গুৱাহাটী: নাগালেণ্ডৰ একমাত্ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় নাগালেণ্ড বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে বিশ্বমানৰ গৱেষণা আৰু সামগ্ৰিক শিক্ষাৰ লক্ষ্যৰে মৌলিক বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে । এই উদ্দেশ্যে নাগালেণ্ড বিশ্ববিদ্যালয়ে 2025-26 শিক্ষাবৰ্ষৰ পৰা মৌলিক বিজ্ঞানত স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছে ।
এই নতুন পাঠ্যক্ৰমে উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানকে ধৰি বিভিন্ন ক্ষেত্ৰক সামৰি ল'ব । এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) 2020 ৰ লক্ষ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ ।
উল্লেখ্য যে প্ৰথমাৱস্থাত এই পাঠ্যক্ৰমসমূহে উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানত 3 বছৰীয়া আৰু 4 বছৰীয়া স্নাতক ডিগ্ৰী আগবঢ়াব । ভৱিষ্যতে বিশ্ববিদ্যালয়খনে মৌলিক বিজ্ঞানৰ অধিক পাঠ্যক্ৰম আৰু বহু বিষয়ক গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে ৷
এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জগদীশ কে পাটনায়কে কয়, "আমি বিশ্বমানৰ গৱেষণা আৰু প্ৰশিক্ষণৰ জৰিয়তে মৌলিক বিজ্ঞানৰ সীমা অতিক্ৰম কৰিব বিচাৰো । আমি শিক্ষাৰ্থীসকলক নতুন সম্ভাৱনাৰ সুবিধা প্ৰদান কৰিবলৈ আগ্ৰহী । ইয়াৰ উপৰিও, 'একাধিক প্ৰৱেশ আৰু প্ৰস্থান' পইণ্টৰ জৰিয়তে শিক্ষাৰ্থীসকলক অধিক নমনীয়তা প্ৰদান কৰিবলৈ বিচাৰো ৷"
"এই পাঠ্যক্ৰমবোৰে শিক্ষাৰ্থীসকলক কলা, মানৱবিদ্যা, ভাষা, প্ৰাকৃতিক বিজ্ঞান, আৰু সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিব ৷ লগতে জটিল সমস্যা সমাধান, সমালোচনামূলক চিন্তা, সৃষ্টিশীলতা, আৰু যোগাযোগ দক্ষতাৰ দৰে কোমল দক্ষতাও বিকশিত কৰিব ৷" তেওঁ কয় ।
উল্লেখ্য যে যোগ্যতাৰ মাপকাঠি অনুসৰি স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থীয়ে দ্বাদশ শ্ৰেণী বা সমতুল্য পৰীক্ষাত প্ৰথম শ্ৰেণী (60%) লাভ কৰিব লাগিব । প্ৰাৰ্থীসকলৰ প্ৰাসংগিক শাখাত CUET (UG) স্ক'ৰকাৰ্ড থাকিব লাগিব । এই নতুন পদক্ষেপে নাগালেণ্ড বিশ্ববিদ্যালয়ক উচ্চশিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দিব বুলি আশা কৰা হৈছে ।