ETV Bharat / bharat

দেউতাই বিদ্যুৎ অবিহনে উশাহ ল'ব নোৱাৰে ! অসুস্থ পিতৃক বচাবলৈ অসহায় শিশুৰ কাতৰ অনুৰোধ

জন্ম-মৃত্যু ভগৱানৰ হাতত বুলি কথা এষাৰ আছে । কিন্তু এইগৰাকী ব্যক্তিৰ ক্ষেত্ৰত তাৰ ব্যতিক্ৰম । বিদ্যুৎ বিভাগৰ হাতত নিৰ্ভৰ কৰিছে তেওঁৰ জীৱন-মৃত্যু ।

Children Plead to Save Father
অসুস্থ পিতৃক বচাবলৈ অসহায় শিশুৰ কাতৰ অনুৰোধ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 1:10 PM IST

6 Min Read
Choose ETV Bharat

কাজিপেট (হানুমাকোণ্ডা) : ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ! হয়, এয়াই বিধিৰ বিধান । ভগৱানে ৰাখিব খুজিলে মাৰোঁতা কোনো নাই । আনহাতে, ভগৱানে মাৰিব খুজিলেও ৰাখোঁতাও কোনো নাই । এই চিৰাচৰিত নিয়মেই প্ৰকৃতিত চলি আহিছে ।

কিন্তু কেতিয়াবা যেন এই প্ৰাকৃতিক নিয়মৰো ব্যতিক্ৰম হয় । জীৱন-মৃত্যু মানুহৰ হাতত নাথাকিলেও কেতিয়াবা তাত মানুহৰ পৰোক্ষ অৱদান থাকে । মানুহৰ দয়া-ভিক্ষা, সহায়ৰ বাবে হাহাকাৰ কৰিবলগা হয় । অন্ততঃ এই প্ৰতিবেদন পঢ়িলে আপোনাৰো হয়তো তেনে অনুভৱেই হ'ব ।

এগৰাকী অসুস্থ পিতৃক লৈ অসহায় হৈ পৰিছে এহাল কণমানি শিশু । মৃত্যুৰ দুৱাৰদলিত উপনীত হোৱা পিতৃক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে । কিন্তু সেয়া কৰিবলৈও যেন শিশু দুটা অপাৰগ । কাৰণ সেই সামৰ্থ্য তেওঁলোকৰ হাতত নাই । কিন্তু এটাই আশা লৈ অপেক্ষা কৰি আছে, কাৰোবাৰ অকণমান সহানুভূতি, অলপমান দয়া, কিছু সহায়ত তেওঁলোকৰ পিতৃক তেওঁলোকৰ মাজত জীয়াই ৰাখিব পাৰে ।

আটাইতকৈ ডাঙৰ কথা হৈছে, এতিয়া শিশু দুটিৰ বাবে এই আশা-ভৰসাৰ থল হৈছে স্থানীয় বিদ্যুৎ বিভাগ । বিদ্যুৎ বিভাগৰ কৃপাতে তেওঁলোকৰ পিতৃয়ে জীৱনৰ উশাহ লৈ থাকিব পাৰিব । কিন্তু যদি বিদ্যুৎ বিভাগে সেই দয়া নকৰে, তেন্তে নিমিষতে জীৱন বন্তি নুমাই যাব তেওঁলোকৰ পিতৃৰ ।

এইখিনিতে হয়তো আপোনাৰ মনত প্ৰশ্ন উঠিব পাৰে, এজন মানুহৰ জীৱন-মৃত্যুৰ সৈতে আকৌ বিদ্যুৎ বিভাগৰ সম্পৰ্ক কি ? তাৰ পূৰ্বে জনাই থওঁ যে তেওঁ বিদ্যুৎ বিভাগৰ কোনো কৰ্মচাৰী নহয়, বিদ্যুৎ বিভাগৰ কোনো গোচৰতো জগৰীয়া নহয় বা বিদ্যুৎস্পৃষ্টৰ দৰে ঘটনাও তেওঁৰ জীৱনত সংঘটিত হোৱা নাই । তেনেহ'লে তেওঁৰ জীৱন-মৃত্যুক লৈ বিদ্যুৎ বিভাগৰ সম্পৰ্ক কি ?

