ETV Bharat / bharat

"ৰে'ল দুৰ্ঘটনা হৈয়ে থাকে": কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য

Union Minister Lalan Singh: তামিলনাডুৰ ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী লালন সিঙৰ এক মন্তব্যই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে ।

Union Minister Lalan Singh
"ৰে'ল দুৰ্ঘটনা হৈয়ে থাকে":কেন্দ্ৰীয় মন্ত্ৰীৰ উদ্ভট মন্তব্য (ANI)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 11:55 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ : তামিলনাডুত মহীশূৰ-দৰভাংগা বাগমতী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । দুৰ্ঘটনাটোত কেইবাগৰাকী যাত্ৰী আহত হৈছিল । ৰে'ল যাত্ৰীৰ সুৰক্ষাৰ ওপৰতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী লালন সিঙৰ উদ্ভট মন্তব্য । দুৰ্ঘটনা সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয় কয়, "ৰে'ল দুৰ্ঘটনা হৈয়ে থাকে (আৰে হোতা ৰেহতা হ্যে ট্ৰেইন এক্সিডেণ্ট...)।" মন্ত্ৰীগৰাকীৰ এনে দায় সৰা মন্তব্যই সকলোকে হতবাক কৰি তুলিছে ।

কেন্দ্ৰীয় মন্ত্ৰীৰ দায় সৰা মন্তব্য

শনিবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ পালন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰীগৰাকীয়ে কয়, "ৰে'ল দুৰ্ঘটনা এক নিয়মীয়া ঘটনা, এইবোৰ দৈনন্দিন হোৱা ঘটনা কিয়নো মানুহে ৰে'লপথত সামগ্ৰী ৰাখে । দুৰ্ঘটনাবোৰ ইচ্ছাকৃতভাৱে সংঘটিত হৈছে । ৰে'ল মন্ত্ৰালয়ে ইয়াৰ তদন্ত কৰি আছে আৰু ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

কংগ্ৰেছৰ সমালোচনা

এই দুৰ্ঘটনাৰ পিছতে ৰে'ল যাত্ৰীৰ সুৰক্ষা সম্পৰ্কে বিৰোধীয়ে শাসকীয় দলক তীব্ৰ সমালোচনা কৰিছে । বিৰোধী কংগ্ৰেছে কেন্দ্ৰীয় মন্ত্ৰী লালন সিঙৰ মন্তব্যক লৈ নৰেন্দ্ৰ মোদী চৰকাৰক উভতি ধৰিছে । কংগ্ৰেছে মন্ত্ৰীগৰাকীৰ মন্তব্যক অসংবেদনশীল আৰু লজ্জাজনক বুলি অভিহিত কৰিছে ।

কংগ্ৰেছ দলে এক বিবৃতিত বিজেপি চৰকাৰক সমালোচনা কৰি লিখিছে, "দেশত প্ৰতিদিনে ৰে'ল দুৰ্ঘটনা সংঘটিত হৈ আছে, মানুহে প্ৰাণ হেৰুৱাইছে, বহু লোক আহত হৈছে । আৰু নৰেন্দ্ৰ মোদীৰ অসংবেদনশীল মন্ত্ৰীসকলে ইয়াক 'সাধাৰণ ঘটনা' বুলি অভিহিত কৰি দায় সাৰিব বিচাৰিছে । লজ্জাজনক ! "

উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া তামিলনাডুত মহীশূৰ-দৰভাংগা বাগমতী এক্সপ্ৰেছ ৰে'লখনে এখন মালবাহী ৰে'লত খুন্দা মাৰে । লুপ লাইনত প্ৰৱেশ কৰি ৰে'লখনে ৰৈ থকা মালবাহী ৰে'লত খুন্দা মাৰে । ফলত কেইবাগৰাকী যাত্ৰী আহত হয় । আনহাতে ৰে'লখনৰ ১৩ দবা লাইনচ্যুত হয় । ইফালে এনআইএৰ এটা দল শনিবাৰে দুৰ্ঘটনাস্থলী কাভাৰাপেট্টাই ৰে'ল ষ্টেচনত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :বাগমতী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনা : বালাচোৰ দুৰ্ঘটনাৰ দৰেই আছিল নেকি কাভাৰাপ্পেট্টাই ৰে'ল দুৰ্ঘটনা ?