষ্টা কৰাটো কোনো নতুন কৌশল নহয়। বিগত বছৰো মাওবাদীয়ে কেইবাবাৰো ৰে'ল আবদ্ধ, ৰে'ল ষ্টেচনত অগ্নিসংযোগ, অভিযন্তাক অপহৰণৰ দৰে ঘটনা সংঘটিত কৰিছিল । এই আক্ৰমণে পুনৰ এবাৰ স্পষ্ট কৰিছে যে সীমান্ত অঞ্চলত এতিয়াও মাওবাদী সংগঠনসমূহ সম্পূৰ্ণৰূপে শেষ হোৱা নাই ।

