ETV Bharat / bharat

পিথোৰাগড়ত বাগৰিল হিমবাহ : সেনা-স্থানীয় লোকৰ যাতায়ত বন্ধ - Glacier slipped in Uttarakhand

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত খহি পৰিছে এটা ডাঙৰ হিমবাহ। মিলামৰ হিমবাহ খহি পৰাত পথ বন্ধ হৈ পৰিছে। পথ বন্ধ হোৱাৰ বাবে সীমান্ত নিৰাপত্তাৰ কামত নিয়োজিত জোৱান আৰু স্থানীয় ৰাইজে যাতায়তৰ সমস্যাৰ সন্মুখীন হৈছে।

GLACIER SLIPPED IN UTTARAKHAND
মিলামৰ হিমবাহ খহি পৰাত পথ বন্ধ
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 5:22 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 21 এপ্ৰিল : মুনছিয়াৰী মিলাম পথৰ মাপাঙৰ সমীপৰ চিৰকানীত হিমবাহ বাগৰি পৰাৰ বাবে বন্ধ হৈ পৰিছে পথ ৷ চীন সীমান্তত নিয়োজিত আই টি বি পি আৰু অঞ্চলটোৰ সংলগ্ন 13 খন গাঁৱৰ গ্ৰাম্য পথসমূহ বন্ধৰ ফলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ চীন সীমান্ত সংযোগী পথত চিৰকানিৰ সমীপত হঠাৎ হিমবাহ বাগৰি পৰাৰ ফলতেই এই অৱস্থাৰ সৃষ্টি হয় ৷

পিথোৰাগড়ত ভাঙি গ’ল হিমবাহ :

হিমবাহ ভাঙি যোৱাৰ বাবে বন্ধ হৈ পৰিছে পথ ৷ ৰিলকোট, চামটু, জোহৰ উপত্যকা, টোলা, গংগাৰ, ৰালামকে ধৰি 13 খন গাঁৱৰ লোকে পথটো বন্ধ হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ৷ বৰ্তমান সময়ত এই গাঁওবোৰৰ পৰা প্ৰব্ৰজন ঘটিছে, য’ত বৃহৎ সংখ্যক ভেড়াপালক বাস কৰে ৷ হিমবাহ খহি পৰাৰ বাবে সমগ্ৰ পথটো বন্ধ হৈ আছে ৷ আনকি খোজকাঢ়ি যাবলৈয়ো কোনো পথ নাই ৷

হিমবাহ ভাঙি যোৱাৰ বাবে পথ বন্ধ :

তিনিদিন পূৰ্বে গাঁৱলৈ ভোট দিবলৈ অহা লোকসকল এতিয়া উভতি যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷ ৰাইজে শীঘ্ৰে পথটো মুকলি কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷ বৰফ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে বি আৰ অ'ই ৷ কিন্তু বৃহৎ পৰিমাণৰ বৰফ খহি পৰাৰ বাবে ইয়াক আঁতৰোৱাত অসুবিধাৰ সৃষ্টি হৈছে ৷ প্ৰশাসনে শীঘ্ৰেই পথটো মুকলি কৰিবলৈ বি আৰ অ’ক নিৰ্দেশ দিছে ৷

গ্ৰীষ্মকালত হিমবাহ খহি পৰে :

যোৱা বছৰো মে’ মাহত অত্যধিক গৰমৰ বাবে মিলম পথৰ বহু ঠাইত হিমবাহ পিচলি পৰাৰ বাবে পথ বন্ধ হৈ পৰিছিল ৷ বিগত সময়ত মে’ আৰু জুন মাহত হিমবাহ ছিটিকি পৰাৰ ঘটনা অধিক সংঘটিত হৈ আহিছে ৷ কিন্তু এইবাৰ এপ্ৰিল মাহতে এনেদৰে হিমবাহ বাগৰি পৰে ৷ গৰমৰ ধাৰাবাহিকতা বৃদ্ধি পোৱাৰ লগে লগে উচ্চ হিমালয় অঞ্চলত ইতিমধ্যে বৰফ গলি যোৱা আৰু হিমবাহ ছিটিকি পৰাৰ ঘটনা সঘনে সংঘটিত হ’বলৈ আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ ! বাতৰি পৰিৱেশনৰ সময়তেই অজ্ঞান হৈ ঢলি পৰিল পৰিৱেশক - News Anchor Faints During Live