প্ৰধানমন্ত্ৰীৰ বিমানত সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি ; ১ জনক গ্ৰেপ্তাৰ
মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষই এটা ফোন পাইছিল যে সন্ত্ৰাসবাদীয়ে বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীৰ বিমানত আক্ৰমণ কৰিব পাৰে।

Published : February 12, 2025 at 4:53 PM IST
মুম্বাই, 12 ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানত আক্ৰমণৰ পৰিকল্পনা। বিদেশ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানত সন্ত্ৰাসবাদী আক্ৰমণ হ'ব পাৰে। এনে খবৰ লাভ কৰাৰ পাছতেই মুম্বাই আৰক্ষীয়ে মঙলবাৰে মুম্বাইৰ চেম্বুৰ অঞ্চলৰ এজন লোকক গ্ৰেপ্তাৰ কৰে ৷ এই কথা জানিবলৈ দিছে মুম্বাই আৰক্ষীয়ে ৷
যোৱা 11 ফেব্ৰুৱাৰী মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহে ৷ যাৰ জৰিয়তে প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণলৈ যোৱাৰ সময়ত সন্ত্ৰাসবাদীসকলে তেওঁৰ বিমানত আক্ৰমণ চলাব পাৰে সৰ্তৰবাণী প্ৰেৰণ কৰা হৈছিল ৷ ইতিমধ্যে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি তথা অন্যান্য সংস্থাসমূহক অৱগত কৰি তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে ৷ আৰক্ষী বিষয়াসকলৰ দাবী মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি হুমকি দিয়া ব্যক্তিক চেম্বুৰ এলেকাৰ পৰা আটক কৰা হৈছে ৷ তেওঁ মানসিকভাৱে অসুস্থ বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে এআই একচন সন্মিলনৰ সহ-সভাপতিত্ব কৰে। বিশ্বৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ নেতা, বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অংশগ্ৰহণেৰে সপ্তাহজোৰা এই সন্মিলনৰ সামৰণি পৰিব। মঙলবাৰে ফ্ৰান্সত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীক মাৰ্চেইৰ এখন হোটেলত প্ৰবাসী ভাৰতীয়সকলৰ পৰা উষ্ম অভ্যৰ্থনা জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'নৰ সৈতে আন্তঃৰাষ্ট্ৰীয় থাৰ্মোনিউক্লিয়াৰ এক্সপেৰিমেণ্টেল ৰিএক্টৰ (আইটিইআৰ) প্ৰকল্প পৰিদৰ্শন কৰিব, যি হৈছে পাৰমাণৱিক সংমিশ্ৰণ গৱেষণাৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সকে ধৰি অন্যান্য দেশৰ যৌথ প্ৰচেষ্টা।
ঐতিহাসিক সম্পৰ্কৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ চিনস্বৰূপে প্ৰধানমন্ত্ৰীয়ে বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলক সন্মান জনোৱাৰ বাবে মাজুয়াছ যুদ্ধ সমাধিক্ষেত্ৰও পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণত পৰৱৰ্তী সময়ত আমেৰিকা ভ্ৰমণ কৰাৰ কথাও আছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে দ্বিতীয় কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো দুয়োজন নেতাৰ মাজত প্ৰথম বৈঠক হ'ব।
(এএনআই)

