ETV Bharat / bharat

নেশ্যনেল হেৰাল্ড গোচৰ সন্দৰ্ভত পিছুৱালে আদালতৰ নিৰ্দেশ

নেশ্যনেল হেৰাল্ড গোচৰৰ বিষয়ত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকে ধৰি অন্যান্যসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে ।

NATIONAL HERALD CASE
ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ ফাইল ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 7, 2025 at 11:04 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: নেশ্যনেল হেৰাল্ডৰ গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দাখিল কৰা অভিযোগনামাৰ সন্দৰ্ভত বৃহস্পতিবাৰে দিল্লীৰ আদালতে দিয়া নিৰ্দেশ পিছুৱাই দিয়ে ৷ আদালতৰ সূত্ৰই জনোৱা মতে, বিষয়টো এতিয়া কিছুমান স্পষ্টীকৰণৰ বাবে ৮ আগষ্টৰ বাবে তালিকাভুক্ত কৰা হৈছে ।

ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ বিশাল গগনে কিছু স্পষ্টীকৰণৰ বাবে ৮ আগষ্টত শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰে । আদালতে তদন্তকাৰী বিষয়াক প্ৰশ্ন কৰে যে এই গোচৰৰ সৈতে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ কি সম্পৰ্ক ?

বিগত ২ জুলাইৰ পৰা দৈনিক ইডি আৰু অভিযুক্তৰ ‘‘পইণ্ট অৱ কগনিজেন্স’’ ৰ ওপৰত দাখিল কৰা শুনানি গ্ৰহণ কৰি আছিল আদালতে ।

ইডিয়ে প্ৰকাশ কৰা এছ’চিয়েটেড জাৰ্ণেলছ লিমিটেডৰ (এ জে এল) ৰ ২০০০ কোটি টকাৰ সম্পত্তি জালিয়াতিৰে অধিগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, প্ৰয়াত দলৰ নেতা মোটিলাল ভোৰা আৰু অস্কাৰ ফাৰ্ণাণ্ডেছৰ লগতে সুমন দুবে, ছেম পিট্ৰ’ডা আৰু এটা ব্যক্তিগত কোম্পানী ইয়ং ইণ্ডিয়ানৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে নেচনেল হেৰাল্ড কাকতে ।

গান্ধীৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই কৈছিল যে কংগ্ৰেছে এ জে এল বিক্ৰী কৰিবলৈ চেষ্টা কৰা নাছিল, বৰঞ্চ এই প্ৰতিষ্ঠানটোক বচাব বিচাৰিছিল ৷ কিয়নো ই স্বাধীনতা আন্দোলনৰ এটা অংশ । ইডিয়ে কিয় এ জে এলৰ মেম’ৰেণ্ডাম অৱ এছ’চিয়েশ্যন দেখুৱাব পৰা নাই বুলিও অধিবক্তাই আদালতত প্ৰশ্ন উত্থাপন কৰে ।

১৯৩৭ চনত জৱাহৰলাল নেহৰু, জে বি কৃপলানী, ৰফী আহমেদ কিদৱাই আদি কংগ্ৰেছ নেতাই প্ৰতিষ্ঠা কৰা এ জে এলৰ মেম’ৰেণ্ডাম অৱ এছ’চিয়েশ্যনত উল্লেখ আছে যে ইয়াৰ সকলো নীতি কংগ্ৰেছৰ হ’ব ।

ইয়ং ইণ্ডিয়ানৰ ৭৬ শতাংশ শ্বেয়াৰ থকা গান্ধী পৰিয়ালে ৯০ কোটি টকাৰ ঋণৰ বিনিময়ত প্ৰৱঞ্চনাৰে এ জে এলৰ সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে সংস্থাটোৱে । অভিযোগনামাত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, পিতৰোডা, দুবে, সুনীল ভাণ্ডাৰী, ইয়ং ইণ্ডিয়ান এণ্ড ডটেক্স মাৰ্চেণ্ডাইজ প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ কৰা হৈছে ।(পি টি আইৰ ইনপুটৰ সৈতে)

লগতে পঢ়ক: নেশ্যনেল হেৰাল্ডৰ গোচৰ: ইডিৰ চাৰ্জশ্বীটৰ প্ৰতি লক্ষ্য ৰাখি আদালতে সংৰক্ষিত ৰাখিছে ৰায়