ETV Bharat / bharat

ড৹ সিঙৰ বিয়োগত শোকদগ্ধ এন এছ চি এনো

নগা বিদ্ৰোহী গোটটোৱে কয়- এনে এক ব্যক্তিত্বৰ সৈতে জড়িত স্মৃতি আৰু অভিজ্ঞতাই নগাসকলৰ বাবে এক স্থায়ী উত্তৰাধিকাৰ প্ৰদান কৰিব ।

NSCN IM on Manmohan Singh
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : December 28, 2024 at 3:15 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁ সদায় নগা ৰাজনৈতিক সমাধানৰ পক্ষত থিয় দিছিল । "আমি তেওঁৰ (প্ৰয়াত মনমোহন সিং) পৰিয়ালৰ সদস্য আৰু তেওঁৰ ঘনিষ্ঠ বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । ভাৰত-নগা ইতিহাসত তেওঁৰ আশ্বাসমূলক বাৰ্তা আৰু প্ৰতিশ্ৰুতি লিপিবদ্ধ হৈ থাকিব । তেওঁৰ মৃত্যুত নগাসকলে এগৰাকী মহান নেতাক হেৰুৱাইছে, যিয়ে সদায় ভাৰত আৰু নাগালিমৰ বাবে সন্মানীয় আৰু গ্ৰহণযোগ্য নগা ৰাজনৈতিক সমাধানৰ পক্ষত থিয় দিছিল ।" নেচনেল ছ'চিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ড চমুকৈ এন এছ চি এন-ইছাক মুইভাই এক বিবৃতিত এইদৰে কয় ।

সংগঠনটোৱে কয় যে মনমোহন সিং আছিল এনে এগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে নগা ৰাজনৈতিক বিষয়টোৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীত থিয় দিছিল । বিবৃতিটো অনুসৰি, ২০০৪ চনৰ ৭ ডিচেম্বৰত নতুন দিল্লীত কালেক্টিভ লিডাৰশ্বিপ, এন এছ চি এনৰ নেতৃত্বত নগা প্ৰতিনিধি দলটোৱে তেওঁক সাক্ষাৎ কৰাৰ সময়ত কোৱা তেওঁৰ কথা সংগঠনটোৱে এতিয়াও স্মৰণ কৰে । কাৰণ তেওঁ কৈছিল, "আমি পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সন্মানীয় সমাধানৰ বাবে সমানে আগ্ৰহী । আমি সমস্যাটোৰ মোকাবিলা কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰিম । আমি এক সন্মানীয় সমাধানৰ বাবে আমাৰ ফালৰ পৰা সৰ্বাধিক প্ৰচেষ্টা কৰিম । আমি যুটীয়াভাৱে সমাধান অনাৰ বাবে সম্ভৱপৰ সকলো উপায় অন্বেষণ কৰিম ।"

২০০৫ চনৰ ২৪ জুনত নতুন দিল্লীত থকা তেওঁৰ চৰকাৰী বাসভৱনত মুখ্য আলোচনাকাৰী থুইংগালেং মুইভাৰ সৈতে তেওঁৰ বাৰ্তালাপৰ সময়ত সিঙে কৈছিল, "আমি বিষয়টোক লৈ গম্ভীৰ আৰু আন্তৰিকতাৰে বিশ্বাস ৰাখিছো যে আমি শান্তিপূৰ্ণ উপায়েৰে সমস্যাটো সমাধান কৰিব পাৰোঁ, আপুনি আমাৰ সৈতে ধৈৰ্য ধৰিব লাগিব । আমি প্ৰতিটো ইতিবাচক পদক্ষেপ লোৱা আৰম্ভ কৰিছোঁ । আমি আপোনাৰ বিষয়বোৰ উপেক্ষা নকৰো । এয়াই আমাৰ আশ্বাস ।"

প্ৰধানমন্ত্ৰী হিচাপে নিজৰ কাৰ্যকালতে তেওঁ এন এছ চি এন আলোচনাকাৰী দলৰ সৈতে কথা পাতিবলৈ তিনিগৰাকী মন্ত্ৰীক নিযুক্তি দিছিল । "তেওঁ ২০০৫ চনৰ ৯ ফেব্ৰুৱাৰীত নগা প্ৰতিনিধিসকলক আশ্বাস দিছিল যে সম্পৰ্কৰ আৰ্হি নিৰ্ধাৰণ কৰা উচিত ।"

এন এছ চি এন-আই এমে নগা ৰাজনৈতিক সমস্যা সমাধানৰ প্ৰচেষ্টাত মনমোহন সিঙৰ আন্তৰিকতাক স্বীকাৰ কৰিছে । "এনে ব্যক্তিত্বৰ সৈতে জড়িত থকা নগাসকলৰ স্মৃতি আৰু অভিজ্ঞতাই এক স্থায়ী উত্তৰাধিকাৰ প্ৰদান কৰিব ।" সংগঠনটোৱে কয় ।

লগতে পঢ়ক :নিগমবোধ ঘাটলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নশ্বৰ দেহ LIVE - MANMOHAN SINGH FUNERAL LIVE UPDATES
লগতে পঢ়ক :অন্তিম যাত্ৰাত দেশৰ অৰ্থনীতিৰ ৰূপকাৰ; কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অন্তিম বিদায় প্ৰাক্তন প্ৰধানমন্ত্ৰীক - LAST RITES OF MANMOHAN SINGH