Bihar Election Results 2025

ETV Bharat / bharat

ছত্তীশগড়ৰ বীজাপুৰত নক্সালবাদীয়ে ৰোপণ কৰা IED বিস্ফোৰণত গুৰুতৰভাৱে আহত এটি নাবালক

নক্সাল প্ৰভাৱিত বস্তৰত মাওবাদীয়ে নিৰন্তৰভাৱে আদিবাসী গঞাক লক্ষ্য কৰি লৈছে ।

child seriously injured in IED blast planted by Naxalites in Bijapur
প্ৰতিকী ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : October 10, 2025 at 10:23 AM IST

4 Min Read
Choose ETV Bharat

বীজাপুৰ : এফালে মাওবাদী সংমণ্ডল সমিতিসমূহে আত্মসমৰ্পণ কৰি মূলসুঁতিত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি পমফ্লেট জাৰি কৰিছে, আনফালে এতিয়াও একাংশ বাওঁপন্থী উগ্ৰপন্থীয়ে IED ৰোপণ কৰি সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লৈছে । বৃহস্পতিবাৰে ছত্তীশগড়ৰ বীজাপুৰ জিলাৰ গংগালুৰ থানা এলেকাৰ অন্তৰ্গত পিদিয়া গাঁৱত সংঘটিত হয় এক আই ই ডি বিস্ফোৰণৰ ঘটনা ৷ নক্সালবাদীয়ে ৰোপণ কৰা IED ত ভৰি লগাৰ ফলত এজন নাবালক ল’ৰা গুৰুতৰভাৱে আহত হয় ।

  • IED ত ভৰি দিয়াৰ ফলত আহত শিশু :

বীজাপুৰ জিলাৰ গংগালুৰ থানাৰ সীমাৰ অন্তৰ্গত পিদিয়া গাঁৱত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই শোকাৱহ ঘটনাটো । আহত নাবালকটিয়ে আন শিশুৰ সৈতে খেলি আছিল ৷ তেনে সময়তে নাবালকটিৰ ভৰি এটা IED-ত লাগে ৷ ফলত গুৰুতৰভাৱে আহত হয় নাবালকটি ।

এই ঘটনাৰ পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ১৯৯ আৰু ৮৫ নং বেটেলিয়নে শিবিৰত আহত শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় । অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে আহত নাবালকটিক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ শেহতীয়াকৈ জানিব পৰা মতে, আহত নাবালকটি বৰ্তমান জিলা চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে ।

  • ৰোপণ কৰা IED ৰ সন্ধান বিচাৰি জোৱানসকলে অভিযান :

এই ঘটনাৰ পিছতে স্থানীয় আদিবাসী সমাজৰ মাজত মাওবাদীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । অঞ্চলটো সুৰক্ষিত কৰি ৰাখিবলৈ নিৰাপত্তাৰক্ষীয়েও তালাচী অভিযান আৰম্ভ কৰিছে ।

