ETV Bharat / bharat

কুটুব মিনাৰতকৈয়ো ওখ এখন ৰে'লৱে দলং: ই টিভি ভাৰতৰ কেমেৰাত বন্দী নান্দনিক ৰূপ

উত্তৰ-পূবৰ বাবে এক বিশেষ সংযোজন ভাৰতীয় ৰে'লৱেৰ । বৈৰাবীৰ পৰা সৈৰাঙৰ মাজৰ দলঙে আকৰ্ষণ কৰিছে পৰ্যটকক ।

Mizoram Aizawl Bairabi Sairang 51 km Railway Line
মিজোৰামলৈ চলিব ভাৰতীয় ৰে'ল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2025 at 4:49 PM IST

3 Min Read
Choose ETV Bharat

আইজল: দুৰ্গম পাহাৰৰ মাজেৰে দেশৰ ৰে'ল সেৱাৰ বিস্তাৰ নিৰৱচ্ছিন্নভাৱে চলি আছে । ইয়াৰ মাজতে স্বাধীনতাৰ ৭৮ বছৰ পিছত এতিয়া ৰে'ল সেৱা আৰম্ভ হৈছে মিজোৰামৰ পাহাৰৰ মাজেৰে । ১৩ চেপ্টেম্বৰত মিজোৰামৰ বৈৰাবীৰ পৰা সৈৰাংগলৈ এই নতুন ৰে'ল লাইন উদ্বোধন কৰা হ'ব ।

উল্লেখ্য যে ২৯ নৱেম্বৰ ২০১৪ ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালিগাঁওস্থিত ৰে'লৱে ষ্টেডিয়ামত আয়োজিত এক সমাৰোহত ৰিম'টযোগে মিজোৰামৰ বৈৰাগীৰ পৰা সৈৰাঙলৈ ৫১ কিঃমিঃ দৈৰ্ঘৰ এই নতুন ৰে'ল লাইনৰ আধাৰশিলা স্থাপন কৰিছিল । ইয়াৰ পিছতে ২১ মাৰ্চ ২০১৬ত চাৱলৰ পৰা লদেলৈ প্ৰথম ব্ৰডগজ বাণিজ্যিক মালগাড়ী মিজোৰামৰ বৈৰাবী ষ্টেচনত সফলতাৰে উপস্থিত হয় । ২৭ মে' ২০১৬ ত প্ৰধানমন্ত্ৰীয়ে বৈৰাবীৰ পৰা শিলচৰৰ মাজত যাত্ৰীবাহী ট্ৰেইনৰ ফ্লেগঅফ কৰে ।

মিজোৰামলৈ চলিব ভাৰতীয় ৰে'ল (ETV Bharat Assam)

বৈৰাবী-সৈৰাং নতুন ৰে'ল লাইনৰ প্ৰকল্পৰ অন্তিম খণ্ড হৌৰটৌকীৰ পৰা সৈৰাংলৈকে চলিত বৰ্ষৰ ৬ আৰু ১০ জুন ২০২৫ ত পূৰ্বোত্তৰ সীমান্ত মণ্ডলত সুৰক্ষা আয়ুক্তই নিৰীক্ষণ কৰে । এয়া এক মহত্বপূৰ্ণ উপলব্ধি আছিল । প্ৰথমবাৰ মিজোৰামৰ ৰাজধানী আইজলৰ পৰা পোনে পোনে ৰে'ল সংযোগৰ ৰাস্তা খোলা হয় ।

এই ৰে'ল লাইনে মিজোৰামক ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্ক সৈতে জড়িত কৰাৰ ক্ষেত্ৰত চতুৰ্থ পূৰ্বোত্তৰ ৰাজ্য হিচাপে বিবেচিত কৰে ।

কুটুব মিনাৰতকৈয়ো ওখ দলং:

আটাইটকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এই ৰে'লপথৰ মাজৰ এখন দলঙৰ উচ্চতা দিল্লীৰ কুটুব মিনাৰতকৈয়ো বেছি । দলংখনৰ উচ্চতা ১১৪ মিটাৰ, বিপৰীতে কুটুব মিনাৰৰ উচ্চতা ৭২.৫ মিটাৰহে । ট্ৰেকৰ গতি প্ৰতিঘণ্টাত ১১০ কিঃমিঃ হ'ব । এই ৰে'ল লাইন নিৰ্মাণ হোৱাৰ পিছত বৈৰাবীৰ পৰা আইজললৈকে যাবলৈ বৰ্তমান মাত্ৰ ১:৩০ ঘণ্টাৰহে প্ৰয়োজন হ'ব ।

