ETV Bharat / bharat

আম্বানী পৰিয়ালৰ চাৰি পুৰুষে একেলগে পাপ খণ্ডালে: কেইবাটাও ডুব মাৰিলে অনন্ত আম্বানীয়ে

আম্বানী পৰিয়ালে স্বামী কৈলাসানন্দ গিৰিৰ সৈতে ত্ৰিৱেণী সঙ্গমস্থলত স্নান কৰে । এখন বিশেষ বিমানৰ পৰা কুম্ভমেলাৰ আকাশী দৃশ্যও উপভোগ কৰে ।

AMBANI FAMILY SANGAM SNAN
সপৰিয়ালে মহাকুম্ভৰ সঙ্গমত স্নান মুকেশ আম্বানীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 10:29 AM IST

2 Min Read
Choose ETV Bharat

প্ৰয়াগৰাজ : গৌতম আদানিৰ পিছত মঙলবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী তেওঁৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনী আৰু মাতৃ কোকিলাবেন আম্বানীৰ সৈতে কুম্ভমেলাত উপস্থিত হয় ।

আম্বানী পৰিয়ালে স্বামী কৈলাসানন্দ গিৰিৰ সৈতে সঙ্গমস্থলত স্নান কৰে । কেৱল সেয়াই নহয়, তেওঁলোকে এখন বিশেষ বিমানৰ পৰা কুম্ভমেলাৰ আকাশী দৃশ্যও উপভোগ কৰে ।

সপৰিয়ালে মহাকুম্ভৰ সঙ্গমত স্নান মুকেশ আম্বানীৰ (ETV Bharat)

বিশেষ বিমানেৰে আম্বানী পৰিয়াল মহাকুম্ভত উপস্থিত

আম্বানী পৰিয়াল মঙলবাৰে এখন বিশেষ বিমানেৰে কুম্ভমেলাত উপস্থিত হয় । আনহাতে, সঙ্গমত পবিত্ৰ স্নানৰ পিছত আম্বানী পৰিয়ালে চিদানন্দ সৰস্বতী আৰু সাধ্বী ভাগৱতী সৰস্বতীৰ পৰা আশীৰ্বাদ ল'বলৈ পৰমাৰ্থ নিকেতন শিবিৰলৈ যায় । তাত তেওঁলোকে বিশ্ব শান্তিৰ বাবে যজ্ঞত আহুতিও আগবঢ়ায় ।

AMBANI FAMILY SANGAM SNAN
মহাকুম্ভত মুকেশ আম্বানী (ETV Bharat)

অনন্ত আম্বানীক পানীত খেলি থকা দেখা যায়

AMBANI FAMILY SANGAM SNAN
মহাকুম্ভত আম্বানী পৰিয়াল (ETV Bharat)

ধন কুবেৰ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীক গঙ্গাত একেলগে কেইবাটাও ডুব মৰা দেখা যায় । তেওঁৰ চকু-মুখত আনন্দৰ হাঁহি স্পষ্ট ৰূপত প্ৰকাশ পায় ।

AMBANI FAMILY SANGAM SNAN
মহাকুম্ভত আম্বানী পৰিয়াল (ETV Bharat)

গঙ্গাত স্নান কৰাৰ সময়ত অনন্ত আম্বানীক যথেষ্ট আনন্দিত দেখা গৈছিল । আনহাতে, ডুব মাৰি থকাৰ সময়ত তেওঁ কেইবাবাৰো ভাৰসাম্য হেৰুওৱাও প্ৰত্যক্ষ কৰা হয় । এই সময়ত কেইবাজনো লোকে তেওঁক ভাৰসাম্য ৰক্ষাত সহায় কৰে । স্নানৰ পিছত স্বামী কৈলাসানন্দ গিৰিয়ে মন্ত্ৰ উচ্চাৰণ কৰি গংগাৰ পানীৰে অনন্ত আম্বানীৰ মুখত হাত বুলোৱাও দেখা যায় ।

চাৰি প্ৰজন্মৰ সৈতে মহাকুম্ভত উপস্থিত মুকেশ আম্বানী

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী চাৰি প্ৰজন্মৰ সৈতে কুম্ভমেলা চহৰত উপস্থিত হয় । তেওঁৰ সৈতে তেওঁৰ মাতৃ কোকিলাবেন, পুত্ৰ-বোৱাৰী আকাশ-শ্লোকা আৰু অনন্ত-ৰাধিকা আৰু নাতি-নাতিনী পৃথিৱী আৰু বেদো আছিল ।

AMBANI FAMILY SANGAM SNAN
কুম্ভমেলাত অনন্ত আম্বানী (ETV Bharat)

আনহাতে, সঙ্গম স্নানৰ পিছত আম্বানী পৰিয়ালে নিৰঞ্জনী আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ স্বামী কৈলাসানন্দ গিৰি মহাৰাজৰ উপস্থিতিত গঙ্গাক পূজাও আগবঢ়ায় । স্নানৰ পিছত পৰিয়ালটো পৰমাৰ্থ নিকেতন আশ্ৰমত উপস্থিত হৈ অনাময় কৰ্মী, নাৱৰীয়া আৰু তীৰ্থযাত্ৰীসকলক মিঠাই বিতৰণ কৰে । পৰিয়ালৰ সদস্যসকলে তীৰ্থযাত্ৰীসকলক খাদ্য প্ৰসাদো বিতৰণ কৰে ।

লগতে পঢ়ক :মহাকুম্ভৰ পবিত্ৰ ত্ৰিবেণী সংগমত ডুব মাৰিলে ৰাষ্ট্ৰপতিয়ে - MAHA KUMBH 2025
লগতে পঢ়ক :পাপ খণ্ডাবৰ বাবে সুদূৰ পাকিস্তানৰ পৰা মহাকুম্ভলৈ আহিল ৬৮ টা হিন্দু পৰিয়াল - MAHA KUMBH MELA 2025