ETV Bharat / bharat

চৰকাৰৰ পৰা এপইচাও দৰমহা নলয় এইসকল বন বিষয়াই: ৪০০ একৰ বনাঞ্চলৰ ৰক্ষক কোন এওঁলোক ?

ঝাৰখণ্ডৰ খুণ্টিৰ মুণ্ডা জনজাতিৰ লোকসকলে বন সংৰক্ষণৰ দায়িত্ব নিজৰ কান্ধত লৈছে । ইয়াৰ বাবে তেওঁলোকে প্ৰতিবছৰে 'বীৰ হ'ৰো নী' নিয়োগ কৰে ।

Bir Horo Ni
বন বিষয়া, কিন্তু দৰমহা নলয় চৰকাৰৰ পৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 2:51 PM IST

5 Min Read
Choose ETV Bharat

খুণ্টি : 'জল, জংঘল আৰু জমি'ৰ ধৰিত্ৰী হৈছে ঝাৰখণ্ড । ৰাজ্যখনৰ নামো জংঘলৰ পৰায়ে উৎপত্তি হৈছে । আদিবাসীৰ ঘৰ হিচাপে খ্যাত এই ৰাজ্যখন অৰণ্য ভূমিৰ ৰাজ্য হিচাপে এইকাৰণেই পৰিগণিত হৈছে, কিয়নো ইয়াৰ বনাঞ্চলসমূহৰ সংৰক্ষণৰ দায়িত্ব কেৱল বন বিভাগেই লোৱা নাই; ইয়াৰ জনসাধাৰণো ইয়াৰ প্ৰতি সজাগ-সচেতন ।

বন সংৰক্ষণৰ এই কাহিনী প্ৰকাশ কৰে খুণ্টি জিলাৰ বুৰুমা অৰণ্যই । এই বনাঞ্চলখনৰ নিজাববীয়া বন বিষয়া আছে । এওঁলোকে বনাঞ্চলত গছকটা চোৰাং চিকাৰীসকলৰ পৰা বনাঞ্চলখনক সুৰক্ষা প্ৰদান কৰে । এই ক্ষেত্ৰত বন বিষয়াক সমগ্ৰ গাঁওবাসীয়ে সহায় কৰে । ইয়াৰ বনাঞ্চল সুৰক্ষিতভাৱে থকাৰ এইটোৱেই মূল কাৰণ ।

বন বিষয়া, কিন্তু দৰমহা নলয় চৰকাৰৰ পৰা (ETV Bharat)

বুৰুমা বনাঞ্চল খুণ্টি জিলাৰ মুৰহু বন ক্ষেত্ৰৰ অন্তৰ্গত । ইয়াত প্ৰতিবছৰে এবাৰ গাঁওবাসীৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে 'বীৰ হ'ৰো নী' নিৰ্বাচন কৰা হয় । বীৰ হ'ৰো নীৰ অৰ্থ হৈছে বনৰক্ষক । এই বীৰ হিৰো নীসকলেই বনাঞ্চলক সুৰক্ষা প্ৰদান কৰে । প্ৰতিগৰাকী বীৰ হিৰো নীক এবছৰৰ বাবে নিৰ্বাচন কৰা হয় ।

৪০০ একৰ মাটিকালিত বিস্তৃত বুৰুমা বনাঞ্চল

বুৰুমা বনাঞ্চল অঞ্চলটোত চাৰিখন গাঁৱৰ ওচৰে-পাজৰে ৪০০ একৰ মাটিকালিজুৰি বিস্তৃত হৈ আছে । বৰ্তমান এণ্টনী উৰিয়া নামৰ ৬২ বছৰীয়া লোকজনে বুৰুমা বনাঞ্চলক সুৰক্ষা প্ৰদান কৰি আহিছে । তেওঁৰ তিনিটা ল'ৰা সন্তান আৰু তিনিওজনেই খুণ্টিত ব্যৱসায় কৰে । কিন্তু তেওঁলোকৰ বিপৰীতে এণ্টনীয়ে বনাঞ্চলখনৰ ৰক্ষণাবেক্ষণ কৰি আহিছে । সমগ্ৰ গাঁওবাসীৰ পৰামৰ্শত গাঁওবুঢ়াই এণ্টনীক বনাঞ্চলখনৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰিছে । চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা এণ্টনীয়ে বন সুৰক্ষাৰ দায়িত্ব পালন কৰি আছে ।

