নাগপুৰ : মহাৰাষ্ট্ৰৰ নাগপুৰত ক্ৰমাৎ বৃদ্ধি পাইছে হিংসাত্মক পৰিস্থিতি ৷ যাৰ বাবে প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাত মহানগৰৰ কেইবাটাও অঞ্চলত কাৰ্ফিউ জাৰি কৰে ৷
নাগপুৰ আৰক্ষী আয়ুক্ত ৰবিন্দৰ কুমাৰ সিংঘলে জাৰি কৰা নিৰ্দেশ অনুসৰি পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বলবৎ থাকিব সান্ধ্য আইন । কোতৱালি, গণেশপেঠ, তহচিল, লাকাডগঞ্জ, পাচপাওলি, শান্তিনগৰ, সক্কাৰদাৰা, নন্দনভান, ইমামোৱাৰা, যশোধৰানগৰ আৰু কপিলনগৰ আৰক্ষী থানা এলেকাত জাৰি কৰা হৈছে কাৰ্ফিউ বা সান্ধ্য আইন ।

ঘটনাৰ বিৱৰণি অনুসৰি, ১৭ মাৰ্চৰ দিনা ঔৰংজেবৰ সমাধিস্থল আঁতৰোৱাৰ দাবীৰ সমৰ্থনত নগপুৰৰ মহল অঞ্চলৰ শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তিৰ কাষত বিশ্ব হিন্দু পৰিষদ (VHP) আৰু বজৰংগ দলৰ প্ৰায় ২০০ৰ পৰা ২৫০জন সদস্য সমবেত হয় । প্ৰতিবাদকাৰীসকলে সমাধিস্থল (কবৰ)টো আঁতৰোৱাৰ দাবীত শ্ল’গান দিয়ে ৷ লগতে গৰুৰ গোবৰৰ পিঠাৰে ভৰা প্ৰতীকী সেউজীয়া কাপোৰ প্ৰদৰ্শন কৰে ।
পিছত সন্ধিয়া ৭:৩০ বজাত ভালদাৰপোৰাত প্ৰায় ৮০ৰ পৰা ১০০জন লোক সমবেত হয়, যাৰ ফলত উক্ত অঞ্চলত বৃদ্ধি পায় উত্তেজনা ৷ আনকি আইন-শৃংখলাৰ পৰিস্থিতিও ক্ৰমাৎ অৱনতি ঘটে ৷
নিৰ্দেশনাটোত কোৱা মতে, হিংসাত্মক ঘটনা ৰোধ কৰাৰ লগতে শান্তি বজাই ৰাখিবলৈ আৰক্ষীয়ে BNSS ৰ ১৬৩ ধাৰাত ক্ষতিগ্ৰস্ত অঞ্চলত সান্ধ্য আইন জাৰি কৰে । নিৰ্দেশ অনুসৰি, নিষেধাজ্ঞাৰ সময়ছোৱাত চিকিৎসাজনিত কাৰণৰ বাহিৰে আন কোনো ব্যক্তিয়ে ঘৰৰ পৰা ওলাই আহিব নালাগে, পাঁচজনতকৈ অধিক লোকো গোট খাব নালাগে । লগতে যিকোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আৰু এনে ধৰণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

- সান্ধ্য আইন উলংঘা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব :
আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰক্ষীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পথ বন্ধ কৰিও দিব পাৰে ৷ লগতে সান্ধ্য আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২২৩ ধাৰাত গোচৰ চলোৱা হ’ব ।
- কাৰ বাবে শিথিল হ’ব সান্ধ্য আইন ?
উক্ত নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে কৰ্তব্যৰত আৰক্ষী বিষয়া আৰু কৰ্মচাৰীৰ লগতে চৰকাৰী বা প্ৰশাসনিক বিষয়া বা পৰীক্ষাৰ বাবে এক নিৰ্দিষ্ট স্থানত উপস্থিত হ’ব লগা ছাত্ৰ-ছাত্ৰী আৰু অগ্নিনিৰ্বাপক বাহিনী আৰু বিভিন্ন বিভাগৰ জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তিৰ ক্ষেত্ৰতো এই আদেশ প্ৰযোজ্য নহ’ব ৷
- ৫০ৰ পৰা ৬০জন লোকক আটক
নাগপুৰ আৰক্ষীয়ে জনোৱা মতে, মহল অঞ্চলত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত নিশাৰ ভিতৰতে তালাচী অভিযান চলাই ৫০ৰ পৰা ৬০জন লোকক আটক কৰা হয় । জানিব পৰা মতে, এই হিংসাত্মক ঘটনাত ২০ৰ পৰা ২৫জন লোক আহত হৈছে, য’ত একাংশ আৰক্ষীও আছে । বৰ্তমান মহল আৰু ভলদাৰপুৰা অঞ্চলত পৰিস্থিতি উত্তেজিত হৈয়ে আছে ৷ অৱশ্যে আৰক্ষী আয়ুক্ত সিংঘালে ৰাইজক আশ্বাস দিছে যে এতিয়া পৰিস্থিতি আৰক্ষীৰ নিয়ন্ত্ৰণত আছে ।

