দেওঘৰ : সচৰাচৰ নেদেখা এক বিৰল দৃশ্য় । মানৱ প্ৰেমত বন্দী বান্দৰ এটাই কান্দিছে মৃতদেহৰ ওচৰত বহি । এই ঘটনাটো ঝাৰখণ্ডৰ দেওঘৰৰ । এটা মৃতদেহৰ চিতাত বান্দৰে খৰি দিয়া আৰু মৃতদেহৰ ওচৰত বহি কান্দি থকা দৃশ্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পচতেই বিষয়টোৱে চৰ্চা লাভ কৰিছে ।
মানুহে জন্তুক মৰম কৰাটো তেনেই সাধাৰণ কথা; কিন্তু জন্তুই যেতিয়া মানুহৰ দুখৰ সমভাগী হৈ পৰে তেতিয়া সেয়া বিৰল ঘটনা বুলিয়েই আখ্য়া দিয়া হয় । যেতিয়া এটি জন্তুৰ মানুহৰ প্ৰতি মৰম উপজে তেতিয়া তাৰ কোনো সীমা নাথাকে । এনে এক দৃশ্যই দেখা পোৱা গ'ল ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ ব্ৰমচলীত ।
এজন লোকৰ আকস্মিকভাৱে মৃত্যু হোৱাত তেওঁক অন্তিমবাৰৰ বাবে চাবলৈ গাঁৱৰ সকলোলোকে তেওঁৰ ঘৰত উপস্থিত হৈছিল । সেই সময়তেই তাত উপস্থিত হয় এটা বান্দৰ । এই বান্দৰটোৱে মৃতদেহটোৰ ওচৰত বহি কান্দিবলৈ ধৰিলে । মৃতদেহটো সাৱটি কেৱল কান্দোনতেই ক্ষান্ত নাথাকিল । ইয়াৰ পিচতেই বান্দৰটোৱে চিতাত খৰিও দিলে । এই দৃশ্য় প্ৰত্য়ক্ষ কৰি তাত উপস্থিত হোৱা সকলোলোকেই আচৰিত হৈ পৰে । বহুতেই এই দৃশ্য়টো বন্দী কৰিলে ম'বাইলত । লগে লগে ভাইৰেল হৈ পৰিল এই বিষয়টো ।

এই দৃশ্যৰ প্ৰতক্ষ্যদৰ্শী মাহেশ সিং, মোহন চৌধুৰী আৰু বৰুণ সিঙে কয়, "লোকজনৰ আকস্মিক মৃত্যুৰ পাছত মৃতদেহটো ঘৰৰ বাহিৰত ৰখা হৈছিল যাতে সমাজৰ আন লোকসকলে আহি অন্তিম দর্শন কৰিব পাৰে । এই সময়ত এটা বান্দৰ আহিল মৃতদেহটোত চুমা খাবলৈ ধৰিলে । তেওঁৰ ঘৰৰ ওচৰত থকা সকলো জীৱ-জন্তুকেই মৰম কৰিছিল । স্থানীয় লোকে এই দৃশ্য দেখি আচৰিত হৈছে । বান্দৰটোৱে আনকি মৃতদেহ শ্মশানলৈ নিয়াৰ সময়তো একেলগে হৈছিল ।"
এই দৃশ্য দেখি সকলোৱে বান্দটোকে সেৱাও জনালে । কিছুমানে এই ঘটনাক ভগৱানৰ লীলা বুলি বৰ্ণনা কৰিছে ।