Bir Horo Ni
বীৰ হ'ৰো নী এণ্টনী উৰিয়া (ETV Bharat)

৬২ বছৰীয়া এণ্টনীয়ে বাৰিষাৰ প্ৰবল বৰষুণৰ সময়তো বনাঞ্চলখনত টহল দি থাকে । বেলিয়ে পুৱাৰ আকাশত ভুমুকি মৰাৰ লগে লগে এণ্টনীয়ে ভৰিত হাৱাই চেণ্ডেলযোৰ, হাতত ছাতি, এডাল লোৰ ৰড আৰু এখন হাকোটা লৈ বনাঞ্চলৰ দিশে খোজ লয় । অৱশ্যে এই কামৰ বাবে এণ্টনীক চৰকাৰে কোনো দৰমহা নিদিয়ে । ইয়াৰ বিপৰীতে প্ৰতিঘৰ মুণ্ডাই ঘৰে প্ৰতি ১০ বাটি চাউল আৰু ২০ টকাকৈ এণ্টনীক আগবঢ়ায় । মুণ্ডা সমাজে তেওঁক এই বছৰৰ বাবে বীৰ হ'ৰো নী নিয়োগ কৰিছে ।

চাৰিখন গাঁৱৰ বীৰ হ'ৰো নী এণ্টনী উৰিয়া

এণ্টনী মুণ্ডাক মুণ্ডা টোলী, ইন্দলডী, পাহন টোলী আৰু লোদোডীহ গাঁৱৰ বীৰ হিৰো নী হিচাপে নিৰ্বাচন কৰা হৈছে । এই গাঁওকেইখনৰ আশেপাশে প্ৰায় ৪০০ একৰ ভূমিত ঘন বনাঞ্চল আছে । এই বনাঞ্চলত শাল, চেগুণ, আম, জাম, শিলিখাকে আদি কৰি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু অন্যান্য তৰু-তৃণ আছে । ইয়াৰ উপৰি বনাঞ্চলখনত বিভিন্ন প্ৰকাৰৰ বনৰীয়া জন্তু, ময়ূৰ আৰু বিশালকায় সাপো আছে । বীৰ হিৰো নীয়ে এই সকলোৰে সুৰক্ষা প্ৰদান কৰে । এই ব্যৱস্থা হৈছে আদিবাসী সমাজৰ নিজা ব্যৱস্থাৰ সৰ্বোত্তম উদাহৰণ ।

Bir Horo Ni
বীৰ হ'ৰো নী এণ্টনী উৰিয়া (ETV Bharat)

এশ বছৰীয়া এক পৰম্পৰা

বনৰক্ষক এণ্টনী উৰিয়াই কয়, "অন্য গাঁৱৰ মানুহে বনাঞ্চলৰ পৰা খৰি কাটি নিয়া কাম কৰিছিল । যাৰ ফলত বনাঞ্চলৰ সুৰক্ষাৰ বাবে এই পৰম্পৰা এশ বছৰৰো অধিক কাল ধৰি চলি আহিছে ।"

তেওঁ কয়, "আদিবাসী ৰীতি-নীতি অনুসৰি বনাঞ্চলৰ সুৰক্ষা খোদ আদিবাসী সম্প্ৰদায়ৰ লোকসকলে প্ৰদান কৰে । এই বন আমাৰ আৰু ইয়াৰ সুৰক্ষাও আমিয়ে প্ৰদান কৰোঁ ।"

Bir Horo Ni
বীৰ হ'ৰো নী এণ্টনী উৰিয়া (ETV Bharat)

১০০ বছৰ ধৰি বনাঞ্চলৰ সুৰক্ষা আৰু বনৰক্ষক ৰখাৰ পৰম্পৰা গাঁৱত চলি আহিছে । কোনো চৰকাৰী পুঁজি অবিহনে আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জল, জংঘল আৰু ভূমিৰ সুৰক্ষা বীৰ হিৰো নীৰ দৰে পৰম্পৰাগত পদ্ধতিৰে তেওঁলোকে কৰি আহিছে ।

