ETV Bharat / bharat

সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকিৰে দেশজুৰি উদযাপন ঈদ-উল-ফিটৰ - EID AL FITR 2025

সোমবাৰে পুৱা দেশৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকল একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

EID UL FITR
আজি পবিত্ৰ ঈদ-উল-ফিটৰ (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : March 31, 2025 at 10:39 AM IST

3 Min Read

হায়দৰাবাদ: আজি পবিত্ৰ ঈদ-উল-ফিটৰ ৷ দেশজুৰি ইছলামধৰ্মী লোকসকলে পালন কৰিছে ঈদ ৷ দেওবাৰে দেশৰ বিভিন্ন চহৰৰ আকাশত চন্দ্ৰমাই দেখা দিয়াৰ পিছত সোমবাৰে ভাৰতত ঈদ-উল-ফিটৰ উদযাপন কৰাতো নিশ্চিত হয় ৷

সোমবাৰে পুৱা দেশৰ বিভিন্ন প্ৰান্তত ইছলামধৰ্মী লোকসকল একত্ৰিত হৈ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ভাৰতৰ অন্যান্য মুছলমান বসতিপ্ৰধান চহৰ ক্ৰমে- লক্ষ্ণৌ, দিল্লী, জম্মু-কাশ্মীৰ আৰু অন্যান্য স্থানসমূহতো সোমবাৰে ঈদ উদযাপন কৰা হয় ৷

EID UL FITR
নামাজৰ পিছৰ এক দৃশ্য (ANI Photo)

ফতেহপুৰী মছজিদৰ ইমাম মুফতি মুকৰাম আহমেদে কয় যে, ‘‘মছজিদৰ ৰুয়েট-ই-হিলাল কমিটীয়ে বহু ঠাইত যোগাযোগ কৰিছিল আৰু কেইবাঠাইতো চন্দ্ৰ দেখা পোৱা বুলি জনোৱা হৈছিল । যাৰ বাবে ৩১ মাৰ্চ, সোমবাৰে দেশত ঈদ উদযাপন কৰা হোৱাটো নিশ্চিত’’ ৷

ঈদক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ উৎসৱ বুলি অভিহিত কৰি আহমেদে কয় যে, ‘‘ঈদ উপলক্ষে আমি প্ৰাৰ্থনা কৰো যে দেশত ভাতৃত্ববোধ আৰু সম্প্ৰীতি অব্যাহত থাকে আৰু প্ৰেমেৰে শক্তিশালী হয়’’ ।

EID UL FITR
সজাই তোলা হৈছে হায়দৰাবাদৰ চাৰমিনাৰ (ANI Photo)

ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

ঈদৰ এই ক্ষণত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশবাসীক সম্ভাষণ জনাই এই উৎসৱে সকলোৰে জীৱনত শান্তি, প্ৰগতি আৰু সুখ কঢ়িয়াই অনাটো কামনা কৰে ।

"ঈদ-উল-ফিটৰতে পবিত্ৰ ৰমজান মাহৰ ৰোজা আৰু নামাজৰ অন্ত পৰে । এই উৎসৱে ভাতৃত্ববোধ, সহযোগিতা আৰু মমতাৰ মনোভাৱক শক্তিশালী কৰে ৷ এই উৎসৱে সামাজিক বন্ধনকো প্ৰসাৰিত কৰে আৰু আমাক এখন সুসম, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী সমাজ গঢ়িবলৈ অনুপ্ৰাণিত কৰে’’- সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীক এনেদৰে ঈদৰ শুভেচ্ছা জনায় ৷

"ঈদ সহানুভূতি, মমতা আৰু দান-বৰঙণিৰ মনোভাৱক প্ৰসাৰিত কৰাৰ এক অনুষ্ঠান । এই উৎসৱে সকলোৰে জীৱনত শান্তি, প্ৰগতি আৰু সুখ কঢ়িয়াই আনক আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাবলৈ শক্তি প্ৰদান কৰক" বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় ৷

ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাৰ্তাত কয় যে, "ঈদ-উল-ফিটৰৰ শুভক্ষণত ভাৰত আৰু বিদেশত বাস কৰা সকলো ভাৰতীয়, বিশেষকৈ মুছলমান ভাই-ভনীসকললৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো ।"

EID UL FITR
বিপণিসমূহত ওলমি ৰৈছে ৰং-বিৰঙৰ টুপী (ANI Photo)

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

সামাজিক মাধ্যম এক্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ‘‘এই উৎসৱে আমাৰ সমাজত আশা, সম্প্ৰীতি আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰক । আপোনালোকৰ সকলো প্ৰচেষ্টাতে আনন্দ আৰু সফলতা লাভ কৰক ৷ ঈদ মোবাৰক’’ বুলি প্ৰধানমন্ত্ৰীয়ে ঈদৰ শুভেচ্ছা জনায় ।

লগতে পঢ়ক: পাচি ভৰাই ফল-মূল, গামোচা লৈ মছজিদে মছজিদে সত্ৰাধিকাৰ: একতাৰ এনাজৰী ছিগো-ছিগো হওঁতেই বিৰল দৃশ্য - EID UL FITR 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.