লিখক: গৌতম দেৱৰয়
নতুন দিল্লী: ২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাউৰ ৰাণাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(নিয়া) ৰ বিষয়াসকলে ষষ্ঠ দিনৰ বাবে জেৰা অব্য়াহত ৰাখিছে ৷
এই সময়তে বুধবাৰে সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৰ প্ৰাক্তন মহাপৰিদৰ্শক লোকনাথ বেহেৰাই আশা প্ৰকাশ কৰিছে যে জেৰাৰ সময়ত মুম্বাইৰ সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে জড়িত আৰু কিছু লোকৰ নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷
বেহেৰাই লগতে দাবী কৰে যে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে আন কেইবাজনো সন্ত্ৰাসবাদী জড়িত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেহেৰাই কয় যে, "তেওঁ (ৰাণা) আন কিছুমান লোকক চিনি পোৱাৰ সম্ভাৱনাও আছে, যাৰ বিষয়ে তদন্তকাৰীয়ে নাজানে ৷ সেয়া আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।"
উল্লেখ্য যে, ১৯৮৫ চনত কেৰালা কেডাৰৰ বেটচৰ আই পি এছ বিষয়া বেহেৰা নিয়াৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল । মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ বাবে নিযুক্তি দিয়া মুখ্য তদন্তকাৰী বিষয়াও আছিল বেহেৰা ।
বেহেৰাই কয় যে, "ৰাণা দুটা গোচৰৰ চাৰ্জশ্বীট অভিযুক্ত ব্যক্তি । এটা গোচৰত নিয়াই চাৰ্জশ্বীট দাখিল কৰিছে আৰু আনটো গোচৰত চাৰ্জশ্বীট দাখিল কৰিছে মুম্বাই আৰক্ষীয়ে । গতিকে তাৰ ভিত্তিত আইনীভাৱে ৰাণা এই মূহুৰ্তত অভিযুক্ত, যাৰ বাবে বিচাৰৰ সন্মুখীন হ'ব লাগিব ।"
মূল সুবিধা প্ৰদানকাৰী
বেহেৰাই দাবী কৰে যে "মুম্বাইৰ লগতে দেশৰ অন্যান্য ঠাইত সংঘটিত হোৱা আক্ৰমণৰ ষড়যন্ত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ডেভিদ কলমেন হেডলীৰ বাবে ৰাণা আছিল মূল সুবিধা প্ৰদানকাৰী ।"
বেহেৰাই কয় যে ৰাণা এজন সুবিধা প্ৰদানকাৰী আছিল ৷ গতিকে তেওঁ গুৰুত্বপূৰ্ণ । ৰাণাই আক্ৰমণকাৰীক পুঁজি যোগান আৰু অন্যান্য সহায় কৰাৰ বিষয়েও জেৰাত মুখ খোলাৰ সম্ভাৱনা আছে ৷
অন্য লোক জড়িতৰ সম্ভাৱনা
বেহেৰাই কয় যে ‘‘তদন্তকাৰীয়ে সদায় সম্ভাৱনা বিচাৰি উলিয়াবলৈ চেষ্টা কৰে । পৰিস্থিতি এনেকুৱা যে ইয়াৰ লগত আন কিছুমান লোক জড়িত হোৱাৰ সম্ভাৱনা বহুত বেছি ।’’ তদন্তৰ সময়ছোৱাত বেহেৰাই হেডলীক জেৰা কৰিবলৈ আমেৰিকাও ভ্ৰমণ কৰিছিল ।
সন্ত্ৰাসবাদীৰ শ্লীপাৰ চেলৰ অস্তিত্ব
ভাৰতত সন্ত্ৰাসবাদী শ্লীপাৰ চেলৰ অস্তিত্ব সন্দৰ্ভত সোধাত বেহেৰাই কয় যে তদন্তকাৰীয়ে সকলো সম্ভাৱনা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব । আন কেইবাটাও গোচৰৰ তদন্তৰ সময়ত নিয়াই পূৰ্বে দাবী কৰিছিল যে সমগ্ৰ ভাৰতৰ ডাঙৰ ডাঙৰ চহৰ আৰু নগৰত কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে শ্লীপাৰ চেল এক্টিভ কৰাৰ বাবে চেষ্টা চলাই আহিছে ।
নিয়াৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে, "সন্ত্ৰাসবাদী সংগঠনসমূহে উত্তৰ প্ৰদেশ, গুজৰাট আৰু বিহাৰৰ শ্লীপাৰ চেলসমূহ এক্টিভ কৰাৰ বাবে দীৰ্ঘদিনৰে পৰা চেষ্টা চলাই আহিছে । আমি ইতিমধ্যে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্যসমূহৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহক সতৰ্ক কৰি দিছো ।"
সংস্থাটোৱে স্থানীয় সহযোগীসকলৰ সহায়ত শ্লীপাৰ চেল সক্ৰিয় কৰি থকা লস্কৰ-ই-তৈবা (লেট), জইছ-ই-মহম্মদ (জে এম) আদি সন্ত্ৰাসবাদী সংগঠনক চিনাক্ত কৰিছে ।
