ETV Bharat / bharat

দুই বন্ধুৰ সৈতে ঋষিকেশলৈ যোৱা ৰোস্মিতাৰ মৃত্যুৰ আঁৰত কি ৰহস্য ?

কেনেকৈ নিৰুদ্দেশ হৈছিল ৰোস্মিতা হোজাই ? আৰক্ষীয়ে প্ৰকাশ কৰিছে ন ন তথ্য ।

Missing Assam girl body found near Rishikesh in Uttarakhand
কেনেকৈ নিৰুদ্দেশ হৈছিল ৰোস্মিতা হোজাই ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 2:42 PM IST

3 Min Read
Choose ETV Bharat

ঋষিকেশ: ৰোস্মিতা হোজাইৰ মৃতদেহ উদ্ধাৰক লৈ পোহৰলৈ আহিছে ন ন তথ্য । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰ পাছত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ হৈছিল ৰোস্মিতা হোজাইৰ মৃতদেহ । ইয়াৰ পিছতেই পোহৰলৈ আহিছে কিছু নতুন তথ্য ।

বন্ধুৰ সৈতে গৈছিল ঋষিকেশলৈ:

আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকীৰ সৈতে তেওঁৰ দুজন দবন্ধু হেমন্ত বাৰ্মা আৰু পংকজো আছিল । হেমন্ত আৰু ৰোস্মিতা একেখন কলেজত পঢ়িছিল । বিগত বহুদিন ধৰি দুয়োকে সামাজিক মাধ্যমত একেলগে দেখা গৈছিল । ইয়াৰ মাজতে ৰোস্মিতা অসমৰ পৰা দিল্লীত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল । তেতিয়াই দিল্লীত হেমন্ত বাৰ্মাক লগ পাই আৰু দিল্লীৰ পৰা দুয়ো ঋষিকেশলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।

জানিব পৰা মতে ঋষিকেশলৈ আহিয়ে দুয়ো সৰ্বপ্ৰথমে নীলকণ্ঠলৈ যোৱাৰ পৰিকল্পনা কৰে । হেমন্তই তেওঁৰ আন এজন বন্ধু পংকজকো লগত লৈ গৈছিল । যথেষ্ট জনসমাগম আৰু ট্ৰেফিক জামৰ বাবে তেওঁলোকে নীলকণ্ঠ যোৱাৰ সিদ্ধান্ত বাতিল কৰিছিল বুলি তিহৰীৰ আৰক্ষী অধীক্ষক জে আৰ যোশীয়ে অনুমান কৰে । ইয়াৰ পাছত তেওঁলোকে ঋষিকেশৰ সমীপৱৰ্তী তিহৰী জিলাৰ শিৱপুৰীত থাকিছিল ।

হেমন্ত আৰু ৰোস্মিতাৰ মাজত হৈছিল সংঘৰ্ষ:

জানিব পৰা মতে আগদিনা শিৱপুৰীত ৰাফ্টিঙৰ প্ৰাকমুহূৰ্তত হেমন্ত আৰু ৰোস্মিতাৰ মাজত তৰ্কাতৰ্কি লাগিছিল, যাৰ পিছত ৰোস্মিতা ক'ৰবালৈ গুচি গৈছিল । বহু সময়লৈ যেতিয়া ৰোস্মিতা উভতি অহা নাছিল তেতিয়া হেমন্ত আৰু তেওঁৰ বন্ধুৱে ইফালে-সিফালে ৰোস্মিতাৰ সন্ধান আৰম্ভ কৰে যদিও সম্ভেদ লাভ কৰাত ব্যৰ্থ হয় । এনে সময়তে কিছু লোকে জনাই যে এগৰাকী মহিলা গংগাত উটি গৈছে ।

গংগাত মহিলা উটি যোৱাৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান আৰম্ভ কৰে । তেতিয়াই আৰক্ষীয়ে ৰোস্মিতা হোজাইৰ পৰিয়ালৰ লোককো ঘটনা সন্দৰ্ভত খবৰ দিয়ে । পৰিয়ালৰ লোকে মুনীকী ৰেতীৰ তিহৰী থানাত ৰোস্মিতা হোজাই সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ৰোস্মিতা হোজাইৰ মৃতদেহ গংগাৰ পৰা উদ্ধাৰ হয়, পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো ।

আৰক্ষীয়ে জনাই যে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়ালক গতাই দিয়া হয় । বৰ্তমান আৰক্ষীয়ে তথ্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব ৰোস্মিতাৰ মৃত্যুৰ প্ৰকৃত কাৰণ । আৰক্ষীয়ে এলেকাটোত সংস্থাপিত চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰীক্ষা অব্যাহত ৰাখিছে । হেমন্ত আৰু পংকজক সদ্যহতে চহৰ এৰিবলৈ মানা কৰিছে আৰক্ষীয়ে । তদন্ত সম্পূৰ্ণ নোহোৱালৈকে দুয়ো মুনুকী ৰেতী এলেকাতে থাকিব ।

লগতে পঢ়ক: পৰীক্ষা দিবলৈ গৈছিল দিল্লীত, মৃতদেহ ওলাল উত্তৰাখণ্ডত - HAFLONG GIRL BODY RECOVERED

গুৱাহাটী অভিমুখে সোনম ৰঘুবংশী, অচিৰে পোহৰলৈ আহিব কাহিনীৰ আঁৰৰ কাহিনী - RAJA RAGHUVANSHI MURDER CASE