ETV Bharat / bharat

মেঘালয় আৰু মেঘালয়ৰ মানুহক অপমান কৰিলে কিয় ? সোনম-ৰাজাৰ পৰিয়ালে ক্ষমা খোজক - SONAM RAJA CASE

হয় ক্ষমা খোজক নহ'লে মানহানি গোচৰৰ মুখামুখি হ'বলৈ সাজু হওক ৷ স্পষ্ট কথা মেঘালয়ৰ মন্ত্ৰীৰ ৷

Raja Raghuvanshi murder case
এইবাৰ সোনম-ৰাজাৰ পৰিয়ালক ক্ষমা খোজাৰ দাবী মেঘালয়ৰ মন্ত্রীৰ (ANI)
author img

By ANI

Published : June 10, 2025 at 3:06 PM IST

4 Min Read

শ্বিলং: বৰ্তমান দেশজুৰি চৰ্চাত আছে ৰাজা ৰঘুবংশী হত্যাকাণ্ড । লগতে চৰ্চাত আছে ৰাজাৰ পত্নী সোনম আৰু মেঘালয়ো । কিয়নো ৰাজাৰ হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছে সোনম আৰু শ্বিলং ।

ইয়াৰ মাজতে মেঘালয় চৰকাৰে ৰাজা হত্যাকাণ্ডত ৰাজ্যখনক জড়িত কৰি ইয়াৰ জনসাধাৰণক অপমান কৰা বুলি দাবী কৰিছে । ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই হত্যাকাণ্ডৰ গোচৰত ৰাজ্য আৰু জনসাধাৰণৰ ভাবমূর্তি ‘কলংকিত’ কৰাৰ অভিযোগত মঙলবাৰে মেঘালয়ৰ মন্ত্রী আলেকজেণ্ডাৰ লালু হেকে সোনম আৰু ৰাজা ৰঘুবংশী দুয়োৰে পৰিয়ালে ক্ষমা খুজিব লাগে বুলি দাবী কৰিছে ৷

এ এন আইক দিয়া এক সাক্ষাৎকাৰত মেঘালয়ৰ মন্ত্ৰী আলেকজেণ্ডাৰ লালু হেকে কয়, "ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তত চলি থকা অগ্ৰগতিৰ বাবে আমি মেঘালয় আৰক্ষীক ধন্যবাদ জনাইছোঁ । এতিয়া আমি সোনম আৰু ৰাজা ৰঘুবংশীৰ পৰিয়ালে মেঘালয় আৰু ইয়াৰ জনসাধাৰণৰ ভাবমূৰ্তি কলংকিত কৰাৰ বাবে ক্ষমা বিচাৰিব লাগে । তেওঁলোকে এই দাবী মানি নল'লে আমি মানহানিৰ গোচৰ ৰুজু কৰিম ।"

"যিহেতু ৰাজ্যখনত এই ঘটনা সংঘটিত হৈছে, সেয়ে অভিযুক্তক ইয়ালৈ অনা হ’ব । তেওঁলোকে গোচৰটো ৰাজ্যৰ আৰক্ষী, কেন্দ্ৰীয় আৰক্ষী বা তদন্তকাৰী সংস্থাক গতাই দিব বিচাৰিলে আমাৰ কোনো সমস্যা নাই, কিন্তু সত্য ইতিমধ্যে উন্মোচিত হৈছে ।" মন্ত্ৰীগৰাকীয়ে কয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজা ৰঘুবংশীৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি বিষয়টোৰ চি বি আই তদন্তৰ বাবে অনুৰোধ জনায় । উত্তৰ-পূবৰ ৰাজ্যখনত মধুচন্দ্ৰিকাৰ সময়ত সন্ধানহীন হৈছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম । যোৱা ২৩ মে’ত অন্তিমবাৰৰ বাবে একেলগে দেখা গৈছিল এই দম্পতীক ।

ইয়াৰ পিছত ২ জুনত মেঘালয়ৰ চেৰাপুঞ্জীৰ সমীপৰ ছোহৰাৰিমত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয় । পৰৱৰ্তী সময়ত বাৰাণসী-গাজীপুৰ মূলপথৰ এখন ধাবাৰ সমীপত সোনম ৰঘুবংশী উদ্ধাৰ হয় ।

উত্তৰ প্ৰদেশত সোনম উদ্ধাৰ হোৱাৰ পিছত আৰক্ষী বিষয়াই প্ৰাৰম্ভিক চিকিৎসাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইয়াৰ পিছতে তেওঁক হিংসাৰ বলি হোৱা মহিলাৰ আশ্ৰয় শিবিৰ সখী ৱান ষ্টপ চেণ্টাৰত ৰখা হৈছিল । তাৰ পৰা বিহাৰলৈ নি মঙলবাৰে গুৱাহাটী হৈ পুনৰ শ্বিলঙলৈ অনা হৈছে ।

সোমবাৰে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ চতুৰ্থজন অভিযুক্ত আনন্দক ৭ দিনৰ বাবে ট্ৰেনজিট ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হয় । আন তিনিজন অভিযুক্ত আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু ৰাজ সিং কুশৱাহাক সোমবাৰে ৭ দিনৰ বাবে ট্ৰেনজিট ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হয় ।

তিনিদিনীয়া ট্ৰেনজিট ৰিমাণ্ড লাভ কৰি মেঘালয় আৰক্ষীয়ে সোনম ৰঘুবংশীক বিহাৰৰ পাটনাৰ ফুলৱাৰী চৰিফ থানালৈ লৈ আহে । সোমবাৰে মেঘালয় আৰক্ষীয়ে ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তিনি অভিযুক্তৰ ট্ৰেনজিট ৰিমাণ্ড লাভ কৰে ।

ইয়াৰ পূৰ্বে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছিল ।

সোনম ৰাঘবংশীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কিছু সময়ৰ পাছতে ৯ জুনত সংবাদ মাধ্যমক সম্বোধন কৰি টাইনছঙে কয় যে কৰ্তৃপক্ষই এতিয়াও বাকী থকা আন এজন সন্দেহযুক্ত লোকৰ সন্ধানত আছে ।

তেওঁ জনাই যে সোনমে আত্মসমৰ্পণ কৰিছে আৰু আটক কৰা সকলোকে অধিক তদন্তৰ বাবে শ্বিলঙলৈ অনা হ’ব । মেঘালয়ৰ বিশেষ তদন্তকাৰী দলৰ মুৰব্বী হাৰ্বাৰ্ট পিনিয়াড খাৰকংগৰে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি মৃত ৰাজা ৰঘুবংশীৰ মূৰত দুটা আঘাতৰ চিনো পোৱা গৈছে ।

লগতে পঢ়ক :মেঘালয় চৰকাৰক কিহৰ বাবে দোষাৰোপ ? মন্ত্ৰী আলেকজেণ্ডাৰৰ প্ৰশ্ন - INDORE COUPLE CASE
লগতে পঢ়ক :গুৱাহাটী অভিমুখে সোনম ৰঘুবংশী, অচিৰে পোহৰলৈ আহিব কাহিনীৰ আঁৰৰ কাহিনী - RAJA RAGHUVANSHI MURDER CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.