মীৰুট: উত্তৰ প্ৰদেশৰ মীৰুটত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ প্ৰেমিকৰ সৈতে মিলি এগৰাকী মহিলাই স্বামীক হত্যা কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷
সৌৰভ ৰাজপুত নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে গৰ্ভৱতী পত্নীৰ ৷ মাৰ্চ মাহত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত তথা সৌৰভৰ গৰ্ভৱতী পত্নী মুস্কান ৰাস্তোগীয়ে প্ৰেমিক চাহিল শুক্লাৰ সৈতে মিলি সৌৰভ ৰাজপুতক হত্য়া কৰিছিল বুলি উঠিছে অভিযোগ ।

সম্প্ৰতি মীৰুট কাৰাগাৰত কাৰাবন্দী হিচাপে দিন পাৰ কৰিছে মুস্কানে ৷ অৱশ্যে তেওঁ গৰ্ভৱতী হোৱা হেতুকে কাৰাগাৰ কৰ্তৃপক্ষই স্বাস্থ্য পৰীক্ষা কৰোৱায় অভিযুক্ত মুস্কানৰ ৷
শুকুৰবাৰে (১১ এপ্ৰিল) দুপৰীয়া মীৰুট কাৰাগাৰৰ বিষয়াসকলে মুস্কানক আল্ট্ৰাছাউণ্ডৰ বাবে চিকিৎসালয়লৈ লৈ আহে ৷ চিকিৎসালয় কৰ্তৃপক্ষই মুস্কান প্ৰায় ছয় সপ্তাহৰ গৰ্ভৱতী বুলি নিশ্চিত কৰে ৷ এতিয়াৰে পৰা অভিযুক্ত হ’লেও কাৰাগাৰত বিশেষ যত্ন লোৱা হ’ব মুস্কানৰ ।

মীৰুট কাৰাগাৰৰ জ্যেষ্ঠ অধীক্ষক বীৰেশ ৰাজ শৰ্মাই কয় যে "মুস্কানৰ পূৰ্বেও প্ৰাৰম্ভিক চিকিৎসা কৰা হৈছিল, য'ত গৰ্ভধাৰণৰ সম্ভাৱনাৰ ইংগিত পোৱা গৈছিল । আল্ট্ৰাছাউণ্ডৰ জৰিয়তে এতিয়া এই কথা নিশ্চিত হৈছে ।"
জানিব পৰা মতে, বিগত ৪ মাৰ্চত মুস্কান আৰু চাহিলে সৌৰভক ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল আৰু তাৰপিছত তেওঁৰ মৃতদেহটো টুকুৰা-টুকুৰ কৰি প্লাষ্টিকৰ ড্ৰামত ৰাখিছিল ৷ পৰৱৰ্তী সময়ত ড্ৰামৰ মুখখন চিমেণ্টেৰে ভৰাই ৰাখিছিল আৰু তাৰপিছত তেওঁলোকে অৱসৰৰ সময় একেলগে পাৰ কৰিবলৈ আন ঠাইলৈ গৈছিল । অৱশ্যে ১৮ মাৰ্চত এই বিষয়টো পোহৰলৈ অহাৰ পিছত আৰক্ষীক অৱগত কৰা হয় ৷ আৰক্ষীয়ে ১৯ মাৰ্চত মুস্কান আৰু চাহিলক গ্ৰেপ্তাৰ কৰে ।
ডি এন এ টেষ্টৰ দাবী সৌৰভৰ পৰিয়ালৰ
সৌৰভৰ ভাতৃ ৰাহুল ৰাজপুতে কয় যে ‘‘আৰক্ষীয়ে গৰ্ভস্থ শিশুটিৰ পিতৃ পৰিচয় নিৰ্ণয়ৰ বাবে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে শিশুটিৰ ডি এন এ পৰীক্ষা কৰিব লাগে ৷ শিশুটোৰ প্ৰকৃত পিতৃ কোন সেয়া স্পষ্ট হ'ব লাগে । যদি শিশুটি সৌৰভৰ হয় তেন্তে পৰিয়ালে ডাঙৰ-দীঘল কৰিব । এই সন্তান যদি চাহিলৰ হয়, তেন্তে আমাৰ কোনো চিন্তা নাই ।"
লুকুৱাই ৰাখে মুস্কানৰ মুখখন
শুকুৰবাৰে পুৱা প্ৰায় ১১.৪৫ বজাত মুখ আৰু মূৰটো ৰঙা স্কাