নন্দ্যালয়া : ভাৰতত প্ৰতিভাৰ অন্ত নাই । কেতিয়াবা যদি চানক্য, আন কেতিয়াবা আকৌ কৌটিল্য পণ্ডিত । এইবাৰ 'মেমৰী মেন' । মাত্ৰ ২৪ মাহো সম্পূৰ্ণ নোহোৱা শিশুটিয়ে গঢ়িছে ইণ্ডিয়া বকু অৱ ৰেকৰ্ডছ । তেওঁৰ অসাধাৰণ স্মৃতিশক্তিৰ বাবে অৰ্জন কৰিবলৈ সক্ষম হৈছে 'মেমৰী মেন' উপাধি । এই অসাধাৰণ স্মৃতিশক্তিৰ অধিকাৰী কণমানিটিৰ নাম হৈছে মোক্ষ আয়ান ।
বৰ্তমান হায়দৰাবাদৰ কেন্দ্ৰীয় বিদ্যালয়ত ইউকেজি অধ্যয়ন কৰি থকা আয়ান স্বপ্নিকা আৰু শিৱৰ পুত্ৰ । এই কণমানিটিয়ে এতিয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে তেওঁক যি শিকোৱা হৈছে তাক মনত পেলোৱা আৰু পুনৰাবৃত্তি কৰাৰ অবিশ্বাস্য ক্ষমতাৰ বাবে ।
আয়ানে ৩৭ টা জন্তু, ৭ টা চৰাই, ১২ খন বাহন, ১২ টা ৰং চিনাক্ত কৰিব পাৰে আৰু ১ ৰ পৰা ১০ লৈ সংখ্যা গণনা কৰিব পাৰে । তেওঁ ৬টা তেলেগু গান গাব পাৰে, ১৩ জন বিখ্যাত ব্যক্তিক নাম সলসলীয়াকৈ ক'ব পাৰে । ইয়াৰোপৰি স্বাধীনতা সংগ্ৰামী, ৰাষ্ট্ৰীয় নেতা, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু চলচ্চিত্ৰ তাৰকাসকলৰ ছবি দেখুৱালে সঠিক তেওঁলোকৰ নাম ক'ব পাৰে । এই সকলোবোৰৰ ওপৰত, তেওঁ আনকি বিভিন্ন শব্দক সাংঘাটিকভাৱে শুদ্ধকৈ অনুকৰণ কৰিব পাৰে ।
২৪ মহীয়া শিশু মোক্ষ আয়ানৰ বিৰল প্ৰতিভাক স্বীকৃতি দি, তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ সামৰ্থ্য প্ৰদৰ্শন কৰা ভিডিঅ' ৰেকৰ্ড কৰিছিল আৰু সেই ভিডিঅ'সমূহ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত দাখিল কৰিছিল । মূল্যাংকন আৰু পৰীক্ষাৰ পিছত, আয়ানক এখন প্ৰমাণপত্ৰ আৰু পদক প্ৰদান কৰা হৈছিল । যাৰ ফলত তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ নন্দিয়ালবাসী আনন্দিত গৌৰৱান্বিত হৈ পৰা পৰিলক্ষিত হয় ।