- কেনেকৈ এই হিংসাৰ সূচনা হ’ল
সোমবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত নাগপুৰ ৰাজপ্ৰসাদত ২০০ৰ পৰা ২৫০ জন বিশ্ব হিন্দু পৰিষদ (VHP) আৰু বজৰং দলৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীৰ দাবী মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰ জিলাত অৱস্থিত ঔৰংজেৱৰ সমাধিস্থলটো আঁতৰ কৰিব লাগে ৷
পৰৱৰ্তী সময়ত উক্ত স্থান আন একাংশ লোক উপস্থিত হৈ ঔৰংজেৱৰ সমাধিস্থলটো আঁতৰ কৰিব নালাগে বুলি তৰ্ক-বিতৰ্কত লিপ্ত হয় ৷ আনকি এটা সময়ত দুয়োপক্ষৰ মাজৰ বাকযুদ্ধই হিংসাত্মক পৰিস্থিতিৰ ৰূপ লয় ৷ বহু অচিনাকি লোকে ভাঙি লণ্ডভণ্ড কৰে দোকান ৷ লগতে কেবাখনো গাড়ীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে অগ্নি সংযোগো কৰে ৷
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ মন্তব্য :
ইফালে আজি সদনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে কয়, ‘‘নাগপুৰত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া সুপৰিকল্পিত আক্ৰমণৰ দৰেই দেখা গৈছে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত ধৰ্মীয় কিছু বস্তু জ্বলাই দিয়াৰো উৰাবাতৰি ওলাইছে বুলি তেওঁ মন্তব্য কৰে । লগতে তেওঁ কয়, ‘‘কাৰো হাতত আইন-শৃংখলা ভংগ কৰাৰ অনুমতি নাই ।"

‘‘এই ঘটনাত তিনিজন DCP সহ মুঠ ৩৩জন আৰক্ষী আহত হৈছে । আহত পাঁচজন সাধাৰণ নাগৰিকৰ ভিতৰত তিনিজনক ডিচচাৰ্জ দিয়া হৈছে আৰু এজন আই চি ইউত আছে । মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে কয় ৷ তেওঁ কয়, ‘‘নাগপুৰত ১১খন আৰক্ষী থানাই নিষেধাজ্ঞা জাৰি কৰিছে । এই বিষয়ত পাঁচটা পৃথক গোচৰ ৰুজু কৰা হৈছে ।"
"আমি হিংসাত্মক স্থানৰ পৰা শিলৰ টুকুৰা পাইছো ৷ কিছুমান নিৰ্দিষ্ট ঘৰ আৰু প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হৈছিল । এজন DCPক কুঠাৰেৰে আক্ৰমণো কৰা হৈছিল । এই সন্দৰ্ভত আমি নিশ্চয় ব্যৱস্থা ল’ম আৰু যিসকলে আইন-শৃংখলা নিজৰ হাতত লৈছে তেওঁলোকক ৰেহাই দিয়া নহ'ব । আৰক্ষীৰ ওপৰত আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব ।" মুখ্যমন্ত্ৰী ফাড়নাভিছে কয় ৷
লগতে পঢ়ক : অদ্ভূত লোকাচাৰ ! ইজনে সিজনলৈ দলিয়াই জ্বলন্ত অঙঠা |