"তেওঁলোকে চহৰ অঞ্চল আৰু অতি ভিৰ থকা ৰাজহুৱা স্থানত আক্ৰমণ চলাবলৈ পৰিকল্পনা কৰিছিল । পাকিস্তান সমৰ্থিত গাজৱা-ই-হিন্দ মডিউল গোচৰৰ নিয়াৰ তদন্তৰ পিছতে শ্লীপাৰ চেলসমূহৰ সৈতে জড়িত প্ৰকাশৰ কথা পোহৰলৈ আহে । নিয়াৰ তদন্তত কোৱা হৈছে যে গাজৱা-ই-হিন্দৰ সহায়ত সন্ত্ৰাসবাদীয়ে ভাৰতীয়, পাকিস্তানী, বাংলাদেশী আৰু য়েমেনী যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদমূলক কাম-কাজত জড়িত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁলোকক শ্লীপাৰ চেল হিচাপে নিযুক্তি দিব লাগে’’ - এজেন্সীটোৱে দাবী কৰে ।
ৰাণাই সমগ্ৰ ভাৰতৰ কেইবাখনো চহৰ ভ্ৰমণ কৰিছিল
নিয়াৰ চাৰ্জশ্বিট অনুসৰি ৰাণাই দিল্লী, পুস্কৰ, কোচিকে ধৰি বহুকেইখন ঠাইলৈ গৈছিল ৷ বেহেৰাই কয় যে, "তেওঁলোকে নিশ্চিতভাৱে ভৱিষ্যতৰ আক্ৰমণত এই লক্ষ্য ৰখাৰ পৰিকল্পনা কৰিছিল । গতিকে, ৰাণাৰ পৰা লাভ কৰা তথ্য সকলোৰে বাবে সহায়ক হ'ব ।"
পৰিপূৰক চাৰ্জশ্বীট পূৰণৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে আগবাঢ়িব NIA
ৰাণাক জেৰা কৰিবলৈ NIA ৰ হাতত আছে ৩০ দিনৰ সময় । বেহেৰাই কয় যে, "তেওঁলোকে ইতিমধ্যে ১৮ দিন লাভ কৰিছে । এজেন্সীয়ে পৰৱৰ্তী ১২ দিন পাব । ইয়াৰ পিছত কেইবাটাও ভেৰিফিকেচন আৰু ক্ৰছ ভেৰিফিকেচন কৰিব লাগিব । মোৰ এটা অনুভৱ হৈছে যে তেওঁলোকে সমগ্ৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে কৰিব যাতে তেওঁলোকে অতি সোনকালে পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰিব পাৰে ।"
মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কেইমাহমানৰ পাছত ২০০৯ চনত আমেৰিকাত থকা আমেৰিকাৰ নিৰাপত্তা সংস্থাই ৰাণা আৰু হেডলী দুয়োকে গ্ৰেপ্তাৰ কৰিছিল ।
নিয়াই প্ৰকাশ কৰা প্ৰথমখন অভিযোগনামাত ৰাণা আৰু হেডলীৰ বাহিৰেও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আন ৭ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে । তদন্তৰ সময়ছোৱাত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লেট আৰু হুজিৰ শীৰ্ষ কৰ্মী ক্ৰমে- হাফিজ মহম্মদ ছাইদ ওৰফে তাইজী, জাকি-উৰ-ৰেহমান লখৱী, ছাজ্জিদ মজিদ ওৰফে, ইলিয়াছ কাশ্মীৰী আৰু আব্দুৰ ৰেহমান হাছিম চৈয়দ ওৰফে মেজৰ আব্দুৰ ৰেহমান ওৰফে পাছাৰ ভূমিকা সক্ৰিয় আৰু আই এছ আইৰ বিষয়া তথা মেজৰ ইকবাল ওৰফে মেজৰ আলী আৰু মেজৰ সমীৰ আলী ওৰফে মেজৰ সমীৰৰ পৰা সহায় লৈছে, যিসকলৰ আটাইকেইজনেই পাকিস্তানৰ বাসিন্দা ।
ৰানাৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগ
ৰাণা সন্দৰ্ভত আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাণা (৬৪) ৰ বিৰুদ্ধে ভাৰতত ষড়যন্ত্ৰ, হত্যা, সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰা, জালিয়াতিকে ধৰি অসংখ্য অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে ৷ যিবোৰ ২০০৮ চনত মুম্বাইত নিৰ্দিষ্ট বিদেশী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (লেটি) ৰ দ্বাৰা সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে । ২০০৮ চনৰ ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰৰ ভিতৰত মুম্বাইত দহজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে ১২ টা স্থানত গুলীচালনা আৰু ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল ।
ৰাণাই এটা প্ৰৱঞ্চনামূলকভাৱে কিছু সুবিধা কৰি দিছিল, যাতে তেওঁৰ শৈশৱৰ বন্ধু ডেভিদ ক’লমেন হেডলী নামৰ আমেৰিকাৰ নাগৰিকৰূপী ডাউদ গিলানীয়ে লস্কৰ-ই-তৈবাৰ সম্ভাৱ্য আক্ৰমণৰ স্থানৰ ওপৰত চোৰাংচোৱাগিৰি চলোৱাৰ উদ্দেশ্যে মুক্তভাৱে মুম্বাইলৈ যাব পাৰে বুলি আমেৰিকাৰ ন্যায় বিভাগে জনায় ।