ইয়াতেই আছে এটা পৰিয়ালৰ এক অসহায় কাহিনী । অসহায় মানে চূড়ান্ত অসহায় । এটা দৰিদ্ৰ পৰিয়ালৰ এই অসহায় অৱস্থাৰ কাহিনী জানিলে হয়তো আপোনাৰো দুচকু সেমেকি উঠিব । কিয়নো বিদ্যুৎ অবিহনে উশাহ ল'ব নোৱাৰে এগৰাকী ব্যক্তিয়ে । বিদ্যুতৰ ওপৰতে নিৰ্ভৰ কৰিছে এতিয়া তেওঁৰ জীৱনৰ আয়ুস । কাৰণ একমাত্ৰ বিদ্যুতৰ সহায়তাতহে তেওঁ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় হাওঁফাওঁ সক্ৰিয় হৈ আছে, উশাহ-নিশাহ চলি আছে ।

সেয়ে তেওঁৰ কণমানি শিশু দুটিয়ে অসহায়ভাৱে কান্দি কান্দি কয়, "অক্সিজেন কনচেণ্ট্ৰেটৰ অবিহনে মোৰ দেউতাই উশাহ ল'ব নোৱাৰে । আমাৰ হাতত টকা নাই । বিজুলী বিচ্ছিন্ন হ'লে তেওঁৰ মৃত্যু হ'ব ।" তেলেংগানাৰ দৰগাহ কাজিপেটৰ শিশু দুটাই এনেদৰে জীৱন-মৃত্যুৰ সংগ্ৰামত থাউনি নোপোৱা হৈ সহায়ৰ বাবে আহ্বান জনাইছে ।

ঘটনাটো কি

পত্নী সন্ধ্যা, কন্যা ঋষিকা আৰু পুত্ৰ প্ৰণয়ৰ সৈতে এসময়ত এখন সুখৰ সংসাৰ আছিল টীগলা সাম্বামূৰ্তিৰ (৩৭) । তেওঁ ইলেক্ট্ৰিচিয়ানৰ কাম কৰি পৰিয়ালটো ভৰণ-পোষণ দিছিল । এটা সৰু পৰিয়াল, দুবেলা-দুমুঠি জোগাৰ কৰি খায়ো কিন্তু সুখে-সন্তোষে জীৱন অতিবাহিত কৰিছিল । কিন্তু হঠাতে তেওঁলোকৰ সংসাৰলৈ কাল অমানিশা নমাই আনে কোভিড-১৯ বিভীষিকাই ।

২০২১ চনত টীগলা সাম্বামূৰ্তি গুৰুতৰভাৱে কোভিডত আক্ৰান্ত হয় । যদিও এই মহামাৰীৰ পৰা তেওঁৰ জীৱন কিবা প্ৰকাৰে ৰক্ষা পৰে, কিন্তু তেওঁৰ হাওঁফাওঁ চিৰদিনৰ বাবে গুৰুতৰভাৱে আক্ৰান্ত হৈ পৰে । তেতিয়াৰে পৰা চাৰি বছৰ ধৰি তেওঁ বিছনাতে পৰি আছে । কিন্তু তেওঁ প্ৰাকৃতিকভাৱে উশাহ-নিশাহ ল'ব নোৱাৰে । অক্সিজেন কনচেণ্ট্ৰেটৰৰ নিয়মীয়া সহায় অবিহনে তেওঁৰ উশাহ লোৱাটো অসম্ভৱ ।

