লক্ষ্ণৌ (উত্তৰ প্ৰদেশ): পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা শুভম দ্বিবেদীৰ পৰিয়ালক শনিবাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাক্ষাৎ কৰে । এ এন আইৰ সৈতে হোৱা কথা-বতৰাত দাসে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যবাসীৰ হৈ শোক প্ৰকাশ কৰে । ৰঞ্জিত দাসে কয়, "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক ৰাজ্যবাসীৰ হৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক লগ কৰিবলৈ কৈছিল । মৃতকৰ পৰিয়ালৰ সদস্যক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ মোক পঠিয়াইছে । মই পৰিয়ালটোক আশ্বাস দিছো যে অসমৰ জনসাধাৰণ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ সৈতে সদায় থিয় দিব ।"
শুভম দ্বিবেদীৰ বিধবা পত্নী ঐশ্ন্য দ্বিবেদীয়ে অসম চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । "তেওঁলোকে ইয়ালৈ আহিছিল শুভমক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ পৰিয়ালক আৱেগিক সহায় আগবঢ়াবলৈ । তেওঁলোকে আমাৰ সৈতে অতি সুন্দৰকৈ কথা পাতিছিল আৰু সমৰ্থন আগবঢ়াইছিল । তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো ।" ঐশ্ন্য দ্বিবেদীয়ে কয় ।
उत्तर प्रदेश के कानपुर में उपस्थित होकर, पहलगाम में आतंकवादियों की हिंसा में जान गंवाने वाले शुभम द्विवेदी जी के निवास पर जाकर उनके परिजनों से मुलाकात की।
— Ranjeet Kumar Dass (@RanjeetkrDass) May 24, 2025
दुख की इस घड़ी में हम सभी उनके साथ हैं...#PahalgamAttack #AssamStandsTogether pic.twitter.com/LftGDIcgPu
শুভমে ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হয় । তেওঁ নৱ-বিবাহিত পত্নীৰ লগত ফুৰিবলৈ গৈ ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকক ওপৰত কৰা আক্ৰমণত নিহত হয় । পহলগামৰ এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰণমত শুভমকে ধৰি ২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক নিহত হয় । আনহাতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ।
২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত এই আক্ৰমণ উপত্যকাটোত সংঘটিত হোৱা অন্যতম ভয়াহহ আক্ৰমণ । তাৰ পিছতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে যোৱা ৭ মে’ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰে আৰু পাকিস্তানে দখল কৰা কাশ্মীৰ (POJK)ৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি আঘাত হানে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পৰৱৰ্তী সময়ত পাকিস্তানৰ আগ্ৰাসনৰ প্ৰতি ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ বিমান ঘাটিসমূহত আঘাত হানে । পাকিস্তানৰ ডি জি এম অ’ই ভাৰতীয় সমকক্ষক কৰা আহ্বানৰ পিছতে দুয়োখন দেশে সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে বুজাবুজিত উপনীত হয় ।