ETV Bharat / bharat

২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ডে পৰিয়ালৰ সৈতে কথা পাতিবলৈ বিচাৰিছে, NIA লৈ জাননী জাৰি - TAHAWWUR RANA

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাই পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিবলৈ বিচাৰিছে আছিল । পটিয়ালা হাউছ ক'ৰ্টে NIA লৈ জাননী প্ৰেৰণ কৰিছে ।

Mumbai bomb blast mastermind tahawwur rana demands to talk to family members notice issued to NIA by Patiala house court
তাহাউৰ ৰাণা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2025 at 12:00 AM IST

2 Min Read

নতুন দিল্লী : ২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড মুম্বাইৰ আক্ৰমণৰ অভিযুক্ত তথা ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাই পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিবলৈ অনুমতি বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰি পাটিয়ালা হাউছ ক'ৰ্টে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (National Investigation Agency চমুকৈ NIA)লৈ জাননী জাৰি কৰিছে ।

অতিৰিক্ত অধিৱেশন ন্যায়াধীশ হৰদীপ কৌৰে ২৩ এপ্ৰিলত গোচৰৰ পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিয়ে । ১০ এপ্ৰিলত আদালতে তাহাউৰ ৰাণাক ১৮ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ কৰে ।

যোৱা ১০ এপ্ৰিলৰ নিশা প্ৰায় ১০ বজাত পটিয়ালা হাউছ ক’ৰ্টত তাহাউৰ ৰাণাক হাজিৰ কৰাইছিল এন আই এয়ে । যোৱা ১০ এপ্ৰিলৰ সন্ধিয়া দিল্লীৰ পালাম বায়ুসেনা ষ্টেচনত অৱতৰণ কৰাৰ লগে লগে NIA-এ গ্ৰেপ্তাৰ কৰে তাহাউৰ ৰাণাক ।

এইখিনিতে কওঁ যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাণাক প্ৰত্যাৰ্পণৰ বিৰুদ্ধে কৰা আবেদন নাকচ কৰাৰ পিছত ভাৰতীয় সংস্থাৰ এটা দলে তেওঁক আনিবলৈ আমেৰিকালৈ গৈছিল । তাহাউৰ ৰাণা পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ।

২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী আমেৰিকান নাগৰিক ডেভিদ কলমেন হেডলী ওৰফে ডাউড গিলানীৰ ঘনিষ্ঠ সহযোগী ৰাণা ।

Mumbai bomb blast mastermind tahawwur rana demands to talk to family members notice issued to NIA by Patiala house court
পাটিয়ালা হাউছ ক'ৰ্ট (ETV Bharat)

সেই সময়ত ৬৪ বছৰীয়া তাহাউৰ ৰাণাৰ সহযোগত ভাৰতত হেডলীৰ আন্দোলন সহজ হৈ পৰিছিল । পাকিস্তানী মূলৰ তাহাউৰ ৰাণা আৰু ডেভিদ কলমেন হেডলী শৈশৱৰ বন্ধু আছিল আৰু দুয়োজনেই একেখন সামৰিক বিদ্যালয়তে অধ্যয়ন কৰিছিল । ডেভিদ কলমেন হেডলীক সহায় কৰিবলৈ তাহাউৰ ৰাণাই মুম্বাইত এজেন্সী খুলিছিল ।

নিয়াই প্ৰকাশ কৰা প্ৰথমখন অভিযোগনামাত ৰাণা আৰু হেডলীৰ বাহিৰেও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আন ৭ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে । তদন্তৰ সময়ছোৱাত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লেট আৰু হুজিৰ শীৰ্ষ কৰ্মী ক্ৰমে- হাফিজ মহম্মদ ছাইদ ওৰফে তাইজী, জাকি-উৰ-ৰেহমান লখৱী, ছাজ্জিদ মজিদ ওৰফে, ইলিয়াছ কাশ্মীৰী আৰু আব্দুৰ ৰেহমান হাছিম চৈয়দ ওৰফে মেজৰ আব্দুৰ ৰেহমান ওৰফে পাছাৰ ভূমিকা সক্ৰিয় আৰু আই এছ আইৰ বিষয়া তথা মেজৰ ইকবাল ওৰফে মেজৰ আলী আৰু মেজৰ সমীৰ আলী ওৰফে মেজৰ সমীৰৰ পৰা সহায় লৈছে, যিসকলৰ আটাইকেইজনেই পাকিস্তানৰ বাসিন্দা ।

লগতে পঢ়ক : পোহৰলৈ আহিব মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত জড়িত আন একাংশৰ নাম !

লগতে পঢ়ক : তাহাউৰ ৰাণাক লাগে এটা কলম, কাগজ আৰু কোৰাণ: দৈনিক ৮-১০ ঘণ্টা জেৰা চলাইছে "নিয়া"ই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.