  • ২০২৫ চনত বস্তৰত IED বিস্ফোৰণৰ
  1. ৯ অক্টোবৰ : নাৰায়ণপুৰত উদ্ধাৰ ৫ কেজি IED , বিডিএছৰ দ্বাৰা ধ্বংস
  2. ৪ অক্টোবৰ : বিজাপুৰৰ মাদ্দিদ থানা এলেকাত IED বিস্ফোৰণ, আহত মহিলা নক্সাল
  3. ২৯ ছেপ্টেম্বৰ : আবুঝামদত উদ্ধাৰ IED ৰ বিশাল কেচ, ৫টা বিস্ফোৰক ধ্বংস
  4. ২৯ ছেপ্টেম্বৰ : বিজাপুৰত উদ্ধাৰ ১০ কেজি IED
  5. ৩০ আগষ্ট : বিজাপুৰৰ গোৰ্না আৰু মানকেলিৰ মাজত ১০ কেজি ওজনৰ IED উদ্ধাৰ
  6. ১৮ আগষ্ট : বিজাপুৰ IED বিস্ফোৰণত শ্বহীদ জোৱান
  7. ১৪ আগষ্ট : বিজাপুৰত IED বিস্ফোৰণত আহত জোৱান
  8. ৫ আগষ্ট : বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত গাঁওবাসী
  9. ২০ জুলাই : ভোপালপট্টনমত নক্সালাইট IED বিস্ফোৰণত আহত নাবালক
  10. ১৪ জুলাই : বিজাপুৰৰ মাদ্দিদ থানা এলেকাত এজন লোকে IED-ত ভৰি দিয়ে, ফলত চাৰিজন লোক আহত
  11. ২ জুলাই : বিজাপুৰত পুটু চিঙিবলৈ যোৱা এজন লোক IED ৰ বিস্ফোৰণত আহত
  12. ৯ জুন : সুকমা IED বিস্ফোৰণত শ্বহীদ এ এছ পি
  13. ৩০ মে' : বিজাপুৰৰ মাদ্দিদ ৰাষ্ট্ৰীয় উদ্যানত IED বিস্ফোৰণত ৩ জন গাঁওবাসী আহত
  14. ৬ মে’ : বিজাপুৰ IED বিস্ফোৰণত আহত চি আৰ পি এফ বিষয়া
  15. ২৬ এপ্ৰিল : বিজাপুৰত IED বিস্ফোৰণৰ ফলত এজন ডি আৰ জি জোৱানত আহত
  16. ২১ এপ্ৰিল : বিজাপুৰ IED বিস্ফোৰণ, শ্বহীদ CAF জোৱান
  17. ৯ এপ্ৰিল : বিজাপুৰত IED বিস্ফোৰণ, আহত চি আৰ পি এফ জোৱান
  18. ৭ এপ্ৰিল : আবুঝমাদৰ বনাঞ্চলত IED বিস্ফোৰণত এজন গাঁৱৰ লোক আহত
  19. ৪ এপ্ৰিল : নাৰায়ণপুৰত নক্সালবাদী IED বিস্ফোৰণ, ১ জন নিহত, ১ জন আহত
  20. ৩০ মাৰ্চ : বিজাপুৰ নক্সাল এনকাউণ্টাৰৰ দ্বিতীয় দিনা IED বিস্ফোৰণত মহিলাৰ মৃত্যু
  21. ২৮ মাৰ্চ : নাৰায়ণপুৰত সংঘটিত IED বিস্ফোৰণত বাষ্টাৰ ফাইটাৰছৰ এজন জোৱান আহত । বিজাপুৰৰ চেৰপাল পালনাৰত উদ্ধাৰ ৪৫ কেজি ওজনৰ IED
  22. ২৩ মাৰ্চ : বিজাপুৰত এছটিএফৰ এখন বাহনত IED বিস্ফোৰণত আহত দুজন জোৱান
  23. ২০ মাৰ্চ : বিজাপুৰৰ গংগালুৰৰ কুৰচোলি আৰু ভীমাৰামৰ পৰা উদ্ধাৰ তিনিটা IED, আবুঝামদত সংঘটিত হোৱা এক IED বিস্ফোৰণত দুজন জোৱান আহত
  24. ৭ মাৰ্চ : নাৰায়ণপুৰত IED বিস্ফোৰণ, শ্ৰমিক নিহত, আহত এজন
  25. ২১ ফেব্ৰুৱাৰী : আবুঝামদত IED বিস্ফোৰণ, আহত ডি আৰ জি জোৱান
  26. ১৫ ফেব্ৰুৱাৰী : বিজাপুৰত IED বিস্ফোৰণ, আহত জোৱান
  27. ১৮ জানুৱাৰী : নাৰায়ণপুৰ IED বিস্ফোৰণত আহত ২ বি এছ এফৰ জোৱান
  28. ১৬ জানুৱাৰী : বিজাপুৰত IED বিস্ফোৰণত আহত দুজন কোব্ৰা কমাণ্ডো
  29. ১২ জানুৱাৰী : সুকমা IED বিস্ফোৰণত আহত ১০ বছৰীয়া কিশোৰী, বিজাপুৰত আহত দুজন আৰক্ষী
  30. ১০ জানুৱাৰী : অৰ্চাত চাপ IED বিস্ফোৰণৰ দুটা কাণ্ড, গাঁৱৰ লোক নিহত, ৩ জন আহত
  31. ০৬ জানুৱাৰী : বিজাপুৰত IED বিস্ফোৰণত বাহন বিস্ফোৰণ, ৮ জন জোৱান শ্বহীদ
  32. ৩ জানুৱাৰী : বিজাপুৰ IED বিস্ফোৰণত আহত তিনিজন ডি আৰ জি জোৱান

লগতে পঢ়ক : ২০২৮ ত ভাৰত হ'ব তৃতীয় বৃহত্তম বিশ্ব অৰ্থনীতি; ব্ৰিটিছ প্ৰধানমন্ত্ৰী

লগতে পঢ়ক : জুইৰ লগত খেলা নকৰিবা... অসমৰ পৰা প্ৰেৰণ কৰা NRCৰ জাননীক সমালোচনা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