ETV Bharat / bharat

শ্বিলঙত হোটেলৰ বাহিৰত কি কৰিছিল ৰাজা আৰু সোণমে ?

মধ্যপ্ৰদেশৰ দম্পতী ৰাজা আৰু সোণমৰ আন এটা ভিডিঅ' ভাইৰেল হৈছে । সন্ধানহীন হোৱাৰ পূৰ্বে এখন হোটেলৰ বাহিৰত দেখা গৈছিল দুয়োকে ।

MP Honeymoon couple missing case
সন্ধানহীন হোৱাৰ পূৰ্বে ৰাজা আৰু সোণম (Screengrab from viral video)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 4:40 PM IST

3 Min Read
Choose ETV Bharat

ইন্দোৰ : মেঘালয়ৰ শ্বিলঙত হনিমুনলৈ যোৱা দম্পতী ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীৰ সৈতে সংঘটিত ঘটনাক লৈ সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া অব্যাহত আছে । ইতিমধ্যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও সন্ধানহীন হৈ আছে সোণম ।

ইফালে শ্বিলঙত থকা সময়ত দম্পতীটোৰ এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে । প্ৰায় ৫ মিনিটৰ ভিডিঅ'টোত দুয়োকে শ্বিলঙৰ এখন হোটেলৰ সন্মুখত দেখা গৈছে । দুয়ো সন্ধানহীন হোৱাৰ কেইঘণ্টামানৰ পূৰ্বৰ ভিডিঅ' বুলি দাবী কৰা দেখা গৈছে । শ্বিলঙৰ এখন হোটেলে তাত থকা স্থানীয় নিউজ চেনেল এটাক এই ফুটেজ প্ৰদান কৰা হৈছিল, তাৰ পিছত সেই ভিডিঅ' ৰাজাৰ পৰিয়াললৈ প্ৰেৰণ কৰা হয় ।

ৰাজা আৰু সোণমৰ এই ভাইৰেল ভিডিঅ'টোত দুয়োকে ছোহৰা পাহাৰৰ সমীপত এখন স্কুটীত ঘূৰি ফুৰা দেখা গৈছে । ইয়াৰ পিছত তেওঁলোকে হোটেলৰ বাহিৰত ৫ মিনিটমান সময় ৰৈছে । ভিডিঅ'টোত দেখা গৈছে যে দুয়ো ৰেইনকোট পৰিধান কৰি আহিছিল । সোণমৰ হাতত বগা ছুটকেছ এটাও দেখা গৈছে । জানিব পৰা মতে, সেইটো সোণমৰ বেগ আছিল, যিটো তেওঁ নিজৰ লগত আনিছিল ।

লগতে পঢ়ক : ৰঘুবংশীক ঘপিয়াই হত্যা কৰিছিল নেকি ? দাখন কাৰ ? আৰক্ষীৰ আগত বহুকেইটা প্ৰশ্নবোধক - INDORE YOUTH MURDER IN SHILLONG

ভিডিঅ'টোত সোণমক চিন্তিত (Tension) দেখা গৈছে

ভিডিঅ'টোত দেখা গৈছে যে ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণম সম্ভৱতঃ এখন হোটেলৰ বাহিৰত ৰৈছিল । ইয়াৰ মাজতে কিছু সময়ৰ পাছত সোণমে হেলমেট খুলি তাৰ পিছত ৰেইনকোটটোও খুলি দিয়ে । দুয়ো বগা বেগ এটাৰ পৰা কপোৰ আৰু আন সামগ্ৰী উলিয়াই থকা দেখা গৈছে । ইয়াৰ পিছত ৰাজা কিছু কামৰ বাবে হোটেলৰ ভিতৰলৈ যায় । এই সময়ছোৱাত সোণমক স্কুটীখনত অকলে বহি থকা দেখা গৈছে আৰু অলপ চিন্তিত যেন দেখা গৈছে । তাৰ পিছত ৰাজাক হোটেলৰ বাহিৰলৈ ওলাই অহা দেখা যায় ।

এছটিএফৰ হাতত পৰিছে সোণম-ৰাজাৰ দ্বিতীয়টো ভিডিঅ'

দুয়োকে কেমেৰাত বহু সময়লৈ দেখা যায় । ৰাজা ঘূৰি অহাৰ লগে লগে স্কুটীৰ পৰা কিছু দূৰৈত সোণমক দেখা যায় । সেই সময়ত সোণমক নিজৰ ফোনত ব্যস্ত দেখা যায় । কিছু সময়ৰ পাছত দুয়ো যি পথেৰে আহিছিল সেই পথেৰেই উভতি যায় ।

জানিব পৰা মতে ঘটনাৰ বিশেষ তদন্তকাৰী দলটোৱে এই ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে । একে সময়তে সোণমৰ সন্ধানো তীব্ৰতৰ কৰা হৈছে । কিন্তু সকলোৰে মনত উদয় হোৱা একমাত্ৰ প্ৰশ্নটো হ'ল সোণম ক'ত গ'ল ? ৰাজাৰ দৰেই অনুৰূপ ঘটনা ঘটিল নেকি সোণমৰ সৈতে ? দুয়ো কোনো ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি ?

ইয়াৰ পূৰ্বেও ১৫ ছেকেণ্ডৰ এটা ভিডিঅ' ভাইৰেল হৈছিল

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শ্বিলঙৰ পৰা ৰাজা আৰু সোণমৰ আন এটা চিচিটিভি ফুটেজ পোহৰলৈ আহিছিল । সেই ১৫ ছেকেণ্ডৰ ফুটেজত আন এখন হোটেলৰ চিচিটিভিত দেখা গৈছিল ৰাজা আৰু সোণমক । ইয়াৰ পিছত আন এটা স্থানৰ চিচিটিভিত দুয়ো ধৰা পৰাত গোচৰটোৱে নতুন ৰূপ লৈছে ।

লগতে পঢ়ক : সুখকৰ নহ’ল ৰাজা-সোণমৰ শ্বিলং ভ্ৰমণ ! হনিমুনলৈ আহি মৃত্যুক সাবটিলে ব্য়ৱসায়ীয়ে - INDORE COUPLE MISSING IN SHILLONG