আঘাতপ্ৰাপ্ত নাগালেণ্ডৰ ৰাজ্যপাল; চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি
আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনক । বৰ্তমান তেওঁ আই চি ইউত ভৰ্তি হৈ আছে ।

Published : August 8, 2025 at 4:16 PM IST
চেন্নাই: বিজেপিৰ জ্যেষ্ঠ নেতা তথা নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন অসুস্থ । অসুস্থতাৰ বাবে তেওঁক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । খবৰ অনুসৰি পৰাৰ পিছত মূৰত আঘাত লগাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনে কিছুদিন ধৰি চেন্নাইৰ থ্যাগৰায় নগৰত থকা নিজৰ ঘৰত আছে । তাতেই তেওঁৰ দুৰ্ঘটনাটো সংঘটিত হয় ।
শুকুৰবাৰে পুৱা তেওঁ নিজৰ ঘৰতে পিছল খাই পৰে । লগে লগে তেওঁক চেন্নাইৰ গ্রীমছ ৰোডস্থিত এপ’ল’ হাস্পতাললৈ নিয়া হয় । জানিব পৰা মতে, তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পাইছে ৷
আনহাতে, চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, বৰ্তমান তেওঁ আই চি ইউত আছে আৰু তাতে তেওঁৰ চিকিৎসা চলি আছে ।
উল্লেখ্য যে ১৯৪৫ চনৰ ১৬ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা লা গণেশন আয়াৰে ২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ ১৯ সংখ্যক ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ২৭ আগষ্ট ২০২১ চনৰ পৰা ১৯ ফেব্ৰুৱাৰী ২০২৩ চনলৈকে মণিপুৰৰ সপ্তদশ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ উপৰি ২০২২ চনৰ ১৮ জুলাইৰ পৰা ১৭ নৱেম্বৰলৈ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্বত আছিল ।
ইয়াৰ পূৰ্বে তেওঁ মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ সদস্য আছিল । গণেশন হৈছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা । লগতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰো এগৰাকী প্ৰবীণ নেতা ।
তামিলনাডু বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে তেওঁ আৰ এছ এছৰ প্ৰচাৰক আছিল । ইন্দিৰা গান্ধীৰ সময়ত জৰুৰীকালীন অৱস্থাত তেওঁ পলাই থাকিবলগা হৈছিল । তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু উপ-সভাপতিৰ দায়িত্বতো আছিল । পৰৱৰ্তী সময়ত তেওঁ তামিলনাডু বিজেপিৰ সভাপতি নিৰ্বাচিত হয় । তেওঁ পূৰ্বৰ ৰাজ্যসভাৰ সাংসদ নাজমা হেপতুল্লাৰ স্থানত মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল ।

