মীৰাট: আজিৰ পৃথিৱীত যেন সকলো সম্ভৱ ! পূৰ্বতে কৈছিল প্ৰেমৰ নামত ঘূৰিছে ভূমণ্ডল, প্ৰেমৰ নামত ফুলিছে শতদল ৷ পিছে আজিকালি সেই প্ৰেমো নাই, সেই শতদলো নাই ৷ আজিকালি শাহু-জোঁৱাই, বিয়ৈ-বিয়ৈনী, আইতা-নাতিৰ মাজত ঘটি থকা প্ৰেমৰ খবৰে চকু কপালত তুলিছে সকলোৰে ৷
তেনে এক ঘটনাই হতবাক কৰি তুলিছে উত্তৰ প্ৰদেশৰ মীৰাটবাসীক ৷ মীৰাটত সংঘটিত হৈছে এক অদ্ভূত ঘটনা ৷ মীৰাটৰ এজন মৌলানাৰ পত্নী আছিল বেচ চৌখিন, যাৰ বাবে তেওঁ সদায়ে আপত্তি কৰি আহিছিল স্বামীৰ দাঢ়ি কেইডালক লৈ ৷ বেচেৰা স্বামীয়েনো কৰিব কি, সদায়ে সহ্য কৰি আহিছিল পত্নীৰ ককৰ্থনা ৷
পিছে তাতেই মোহভংগ হ’ল পত্নীৰ ৷ স্বামীৰ অজ্ঞাতে দেওৰেকৰ সৈতে লাহে লাহে গঢ় লৈ উঠিল প্ৰেমৰ সম্পৰ্ক ৷ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাই নহয়, বৰং শেহতীয়াকৈ দেওৰেকৰ সৈতে কৰিলে পলায়ন ৷ ইয়াৰ কাৰণ আছিল এটাই, দেওৰেকে দাঢ়ি ৰখাৰ সলনি সদায় ক্লীন শ্বেভ কৰি ৰাখিছিল ৷

ঘটনাটো সংঘটিত হৈছে মীৰাটৰ লিছাৰী গেট অঞ্চলত । পত্নীৰ এই কাৰ্যত অসহায় মৌলানা স্বামী সম্প্ৰতি কাষ চাপিছে আৰক্ষীৰ ৷
মীৰাটৰ লিচাৰী গেট থানাৰ অন্তৰ্গত উজ্বল গাৰ্ডেনত বাস কৰা শ্বাকিৰ নামৰ মৌলবীগৰাকীৰ সৈতে একেলগেই বাস কৰিছিল মাতৃ আৰু ভ্ৰাতৃ ৷ তিনি মাহ পূৰ্বে তেওঁৰ ইনছৌলীৰ বাসিন্দা আৰশীৰ সৈতে নিকাহ সম্পন্ন হৈছিল ।
নিকাহৰ পিছৰে পৰা পত্নীয়ে শ্বাকিৰক দাঢ়ি কাটি ক্লীন শ্বেভ হ’বলৈ সদায়ে কৈ আহিছিল ৷ কিন্তু আগৰে পৰা দাঢ়ি ৰাখি ভালপোৱা শ্বাকিৰে পত্নীৰ এই কথা সদায়ে আওকাণ কৰি আহিছিল ৷ শ্বাকিৰে জনোৱা মতে পূৰ্বতেও দাঢ়িৰ বাবেই পত্নীৰ সৈতে বহুবাৰ কাজিয়া লাগিছিল তেওঁৰ ৷ প্ৰতিবাৰেই বুজনিৰে পত্নীক শান্ত কৰাইছিল তেওঁ ৷ আনকি ফুলশয্যাৰ নিশাও একেটা কাৰণতে পত্নীৰ সৈতে বিবাদত লিপ্ত হৈছিল শ্বাকিৰ ৷
ভাতৃৰ সৈতে পত্নী পলায়ন কৰাৰ পিছতে আৰক্ষীৰ কাষ চাপে শ্বাকিৰ ৷ মৌলানা শ্বাকিৰে আৰক্ষীৰ আগত সদৰী কৰা মতে, তেওঁৰ পত্নী দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৷ অইন দিনাৰ দৰে সিদিনাও কলেজলৈ যোৱাৰ চলেৰে দেওৰেকৰ সৈতে পলায়ন কৰে শ্বাকিৰৰ পত্নীয়ে ৷ ইতিমধ্যে শ্বাকিৰে পত্নী আৰু ভাতৃৰ ফোন নম্বৰ আৰক্ষীক যোগান ধৰিছে ৷
শ্বাকিৰে পত্নীৰ এই কাৰ্যৰ বিষয়ে পত্নীৰ পিতৃ পৰিয়ালকো অৱগত কৰিছে ৷ পিতৃয়ে আৰশীৰ সৈতে ভৱিষ্যতে কোনো সম্পৰ্ক নৰখাৰ কথা অৱগত কৰে ৷
আৰক্ষী বিষয়া আয়ুষ বিক্ৰম সিঙে কয়- ‘‘এজন লোকে ভাতৃৰ সৈতে পত্নীয়ে পলাই যোৱাৰ অভিযোগ কৰিছে । দুয়োৰে নিৰুদ্দেশ হোৱা গোচৰ পঞ্জীয়ন কৰা হৈছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’
লগতে পঢ়ক: বন্ধ হ’ল কাশ্মীৰৰ ৪৮ টা পৰ্যটনস্থলী... চাওক তালিকা