কলকাতা : পশ্চিমবংগৰ মুৰ্ছিদাবাদত ৱাকফ (সংশোধনী) আইনক লৈ হোৱা হিংসাত্মক প্ৰতিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । হিংসাত্মক প্ৰতিবাদত ৩ গৰাকী লোকৰ মৃত্যু হৈছিল । আৰক্ষীয়ে জনোৱা মতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পুনৰ ১২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ।
সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে । আৰক্ষীৰ মতে মুছলমান অধ্যুষিত জিলাখনৰ কোনো স্থানৰ পৰা নতুন হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা হোৱা নাই । নিৰাপত্তা বাহিনীয়ে চোকা দৃষ্টি ৰাখিছে ।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, "জিলাখনৰ ছুতি, ধুলিয়ান, সমছেৰগঞ্জ আৰু জংগীপুৰ অঞ্চলৰ পৰিস্থিতি শান্ত হৈছে । গোটেই নিশাই আৰক্ষীৰ অভিযান অব্যাহত আছিল । নতুনকৈ ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগে লগে ঘটনা সন্দৰ্ভত এতিয়ালৈকে ১৫০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।"
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, ‘‘ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ)ৰ ধাৰা ১৬৩ ৰ অধীনত হিংসাপীড়িত অঞ্চলসমূহত নিষিদ্ধ আদেশ জাৰি কৰা হৈছে আৰু ইণ্টাৰনেট স্থগিত ৰখা হৈছে । তেওঁ লগতে কয় যে নিৰাপত্তা বাহিনীয়ে মুখ্য পথসমূহত বাহনসমূহত তালাচী চলাই আছে আৰু স্পৰ্শকাতৰ অঞ্চলত টহল দি আছে ।’’ তেওঁ আৰু কয়, "হিংসাত্মক ঘটনাটোৰ তদন্ত চলি আছে । অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।"
উল্লেখ্য যে, শুকুৰবাৰে নতুন আইনখনক লৈ হোৱা প্ৰতিবাদৰ সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মুৰ্ছিদাবাদত হিংসাত্মক ঘটনাই জোকাৰি গৈছিল । আৰক্ষীৰ বাহনকে ধৰি কেইবাখনো বাহনত অগ্নিসংযোগ কৰা হৈছিল । প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবৰ্ষণ কৰা হৈছিল আৰু পথ অৱৰোধ কৰা হৈছিল ।
হিংসাত্মক ঘটনাৰ মাজতে শনিবাৰে সমচেৰগঞ্জৰ জাফৰাবাদত ঘৰৰ ভিতৰতে এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল । মৃতদেহকেইটাত ছুৰীৰ আঘাত স্পষ্ট আছিল ।
ইফালে শুকুৰবাৰে ছুতিৰ চাজুৰ মোৰেত সংঘৰ্ষৰ সময়ত গুলীৰ আঘাতত ইজাজ মমিন নামৰ এজন ২১ বছৰীয়া যুৱকৰো মৃত্যু হয় । হিংসাত্মক ঘটনাত প্ৰায় ১৮ গৰাকী আৰক্ষীও আহত হৈছিল ।