ETV Bharat / bharat

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ কেন্দ্ৰক দাবী নাগালেণ্ড কংগ্ৰেছৰ

নাগালেণ্ড কংগ্ৰেছে মণিপুৰবাসীক হিংসা পৰিহাৰ কৰি একেলগে ঐক্য আৰু শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰিবলৈও আহ্বান জনাইছে ৷

Nagaland PCC expresses concern over Manipur Violence
Manipur unrest (ANI)
author img

By ANI

Published : November 18, 2024 at 9:59 AM IST

3 Min Read
Choose ETV Bharat

কহিমা : মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ অতি শেহতীয়াভাৱে পাঁচগৰাকীকৈ নাগৰিকৰ প্ৰাণহানি হোৱাৰ লগতে বহুলোক নিজৰ ঠাই এৰি পলায়ন কৰিব লগাত পৰিছে আৰু বহুকেইটা বাসগৃহ আৰু ধৰ্মীয় উপাসনাস্থলীত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছে ৰাজ্যখনত ৷

এক প্ৰেছ বিজ্ঞপ্তিত নাগালেণ্ড কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে, ‘‘এই সংঘাতক আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু সকলোকে বৈঠক, আলোচনা আদিৰ মাধ্যমেৰে শান্তি প্ৰতিষ্ঠাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছো ৷ সাম্প্ৰতিক ঘটনাৱলীয়ে কেৱল মণিপুৰবাসীকেই যে অস্থিৰ কৰি তুলিছে তেনে নহয়, ই উত্তৰ-পূৰ্বাঞ্চলৰ ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷’’

Nagaland PCC expresses concern over Manipur Violence
নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰেছ বিজ্ঞপ্তি (ANI)
লগতে পঢ়ক: বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ

আইন-শৃংখলাজনিত পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে তাৎক্ষণিক আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰকো দাবী জনাইছে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে ৷

‘‘এন পি চি চিয়ে ভাৰত চৰকাৰক আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ সংঘাতৰ অন্তৰ্নিহিত কাৰণসমূহ সমাধান কৰিবলৈ তথা সকলো নাগৰিকৰ সুৰক্ষা আৰু মৰ্যাদা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷ ইয়াৰ লগতে স্থানচ্যুত পৰিয়ালসমূহক আৰু সম্প্ৰদায়সমূহৰ মাজত আস্থা পুনৰ গঢ়ি তোলাৰ বাবে ক্ষতিগ্ৰস্তসকলৰ বাবে পৰ্যাপ্ত সহায় আগবঢ়োৱাটো অতি প্ৰয়োজনীয় ।” বিবৃতিটোত কোৱা হৈছে ।

লগতে পঢ়ক: মণিপুৰ শান্ত কৰাৰ উপায় বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে

নাগালেণ্ড কংগ্ৰেছে মণিপুৰবাসীক হিংসা পৰিহাৰ কৰি একেলগে ঐক্য আৰু শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰিবলৈও আহ্বান জনাইছে ৷ বিবৃতিটোত উল্লেখ কৰা মতে, ‘‘আমি মণিপুৰৰ জনসাধাৰণক হিংসাৰ পৰা বিৰত থাকি ঐক্য আৰু শান্তিৰ দিশত সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনাইছো ৷ আমি মনত ৰাখিব লাগে যে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি ইয়াৰ বৈচিত্ৰ্য আৰু উন্নয়ন তথা সমৃদ্ধিৰ আকাংক্ষাত নিহিত হৈ আছে । এন পি চি চিয়ে এই জটিল সময়ত মণিপুৰৰ জনসাধাৰণ, আমাৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছে আৰু সমগ্ৰ অঞ্চলটোত শান্তি আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ বাবে নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে ।’’

ইফালে ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ মাজতে শনিবাৰে ইম্ফলত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হয় । ইয়াৰ পাছতে চৰকাৰে ততাতৈয়াকৈ দুদিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰি দিয়ে । মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি শাখাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত সদৌ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা এক সমাৱেশত সংঘটিত সংঘৰ্ষৰ ফলত বিগত বৰ্ষৰ ৩ মে’ত মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷ সেই সংঘাতৰ জুই ভয়ানকভাৱে বিয়পি পৰে আৰু আজিও সেই জুই নিৰ্বাপিত হোৱা নাই ।

লগতে পঢ়ক: উত্তপ্ত মণিপুৰ; কেবাটাও স্থানত হিংসাত্মক ঘটনা...বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা