ETV Bharat / bharat

আজি আদালতত হাজিৰ কৰা হ’ব সোনমক; ৰাজা ৰঘুবংশীক হত্যা কৰাৰ কথা স্বীকাৰ অভিযুক্তৰ: মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী

ৰাজা ৰঘুবংশীৰ হত্য়াকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে শ্বিলং আৰক্ষীয়ে ৷ ঘটনাৰ অধিক তদন্তৰ বাবে শ্বিলং আৰক্ষীয়ে প্ৰধান অভিযুক্ত সোনমকে ধৰি চাৰি অভিযুক্তক ট্ৰেনজিট ৰিমাণ্ডত লৈছে ৷

SHILLONG HONEYMOON MURDER
গণেশ দাস চিকিৎসালয়ত সোনমৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাচত (ANI)
author img

By ANI

Published : June 11, 2025 at 10:39 AM IST

|

Updated : June 11, 2025 at 1:20 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী/শ্বিলং : স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত সোনম ৰঘুবংশীক মঙলবাৰৰ নিশা বিমানেৰে কলকাতাৰ পৰা গুৱাহাটীলৈ অনা হয় । তাৰ পিছত লৈ যোৱা হয় শ্বিলঙলৈ ৷ সোনম শ্বিলঙত উপস্থিত হোৱাৰ পাছতেই বুধবাৰে পুৱা গণেশ দাস চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত শ্বিলং সদৰ থানালৈ অনা হয় আৰু নিশাটো থানাতে ৰখা হয় । সোনম মেঘালয় আৰক্ষীৰ তিনিদিনীয়া ট্ৰেনজিট ৰিমাণ্ডত আছে ।

ইফালে এই হত্যাকাণ্ডৰে জড়িত আন চাৰি অভিযুক্ত ক্ৰমে আকাশ ৰাজপুত, বিশাল সিং চৌহান, ৰাজ সিং কুশৱাহা আৰু আনন্দক শ্বিলং আৰক্ষীয়ে বুধবাৰে পুৱা বিমানেৰে ইন্দোৰৰ পৰা গুৱাহাটীলৈ আনে । চাৰি অভিযুক্তক গুৱাহাটীৰ পৰা শ্বিলঙলৈ লৈ যোৱা হ’ব । মেঘালয় আৰক্ষীয়ে গোচৰটোৰ অধিক তদন্তৰ বাবে এই চাৰিজন অভিযুক্তক সাতদিনৰ ট্ৰেনজিট ৰিমাণ্ডত লৈছে ।

ইফালে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত সোনম ৰঘুবংশীক বুধবাৰে পুৱা শিলচৰৰ গণেশ দাস চিকিৎসালয়লৈ চিকিৎসা পৰীক্ষাৰ বাবে অনা হয় ।

মেঘালয়ৰ উপমুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে মঙলবাৰে এ এন আইক ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ সৈতে জড়িত চাৰি অভিযুক্তক শ্বিলঙলৈ অনাৰ কথা নিশ্চিত কৰি তেওঁলোক ৰাজ্যখনত উপস্থিত হোৱাৰ লগে লগে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাক কথা ব্যক্ত কৰে ।

মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "অভিযুক্তসকলৰ কিছুমানে ইতিমধ্যে অপৰাধ স্বীকাৰ কৰিছে আৰু পত্নী সোনমো ‘সম্পূৰ্ণভাৱে জড়িত’ ৷"

তেওঁ লগতে কয়, "আটাইকেইটা অভিযুক্তক বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে - এটা মধ্যপ্ৰদেশ, আন কেইটাক উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । মেঘালয় আৰক্ষীৰ এছ আই টিয়ে এই দুয়োখন ৰাজ্যত অভিযানো চলায় । আনকি একাংশই তেওঁলোকে কৰা অপৰাধৰ কথাও স্বীকাৰো কৰিছে । যি মুহূৰ্ততে আমি হত্যাকাণ্ডৰ প্ৰধান সন্দেহযুক্ত সোনমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’লোঁ, সেই মুহূৰ্ততে আমি সকলোৱে গম পালোঁ যে তেওঁ মেঘালয়ত থকাৰ সময়তে এই অভিযানত সম্পূৰ্ণৰূপে জড়িত আছিল ।"

ইফালে শ্বিলং আৰক্ষীয়ে ইন্দোৰ বিমানবন্দৰৰ ভিতৰলৈ অভিযুক্তক লৈ যোৱাৰ সময়তে সুশীল লাকৱানী নামৰ এজন লোকে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ এজন অভিযুক্তক আক্ৰমণৰ চেষ্টা চলাইছিল । আৰক্ষীয়ে অভিযুক্তক স্থানান্তৰ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় আৰু এই ঘটনাক কেন্দ্ৰ কৰি উক্ত স্থানত কিছু সময়ৰ বাবে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

সুশীল লাকৱানীয়ে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়, "মই তেওঁক আক্ৰমণ কৰিলোঁ কাৰণ ইন্দোৰৰ এজন বাসিন্দাক হত্যা কৰাত মোৰ খং উঠিছে । তেওঁলোকক ফাঁচী দিয়া উচিত । মহিলাগৰাকীয়ে সম্পূৰ্ণ পৰিকল্পনাৰে মানুহজনক হত্যা কৰিছিল ।" ইফালে শ্বিলং আৰক্ষীয়ে ক্ষীপ্ৰতাৰে হস্তক্ষেপ কৰি অভিযুক্তক বিমানবন্দৰৰ ভিতৰলৈ নিৰাপদে স্থানান্তৰিত কৰাটো নিশ্চিত কৰে ।

লগতে পঢ়ক : গুৱাহাটীত ৰাজা ৰঘুবংশীৰ হত্য়াকাণ্ডৰ চাৰি অভিযুক্ত; আজি আদালতত হাজিৰ কৰা হ’ব সোনমক

স্বামীক হত্যাৰ বাবদ ২০ লাখ টকাৰ প্ৰস্তাৱ দিছিল সোনমে; পত্নীৰ চকুৰ সন্মুখতেই হত্যা কৰা হৈছিল ৰাজাক

পোহৰলৈ আহিছে সোনমৰ আন এক তথ্য, ৰাজাক হত্যা কৰাৰ পিছত হত্যাকাৰীৰ লগত আছিল...

Last Updated : June 11, 2025 at 1:20 PM IST