ETV Bharat / bharat

৩৪ খন গাড়ীত ৪০০ কিলোগ্ৰাম আৰ ডি এক্স ! এটা ধমকত আৰক্ষীৰ নাকনি-কাননি

মায়ানগৰী মুম্বাইক পুনৰ এবাৰ ৰক্তাক্ত কৰাৰ পৰিকল্পনা পাকিস্তানী সন্ত্ৰাসবাদীৰ ৷ মুম্বাই যান-বাহন আৰক্ষীয়ে হোৱাটছএপ নম্বৰত লাভ কৰিছে এই ধমকি ৷

MUMBAI BLAST THREAT
মুম্বাই আৰক্ষী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 6:27 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই: সম্প্ৰতি গণেশ চতুৰ্থীক কেন্দ্ৰ কৰি উখল-মাখল হৈ আছে দেশৰ বাণিজ্যিক চহৰ মুম্বাই ৷ মুম্বাইৰ প্ৰতিটো অলিয়ে-গলিয়ে চলি আছে গণপতিৰ আৰাধনা ৷ এই আনন্দ-উল্লাসৰ মাজতে বিগত ৩ ছেপ্টেম্বৰত যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ আহিছে এটা ভাবুকি ভৰা বাৰ্তা ৷ য’ত দাবী কৰা হৈছে যে ৩৪ খন বাহনত ৪০০ কিলোগ্ৰাম আৰ ডি এক্স মজুত ৰখা হৈছে ৷ এই খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী সজাগ হৈ পৰে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰে । লগতে প্ৰতিখন পূজাস্থলীক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়ে ৷

কিহৰ ভাবুকি দিয়া হৈছে

মুম্বাই যান-বাহন আৰক্ষীলৈ প্ৰেৰণ কৰা বাৰ্তাটোত দাবী কৰা হৈছে যে ১৪ টা পাকিস্তানী সন্ত্ৰাসবাদী ইতিমধ্যে মুম্বাইত প্ৰৱেশ কৰিছে । গণপতি বিসৰ্জনৰ সময়ত ৪০০ কেজি আৰ ডি এক্সেৰে চহৰখনত আক্ৰমণ কৰা হ’ব বুলিও বাৰ্তাটোত দাবী কৰা হৈছে ।

এই আৰ ডি এক্স ৩৪ খন বাহনত লুকুৱাই ৰখা হৈছে । ইয়াৰ ফলত বৃহৎসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে । আৰক্ষীলৈ প্ৰেৰণ কৰা এই বাৰ্তাত এই আক্ৰমণ ২৬/১১ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতকৈও ডাঙৰ হ’ব বুলি সকীয়নি দিয়া হৈছে । লস্কৰ-ই-জিহাদী নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এই বাৰ্তা প্ৰেৰণ কৰা বুলি প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে ।

আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

গণেশ বিসৰ্জনৰ বাবে গিৰগাঁও চৌপাটী, জুহু বীচ্ আৰু অন্যান্য বিসৰ্জন স্থানত সমবেত হোৱা বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই ভাবুকি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে । এই ভাবুকি লাভ কৰাৰ লগে লগে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ এণ্টি টেৰ’ৰিজম স্কোৱাড (এ টি এছ), চাইবাৰ চেল আৰু চোৰাংচোৱা সংস্থাক অৱগত কৰা হৈছে ।

এই বাৰ্তা প্ৰেৰকক বিচাৰি উলিয়াবলৈ চাইবাৰ চেল ইতিমধ্যে সক্ৰিয় হৈ পৰিছে । মুম্বাই চহৰত মোতায়েন কৰা হৈছে বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনী । ৰাজহুৱা স্থান, বিসৰ্জন পথ, ৰে’ল ষ্টেচন আৰু জনবহুল স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তা । ড্ৰোণ, চি চি টিভি আৰু অতিৰিক্ত নিৰাপত্তা বাহিনীৰ সহযোগত কঠোৰ নিৰীক্ষণ অব্যাহত ৰখা হৈছে মায়ানগৰীখনত ।

পূৰ্বেও লাভ কৰিছিল ভাবুকি

মুম্বাই আৰক্ষীয়ে নাগৰিকসকলক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনোৱাৰ লগতে কোনো সন্দেহজনক কাৰ্যকলাপ বা বস্তু দেখা পালে তৎক্ষণাত ১০০ নম্বৰত ডায়েল কৰিবলৈ বা সমীপৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ পূৰ্বেও মুম্বাই আৰক্ষীয়ে আক্ৰমণৰ এনে ভাবুকি লাভ কৰিছিল ।

মুম্বাইৰ ৱৰ্লীৰ ফ’ৰ ছিজন হোটেল, ছত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু ৰে’ল ষ্টেচনত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে । এই ভাবুকিৰ পিছত আৰম্ভ কৰা তদন্তত অৱশ্যে কোনো সন্দেহজনক বস্তু লাভ নকৰিলে আৰক্ষীয়ে ৷

২০০৮ চনত সংঘটিত হোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে লাভ কৰা এনে ভাবুকিক গুৰুত্ব সহকাৰে লৈছে । সেইবাবেই আৰক্ষীয়ে খৰতকীয়া তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: গণপতি মছজিদ ! একতা-ভাতৃত্ববোধৰ বাৰ্তা বিলাই ৪৫ বছৰে এটা মছজিদত চলি আহিছে গণেশ পূজা