গছ কাটি ধৰা পৰিলে ভৰিব লাগে জৰিমনা

গাঁওসভাই এই ব্যৱস্থা ৰাখিছে যে যদি কোনো ব্যক্তিয়ে গাঁওসভা বা গাওঁবুঢ়াৰ অনুমতি অবিহনে গছ কাটিলে ধৰা পৰে তেন্তে তেওঁক গাঁওসভাই ৫০০০ টকা জৰিমনা বিহে । মুণ্ডা সম্প্ৰদায়ৰ বনাঞ্চল সুৰক্ষাৰ এই পৰম্পৰাগত পদ্ধতিৰ বাবেই আজিও বুৰুমা গাঁৱৰ বনাঞ্চল সুৰক্ষিত হৈ আছে ।

Bir Horo Ni
বন বিষয়া, কিন্তু দৰমহা নলয় চৰকাৰৰ পৰা (ETV Bharat)

আনহাতে, এণ্টনী উৰিয়াৰ ভতিজাক শনিকা উৰিয়াই কয়, "এণ্টনী উৰিয়াক এইবাৰ এই দায়িত্ব প্ৰদান কৰা হৈছে । এই ক্ষেত্ৰত আমি আৰু আমাৰ সম্পূৰ্ণ গাঁওবাসীয়ে তেওঁক সহযোগিতা আগবঢ়াওঁ । চোৰাংচিকাৰী আৰু গছকটা লোকসকলৰ পৰা বনাঞ্চলক সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিবছৰে এজন বীৰ হ'ৰো নী নিয়োগ কৰা হয় । ইয়াৰ বিনিময়ত তেওঁক প্ৰতিঘৰৰ পৰা জনমূৰি হিচাপে চাউল আৰু ২০ টকাকৈ দিয়া হয় ।"

বনাঞ্চলক সুৰক্ষা প্ৰদানৰ এক অনন্য পৰম্পৰা

আনহাতে, গাঁওখনৰ গাঁওবুঢ়া জগমোহন সিং মুণ্ডাই কয়, "চোৰাংচিকাৰীৰ পৰা বনাঞ্চলক সুৰক্ষা প্ৰদানৰ বাবে এক অনন্য পৰম্পৰা আছে । সকলো ঠাইতে বনাঞ্চলক সুৰক্ষা প্ৰদানৰ বাবে এনে ধৰণৰ বিশেষ ব্যৱস্থা থাকিব লাগে, যাতে বনাঞ্চলবোৰক সুৰক্ষা প্ৰদান কৰিব পৰা যায় ।"

গাঁওবুঢ়াই কয় যে তেওঁলোকৰ বুৰুমা বনাঞ্চল সুৰক্ষাৰ এই পদ্ধতি বহু পুৰণি । কিন্তু সময়ৰ সৈতে ইয়াৰ পৰিৱৰ্তন কৰা হয় । তেওঁলোকে কোনো চৰকাৰী সহায় বা বন বিভাগৰ সাহায্য অবিহনে বনাঞ্চলৰ সুৰক্ষা প্ৰদান কৰি আহিছে ।

Bir Horo Ni
গছ কাটিলে ভৰিব লাগে জৰিমনা (ETV Bharat)

পৰম্পৰাগত পদ্ধতি অনুসৰি বনাঞ্চলৰ সুৰক্ষা প্ৰদানকাৰী এণ্টনীক বছৰত এবাৰ গাঁৱৰ ১১০ টা পৰিয়ালে ১০ বাটিকৈ চাউল আৰু ২০ টকা নগদ ধন দিয়া হয় । বীৰ হ'ৰো নীৰ দৰে আদিবাসী পৰম্পৰাৰ কাৰণেই ঝাৰখণ্ড এখন বন প্ৰধান ৰাজ্য হৈ আছে ।

লগতে পঢ়ক :অভাৱেই আৱিষ্কাৰৰ মূল... বলধ নহয়, পথাৰত নামিল ইলেক্ট্ৰিক স্কুটাৰ - KARNATAKA FARMER
লগতে পঢ়ক :ঘৰে ঘৰে গৈ খুজি আনিছিল কিতাপ, খুলিলে দুটাকৈ পুথিভঁৰাল... - GWALIOR FREE LIBRARY FOR STUDENTS