ETV Bharat / bharat

ছ'ফিয়া কুৰেশ্বীক লৈ বিজয় শ্বাহৰ বিতৰ্কিত বক্তব্য, কৰ্ণেলৰ ভাতৃয়ে দিছে উত্তৰ - CONGRESS DEMAND VIJAY SHAH RESIGN

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিতৰ্কিত বক্তব্য, কৰ্ণেল ছ'ফিয়া কুৰেশ্বীক লক্ষ কৰি লোৱাৰ বাবে কংগ্ৰেছে কৰিছে প্ৰতিবাদ ।

CONGRESS DEMAND VIJAY SHAH RESIGN
মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহ (ETV Bharat))
author img

By ETV Bharat Assamese Team

Published : May 13, 2025 at 9:41 PM IST

3 Min Read

ভূপাল : আকৌ বিতৰ্কিত মন্তব্য কৰি চৰ্চাত আছে বিজয় শ্বাহ । বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰাৰ পাচৰে পৰা তেওঁৰ যেন ৰাজনীতিৰ জীৱন সম্পূৰ্ণ বন্ধ হৈ পৰিছে ।

কিন্তু এইবাৰ কোনো নাম নোলোৱাকৈয়ে তেওঁ কৰ্ণেল ছ'ফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি অভিহিত কৰে । এই সন্দৰ্ভত কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ ভাতৃ চুলেমানে কয়, "তেওঁ মোৰ ভগ্নী হোৱাৰ আগতে তেওঁ দেশৰ কন্যা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ প্ৰতি সচেতন হোৱা উচিত ।"

  • যেতিয়া বিষয়টো তীব্ৰতৰ হৈ পৰে তেতিয়া শ্বাহে স্পষ্টীকৰণ দিয়া দেখা গ’ল

বিজয় শ্বাহে নিজৰ স্পষ্টীকৰণত কয়, "আমাৰ প্ৰধানমন্ত্ৰীয়ে সেন্দূৰ মচি দিয়া সকলক যিদৰে উত্তৰ দিছে, আমাৰ ভগ্নীসকলৰ লগত যি হৈছিল, তেওঁলোকক নিজৰ ভাষাত উত্তৰ দিয়া হৈছে । মই ক'ব বিচাৰো যে মোৰ ভাষণ সেই প্ৰেক্ষাপটত দেখা উচিত নহয়, যিসকলে মোৰ ভাষণক বেলেগ প্ৰেক্ষাপটত দেখিছে, মই তেওঁলোকক ক'ব বিচাৰো যে এইটো এই প্ৰসংগত নহয় ।"

কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ সন্দৰ্ভত মন্ত্ৰী বিজয় শ্বাহৰ বক্তব্য সেই সময়ত আহিছে, যেতিয়া সমগ্ৰ দেশে নিজৰ কন্যাক লৈ গৌৰৱ কৰি আছে । কৰ্ণেল ছ'ফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষই অপাৰেশ্যন সেন্দূৰৰ বিষয়ে জানিবলৈ পাৰিছিল ।

কৰ্ণেল ছ'ফিয়া কুৰেশ্বী মধ্য প্ৰদেশৰ অন্তৰ্গত ৰাজ্যৰ নৌগাঁৱত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে । মধ্যপ্ৰদেশৰ সেই একে ঠাইৰ পৰাই চৰকাৰত থকা মন্ত্ৰীগৰাকীয়ে এই বিতৰ্কিত বক্তব্য কৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালপত কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ ভাতৃ বাণ্টী চুলেমানে কয়, "ছ'ফিয়া মোৰ ভগ্নী, কিন্তু তাৰ আগতে তেওঁ সমগ্ৰ দেশৰ ছোৱালী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ মন্ত্ৰীয়ে কৰা বক্তব্যৰ প্ৰতি নজৰ দিব লাগে ।"

কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ বক্তব্যক লৈ কংগ্ৰেছে পদত্যাগ দাবী

কৰ্ণেল ছ'ফিয়া কুৰেশ্বীক লৈ মন্ত্ৰী বিজয় শ্বাহে কৰা অপমানজনক মন্তব্য সন্দৰ্ভত বিৰোধী দলপতি উমাং সিংহাৰে কয়, "মন্ত্ৰী বিজয় শ্বাহে শীৰ্ষ সেনা বিষয়াক লৈ দিয়া বক্তব্য কেৱল লজ্জাজনক নহয়, ই সেনা আৰু মহিলা উভয়ৰে বাবে অপমানজনক । সেয়া সেনা বিষয়া হওক বা সৈনিক হওক, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁক হিন্দু বা মুছলমান বুলি গণ্য কৰা নহয় ।"

আনহাতে, কংগ্ৰেছৰ মিডিয়া চেলৰ ৰাজ্যিক মুৰব্বী মুকেশ নায়কে কয়, "মন্ত্ৰী বিজয় শ্বাহৰ পদত্যাগ শীঘ্ৰে কৰিব লাগে ।"

লগতে পঢ়ক : যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় সামৰিক বাহিনী সম্পূৰ্ণ সাজু আৰু সজাগ হৈ আছে : কমাণ্ডাৰ ৰঘু আৰ নাইৰ

লগতে পঢ়ক : আমাৰ যুদ্ধ সন্ত্রাসবাদৰ বিৰুদ্ধেহে, পাকিস্তানৰ বিৰুদ্ধে নহয়: এয়াৰ মাৰ্শ্বেল এ কে ভাৰতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.