ৰে'লৱে লাইনৰ মুখ্য বিশেষত্ব:

  • মুঠ দৈৰ্ঘ: ৫১.৩৮ কিঃমিঃ
  • ষ্টেচন: ৪ টা(হাৰ্টুকী, কৌনপুই, মূলখাগ আৰু সৈৰাংগ)
  • সুৰংগ: ৪৮ টা (মুঠ দৈৰ্ঘ ১২.৮ কিঃমিঃ)
  • দলং: ৫৫ খন ডাঙৰ আৰু ৮৭ খন সৰু, লগতে ৫ খন অভাৰব্ৰীজ আৰু ৬ খন আণ্ডাৰব্ৰিজ
  • সকলোতকৈ ওখ দলং: নম্বৰ ১৯৬, উচ্চতা ১০৪ মিটাৰ(কুটুবমিনাৰতকৈয়ো ওখ)
  • ট্ৰেকৰ গতি: ১১০ কিঃমিঃ প্ৰতি ঘণ্টা
  • খৰচ: ৮০৭১ কোটি টকা
  • বৈৰাবী-হৌৰটৌকী:(16.72 কিঃমিঃ)-জুলাই, ২০২৪ ত আৰম্ভ হৈছিল
  • হৌৰটৌকী-কাৱনপুই:(৯.৭১ কিঃমিঃ)-জুন ২০২৫ ত আৰম্ভ হৈছিল
  • কাৱনপুই-মুৱালখাগ:(১২.১১ কিঃমিঃ)-জুন ২০২৫ ত আৰম্ভ হৈছিল
  • মুৱালখাগ-সৈৰাং:(12.84 কিঃমিঃ)-জুন ২০২৫ ত আৰম্ভ হৈছিল

বৈৰাবী-সৈৰাং ৰে'ল লাইনৰ মাজত ১৩ কিঃমিঃ ৪৮টা সুৰংগ:

বৈৰাবী-সৈৰাং ৰে'ল লাইনৰ সুৰংগই কাৰ্যত এক জীৱন্ত দৃশ্য দাঙি ধৰিব । মিজো সংস্কৃতিৰে সমৃদ্ধ বিচাৰধাৰা তথা পৰিচয়ৰ আনন্দ উপভোগ কৰিব পাৰিব । কলাত্মক উপস্থাপনে এক সাংস্কৃতিক অনুভৱ প্ৰদান কৰিব । এই ৰে'ল লাইনত স্থাপন কৰা ৪৮ টা সুৰংগৰ দুৰত্ব প্ৰায় ১৩ কিঃমিঃ হ'ব । ৫৫ খন ডাঙৰ দলং আৰু ২৭ খন সৰু দলঙো নিৰ্মাণ কৰা হৈছে ।

পৰ্যটকৰ বাবে হ'ব এয়া এক অনন্য অভিজ্ঞতা:

ৰে'লৱে কৰ্তৃপক্ষই পৰিকল্পনা কৰিছে যে এই ৰে'লপথৰে চলোৱা হ'ব ভিষ্টাডোম । ইয়াৰ জৰিয়তে যাত্ৰীসকলে যাত্ৰাপথত প্ৰাকৃতিক সৌন্দৰ্য যেনে, ৰেইক হিল, তামাদিল হ্ৰদ, বংতাবং জলপ্ৰপাত, ফাৱংপুই ৰাষ্ট্ৰীয় উদ্যান আদি উপভোগ কৰিব পাৰিব ।

লগতে পঢ়ক: সন্তানৰ মৃত্যু, মাতৃও সংকটত : পুনৰ বিতৰ্কত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় - GOLAGHAT CIVIL STILLBIRTH CASE

দেৱভূমিত প্ৰলয়; পাহাৰৰ ধ্বংসাৱশেষৰ তলত পোত গ’ল এটা দম্পতী - UTTRAKHAND DISASTER