ETV Bharat / bharat

মোদীৰ মনটো শান্ত, কিন্তু প্ৰবাহিত ৰক্ত উষ্ণ; সেন্দূৰ মোৰ ধমনীত প্ৰবাহিত হৈ আছে: প্ৰধানমন্ত্ৰী মোদী - PM MODI ON TERRORISM

ৰাজস্থানৰ বিকানেৰত প্ৰধানমন্ত্ৰী মোদীয়ে এক জনসভা সম্বোধন কৰি দেশৰ শত্রু আৰু সন্ত্ৰাসবাদীলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰে ।

PM Modi on terrorism
প্ৰধানমন্ত্ৰী মোদী ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 4:12 PM IST

4 Min Read

বিকানেৰ : সেন্দূৰ অভিযানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ ভূমিত উপস্থিত হয় । বৃহস্পতিবাৰে বিকানেৰ আৰু পালানাত তেওঁ জনসভা সম্বোধন কৰে । এই জনসভাৰ পৰা তেওঁ পহলগাম আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কয় যে ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় সুধি আমাৰ ভগ্নীসকলৰ শিৰৰ সেন্দূৰ মচি পেলাইছিল ।

গুলী পহলগামত চলিছিল, কিন্তু সেই গুলীবোৰে ১৪০ কোটি দেশবাসীৰ বুকুত আঘাত দিছিল । তাৰ পাছত প্ৰতিগৰাকী দেশবাসীয়ে একত্ৰিত হৈ সংকল্পবদ্ধ হৈছিল যে সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়া হ'ব । তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি দিয়া হ’ব । দেশৰ সেনাৰ সাহসিকতাৰ বাবে আমাৰ সকলোৰে উক্ত প্ৰতিশ্রুতি পূৰণ হ'ল । আমাৰ চৰকাৰে সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে । সেনাৰ তিনিওটা বাহিনীয়ে মিলি এনে এক চক্রবেহু ৰচনা কৰে যে পাকিস্তানে আঁঠু ল'বলৈ বাধ্য হয় ।

২২ এপ্ৰিলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ২২ মিনিটতে সন্ত্ৰাসবাদীৰ ৯টা আটাইতকৈ ডাঙৰ ঘাটি ধ্বংস কৰা হৈছে । বিশ্বই, দেশৰ শত্রুসকলে দেখিলে যে যেতিয়া সেন্দূৰ বাৰুদলৈ ৰূপান্তৰ হয়, তেতিয়া ইয়াৰ পৰিণাম কি হ'ব পাৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইটো এক কাকতালীয় কথা যে ৫ বছৰ পূৰ্বে বালাকোটত দেশে বিমান আক্ৰমণ কৰিছিল । তাৰ পিছতো তেওঁ প্ৰথম জনসভা ৰাজস্থান সীমান্তত সম্বোধন কৰিছিল । এতিয়া অপাৰেশ্যন সেন্দূৰৰ পাছতো তেওঁ প্ৰথম জনসভা এই বীৰভূমিতে সম্বোধন কৰিছে ।

এয়া হৈছে ভাৰতৰ নৱতম ৰূপ

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে সেন্দূৰ মচিবলৈ আহিছিল, তেওঁলোকক মাটিত মিহলাই দিয়া হৈছে । যিয়ে হিন্দুস্তানৰ ৰক্ত বোৱাবলৈ চেষ্টা কৰিছিল, আজি সিহঁতৰ ওপৰত গণি গণি প্ৰতিশোধ লোৱা হৈছে । সিহঁতে ভাবিছিল যে ভাৰত মনে মনে থাকিব । যিয়ে নিজৰ অস্ত্ৰৰ ওপৰত অহংকাৰ কৰিছিল, আজি সিহঁত ধ্বংসস্তূপৰ মাজত চেপা খাই আছে । এয়া কেৱল প্ৰতিশোধৰ খেল নহয়, ন্যায়ৰ নতুন স্বৰূপ । এয়া হৈছে অপাৰেশ্যন সেন্দূৰ । এয়া কেৱল আক্রোশ নহয়, এয়া হৈছে শক্তিশালী ভাৰতৰ ৰৌদ্ৰ ৰূপ । এয়া হৈছে ভাৰতৰ নৱতম ৰূপ ।

সন্ত্ৰাসবাদৰ সৈতে মোকাবিলাৰ ৩ সূত্র

তেওঁ কয় যে প্ৰথমে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিলোঁ, এতিয়া পোনে পোনে বুকুত আঘাত কৰা হৈছে । সন্ত্ৰাসবাদৰ পুলি-পোঁখা উভলাৰ এয়াই হৈছে নীতি, এয়াই ৰীতি । এয়াই হৈছে নতুন ভাৰত । এতিয়া সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ৩ সূত্র আছে । প্ৰথম, ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ'লে কঠোৰ উত্তৰ পাব । সময় আমাৰ সেনাবাহিনীয়ে নিৰ্ধাৰণ কৰিব । পদ্ধতিও সেনাই নিৰ্ধাৰণ কৰিব আৰু চৰ্তও আমাৰ হ'ব । দ্বিতীয়, পৰমাণু বোমাৰ ভাবুকিত ভাৰত ভয় খোৱাবিধৰ নহয় । তৃতীয়, সন্ত্ৰাসবাদৰ ৰূপকাৰ আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক চৰকাৰক পৃথক পৃথক ভাবে চোৱা নহ'ব । দুয়োকে একেই গণ্য কৰা হ'ব । পাকিস্তানৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যকলাপৰ খেল নচলিব ।

পাকিস্তানে ভাৰতৰ সৈতে কেতিয়াও প্ৰত্যক্ষ যুদ্ধত জয়ী হ'ব নোৱাৰে

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে সম্পূৰ্ণ বিশ্বত পাকিস্তানৰ মুখা খুলিবলৈ দেশৰ পৰা সাতটা প্ৰতিনিধি দল বিশ্বজুৰি উপস্থিত হৈ আছে । ইয়াত সকলো দলৰ লোক আছে । পাকিস্তানৰ প্ৰকৃত স্বৰূপ সম্পূৰ্ণ বিশ্বক দেখুওৱা হ'ব । পাকিস্তানে ভাৰতৰ সৈতে কেতিয়াও প্ৰত্যক্ষ যুদ্ধত জিকিব নোৱাৰে । যেতিয়াই প্ৰত্যক্ষ যুদ্ধ সংঘটিত হয় তেতিয়াই পাকিস্তানে মুখথেকেচা খায় ।

পাকিস্তানে সন্ত্রাসবাদক ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে । স্বাধীনতাৰ পাছৰ বহু দশক ধৰি এইটো চলি আহিছে । পাকিস্তানে সন্ত্রাসবাদ বিয়পায়, মানুহক হত্যা কৰি ভাৰতত ভয়ৰ পৰিৱেশ সৃষ্টি কৰে । এইবাৰ পাকিস্তানে পাহৰি গৈছে যে বৰ্তমান মা ভাৰতীৰ সেৱক মোদী ইয়াত বুকু ফুলাই থিয় হৈ আছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী বিকানেৰৰ পৰা 36000 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত কিষ্টৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী - JAMMU KASHMIR ENCOUNTER
লগতে পঢ়ক :পাকিস্তানৰ সন্ত্ৰাসবাদপ্ৰীতি উদঙাবলৈ ইউএইত ভাৰতৰ প্ৰতিনিধি দল - INDIA ALL PARTY DELEGATION IN UAE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.