ETV Bharat / bharat

কেনেদৰে হত্যা কৰিছিল ৰাজাক ? পত্নী-সহায়কাৰীৰ সৈতে অপৰাধৰ পুনৰ দৃশ্যায়ন কৰিব আৰক্ষীয়ে

বিশেষ তদন্তকাৰী দলে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ সৈতে জড়িত আটাইকেইজন আটকাধীন ব্যক্তিক আৰক্ষীৰ জিম্মাত বিচাৰিব । ছোহৰাত অপৰাধৰ পুনৰ দৃশ্যায়ন কৰিব ।

Operation Honeymoon
কেনেদৰে হত্যা কৰিছিল ৰাজাক ? (IANS)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 4:10 PM IST

3 Min Read
Choose ETV Bharat

শ্বিলং: দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নিতৌ নতুন নতুন তথ্য উন্মোচিত হৈ আছে । বিশেষকৈ ৰাজাৰ পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ ঘটনাই নতুন মোৰ লৈছে । আনহাতে, ৰাজা হত্যাকাণ্ডৰ লগতে উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ো এতিয়া সংবাদ শিৰোনামত আছে । তাৰ মাজতে এই হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলে অপৰাধৰ সমগ্ৰ ঘটনা পুনৰ দৃশ্যায়নৰ বাবে আগবাঢ়িছে ।

ইতিমধ্যে ইন্দোৰস্থিত ব্যৱসায়ী স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত অভিযুক্ত পাঁচজনৰ ভিতৰত অন্যতম সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰি শ্বিলঙলৈ আনিছে । মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে ছোহৰাৰ অপৰাধস্থলীত অপৰাধৰ দৃশ্যৰ পুনৰ দৃশ্যায়ন কৰিব বুলি বুধবাৰে এজন জ্যেষ্ঠ বিষয়াই জনায় ।

আনহাতে, এই হত্যাকাণ্ডৰ সৈতে জড়িত তথা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ কৰা আন চাৰিজনো অতি সোনকালে শ্বিলঙত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । তেওঁলোকক স্থানীয় আদালতত হাজিৰ কৰা হ’ব বুলিও তেওঁ কয় । ইফালে সোনমক চিকিৎসা পৰীক্ষাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তদন্ত সম্পূর্ণ কৰিবলৈ এছ আই টিয়ে তেওঁক আৰক্ষীৰ জিম্মাত বিচাৰিবৰ বাবে বুধবাৰে আদালতত হাজিৰ কৰা হ’ব বুলিও তেওঁ কয় ৷

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, "সোনমক লৈ অহা এছ আই টিৰ দলটো প্ৰায় মাজনিশা শ্বিলঙত উপস্থিত হয় । তেওঁ গৰ্ভৱতী নেকি সেইটো জানিবলৈ ইয়াৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । ইয়াত তেওঁক আদালতত হাজিৰ কৰা হ'ব ।"

তেওঁ লগতে কয়, "এছ আই টিয়ে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন ব্যক্তিক আৰক্ষীৰ জিম্মা ল’ব আৰু ছোহৰাৰ অপৰাধস্থলীত অপৰাধৰ পুনৰ দৃশ্যায়ন কৰিব ।”

উল্লেখ্য যে মেঘালয় আৰক্ষীয়ে এই তদন্ত প্ৰক্ৰিয়াক ‘অপাৰেচন হনিমুন’ নামেৰে নামকৰণ কৰিছে । মেঘালয় আৰক্ষীয়ে ইন্দোৰ আৰু গাজীপুৰৰ অভিযুক্তসকলে সঘনাই অহা-যোৱা কৰা বাসগৃহ আৰু অন্যান্য স্থানৰ পৰা প্ৰমাণ সংগ্ৰহ কৰা বুলি পূব খাচি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে জনায় ।

উল্লেখ্য যে যোৱা মাহত ৰাজা ৰঘুবংশীৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু হত্যাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণৰ অভিযোগত মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু উত্তৰ প্ৰদেশৰ গাজীপুৰত সোনম আৰু তেওঁৰ সহায়কসকলক গ্ৰেপ্তাৰ কৰা হয় । ইন্দোৰৰ অভিযুক্তসকলৰ বাবে ছয় দিনৰ জিম্মা আৰু গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা এজনৰ বাবে তিনিদিনৰ জিম্মা নিশ্চিত কৰিছে বুলিও তেওঁ লগতে কয় ।

যোৱা ২৩ মে’ত মেঘালয়ৰ ছোহৰা অঞ্চলত অৱসৰ বিনোদন কৰি থকা অৱস্থাত নিৰুদ্দেশ হৈছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী । আনহাতে, ২ জুনত তেওঁৰ মৃতদেহ এটা খাৱৈত উদ্ধাৰ হয় । কিন্তু সন্ধান পোৱা হোৱা নাছিল পত্নী সোনমৰ ।

লগতে পঢ়ক :ৰাজা ৰঘুবংশীক হত্য়াৰ পিছত ইন্দোৰলৈ গৈ ভাৰা ফ্লেটত তিনিদিন আছিল সোনম - SHILLONG HONEYMOON MURDER
লগতে পঢ়ক :আজি আদালতত হাজিৰ কৰা হ’ব সোনমক; ৰাজা ৰঘুবংশীক হত্যা কৰাৰ কথা স্বীকাৰ অভিযুক্তৰ: মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী - SHILLONG HONEYMOON MURDER