আনহাতে, ভূতৰ ওপৰত দানহ পৰাদি স্বাস্থ্যৰ অৱনতিৰ বাবে সম্বামূৰ্তিয়ে কাম কৰিব নোৱৰা হয় । ফলত তেওঁৰ পত্নী সন্ধ্যাই ৱাৰংগলৰ কালোজী নাৰায়ণা ৰাও স্বাস্থ্য বিশ্ববিদ্যালয়ত কাম কৰি দৈনিক সামান্য মজুৰি উপাৰ্জন কৰে । সেই সামান্য উপাৰ্জনেৰেই পৰিয়ালটোৰ দৈনন্দিন প্ৰয়োজন আৰু চিকিৎসাৰ খৰচ তেওঁ অতি কষ্টেৰে পূৰণ কৰি আহিছে ।

ইফালে সম্বামূৰ্তিয়ে নিয়মিত প্ৰায় ২৪ ঘণ্টাই অক্সিজেন কনচেণ্ট্ৰেটৰ চলাবলগীয়া হয় । ইয়াৰ বাবে যথেষ্ট পৰিমাণে বিদ্যুতৰ খৰচ হয় । সেই অনুপাতে বিদ্যুতৰ বিলো বাঢ়ি যায় । এনেদৰে অক্সিজেন কনচেণ্ট্ৰেটৰ চলাবলৈ প্ৰয়োজন হোৱা বিদ্যুতৰ বাবে প্ৰতিমাহে হাজাৰ হাজাৰ টকা খৰচ হয় । কিন্তু বিগত দুবছৰত পৰিয়ালটোৰ বিদ্যুতৰ বিল হৈছে ৮০ হাজাৰ টকা, যিটো তেওঁলোকে পৰিশোধ কৰিব পৰা নাই । যাৰ বাবে এতিয়া পৰিয়ালটোৰ মূৰত আকাশী সৰগ ভাঙি পৰিছে ।

ইয়াৰ মাজতে অৱশ্যে মানৱীয় দৃষ্টিকোণেৰে বিদ্যুৎ বিভাগে এতিয়ালৈকে বিদ্যুৎ বিল পৰিশোধৰ সময়সীমা বৃদ্ধি কৰিছে ৷ কিন্তু বিদ্যুৎ বিভাগো নিৰুপায় ৷ ইমানখিনি অনাদায় বিলৰ ধন ৰেহাই দিব নোৱাৰে ৷ যাৰ বাবে বিষয়াসকলে সকীয়াই দিছে যে যদিহে অতি সোনকালে দিবলগীয়া বিলৰ ধন পৰিশোধ নকৰে তেন্তে বিদ্যুৎ যোগান বিচ্ছিন্ন কৰা হ’ব ।

"বিদ্যুৎ কৰ্তন হ’লে দেউতাই উশাহ ল’ব নোৱাৰিব, দেউতা মৰি যাব । অনুগ্ৰহ কৰি আমাক সহায় কৰক ।" এনেদৰে চকুলো টুকি টুকি চৰকাৰ আৰু সহৃদয় লোকসকলক সহায় কৰিবলৈ আহ্বান জনাইছে অসহায় শিশু দুটিয়ে । লগতে এই সংকটপূৰ্ণ সময়ত পৰিয়ালটোক সহায় কৰিবলৈ ইচ্ছুকসকলক ৭৩৯৬১৭৪৭২৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

এতিয়া তেওঁলোকৰ এটাই আশা, কোনোবা সহৃদয় লোক আগবাঢ়ি আহক বা চৰকাৰ তেওঁলোকৰ প্ৰতি সদয় হওক । অৱশ্যে ইয়াৰ মাজতো এই কথা ক'বই লাগিব যে সকলোবোৰ ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰিছে । আমি যিমানেই নকওঁ কিয়, ভগৱানৰ সহায় অবিহনে একো কাৰ্য সিদ্ধি নহয় ।

লগতে পঢ়ক :ৰীলছ বনোৱাটোৱেই কাল হ'ল ! পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা - TENNIS PLAYER MURDER
লগতে পঢ়ক :শ্ৰেণীকোঠাত অংক সমাধান কৰি থাকোঁতে জীৱনৰ অংকই খেলিমেলি হৈ গ'ল নাগাভূষণমৰ - TEACHER DIES IN CLASS ROOM