ETV Bharat / bharat

দুটা ৰে'লপথ গুৰুদুজনাৰ নামেৰে নামকৰণৰ দাবী সাংসদ দিলীপ শইকীয়াৰ

ক'ভিডকালীন সময়ৰ পৰা বন্ধ থকা ৰে’ল ষ্টপেজসমূহ পুনৰ আৰম্ভ কৰাৰ দাবী সাংসদগৰাকীৰ । কাঠফুলাৰ দৰে গঢ়ি উঠা ডিজিটেল তথা প’ৰ্টেলসমূহৰ ক্ষেত্ৰতো নীতি-নিয়ম প্ৰৱৰ্তনৰ দাবী ৷

MP DILIP SAIKIA
সাংসদ দিলীপ শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 9:08 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰে'লপথ ক্ৰমে- গুৱাহাটী-দিল্লী-গুৱাহাটী আৰু গুৱাহাটী-চেন্নাই-গুৱাহাটী পথ দুটা মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাকৰণ কৰিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই জনাইছে আহ্বান ৷

সংসদত ৰেল মন্ত্ৰালয়ৰ ২০২৫-২৬ বৰ্ষৰ দাবী পৰিপূৰক মঞ্জুৰিৰ ওপৰত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি মঙলবাৰে দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শইকীয়াই এই দাবী উত্থাপন কৰে । বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই নিজৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত দৰং-ওদালগুৰি জিলাত ৰে’ল সংযোগৰ অভাৱ, নতুন ৰে’লসেৱাৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন ৰে’ল ষ্টেচনত বন্ধ হৈ থকা ষ্টপেজসমূহ পুনৰ আৰম্ভ কৰা আদি বিষয় সন্দৰ্ভতো গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে ।

MP DILIP SAIKIA
গুৰুদুজনাৰ নামেৰে নামাকৰণ কৰাৰ দাবী দুটাকৈ ৰে’লপথ (ETV Bharat Assam)

সদনত শইকীয়াই কয়, "দৰং জিলা এতিয়াও ৰে’ল সংযোগৰ সুবিধা নোপোৱাকৈ আছে ৷ যাৰ ফলত অঞ্চলটোৰ সাধাৰণ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে" ৷

লক্ষণীয় বিষয় যে ইতিপূৰ্বেও ব্যক্তিগত বৈঠক, সংসদীয় আলোচনা আৰু ৰে’লমন্ত্ৰীৰ সৈতে চিঠি-পত্ৰৰ জৰিয়তে এই দাবী তেওঁ উত্থাপন কৰি আহিছিল । এই বিষয়ত শইকীয়াই কেন্দ্ৰীয় চৰকাৰক সোনকালে ব্যৱস্থা লবলৈ অনুৰোধ জনায় ।

অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰেলপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাকৰণ কৰিবলৈ অনুৰোধ জনাই সাংসদ শইকীয়াই কয়, "মহাপুৰুষসকলৰ অৱদান অসম তথা ভাৰতৰ কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত ৷ সেয়েহে ৰে’লসমূহৰ নামাকৰণে তেওঁলোকৰ স্মৃতিক সন্মান জনোৱা হ’ব ৷"

আনহাতে, সাংসদগৰাকীয়ে ক'ভিড-১৯ মহামাৰীৰ সময়ত বন্ধ হৈ থকা বিভিন্ন ৰে’লৰ ষ্টপেজসমূহ পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও দোহাৰে । বিশেষকৈ খৈৰাবাৰী, ডেকাৰগাঁও, গোৰেশ্বৰ, মাজবাট, টংলা আৰু ওদালগুৰি ৰে’ল ষ্টেচনত ৰৈ যোৱা ৰে’লসমূহৰ ষ্টপেজ পুনৰ আৰম্ভ কৰাৰ জৰিয়তে স্থানীয় ৰাইজৰ সুবিধা নিশ্চিত কৰিব পাৰি ।

উল্লেখ্য যে সাংসদ শইকীয়াই ডিব্ৰুগড়-গুৱাহাটী ৰে’লপথত ৰঙিয়া আৰু ওদালগুৰি হৈ নতুনকৈ বন্দে ভাৰত এক্সপ্ৰেছ চলাবলৈও দাবী উত্থাপন কৰে । এই ৰে’লখনে উচ্চ গতিসম্পন্ন সুবিধাসমূহ আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলৰ যাত্ৰীৰ বাবে এক নতুন বিকল্প সৃষ্টি কৰিব ।

যাতায়াতৰ সুবিধাৰ স্বাৰ্থত গুৱাহাটী-জগদলপুৰ (ওড়িশা) পোনপটীয়া নতুন ৰে’লসেৱা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । উক্ত ৰে’লসেৱা আৰম্ভ হ’লে অসম-ওড়িশা সংযোগ অধিক সুদৃঢ় হোৱাৰ লগতে অসমৰ উড়িয়া জনগোষ্ঠীৰ যাতায়াতৰ অসুবিধা দূৰ হ’ব বুলি সাংসদগৰাকীয়ে কয় ।

MP DILIP SAIKIA
প’ৰ্টেলৰ ক্ষেত্ৰত নীতি-নিয়মৰ পোষকতা (ETV Bharat Assam)

প’ৰ্টেল নিউজ চেনেলসমূহৰ বাবে নিয়ন্ত্ৰক কৰ্তৃত্ব গঠনৰ দাবী:

মঙলবাৰে সদনৰ নিয়ম ৩৭৭ ৰ অধীনত দেশত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ অতি নিম্নমানৰ ডিজিটেল তথা প'ৰ্টেল নিউজ চেনেলে কিদৰে দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মান-মৰ্যাদা হানি কৰিছে সেই সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াই সদনৰ দৃষ্টি আকৰ্ষণ কৰে । বিষয়টো গুৰুত্ব সহকাৰে উপস্থাপন কৰাৰ লগতে এনে একাংশ অনলাইন নিউজ প'ৰ্টেলে কিদৰে মিছা বাখ্যাৰ জৰিয়তে ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক আদি বিভিন্ন ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছে, সেই সন্দৰ্ভত তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

কাঠফুলাৰ দৰে গঢ়ি উঠা এনে ডিজিটেল তথা প’ৰ্টেল নিউজ চেনেলসমূহ নিয়ম-নীতিৰ মাজেৰে অনুমতি প্ৰদান কৰা আৰু ইয়াৰ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰক এটি নিয়ন্ত্ৰক কৰ্তৃত্ব (Regulations Authority) গঠন কৰিবলৈ বিজেপিৰ সাংসদ শইকীয়াই সদনত দাবী উত্থাপন কৰে

লগতে পঢ়ক: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানৰ সঠিক ৰে’ল সেৱাৰ প্ৰয়োজন: অজিত কুমাৰ ভূঞা - RAILWAY ACTIVITIES IN ASSAM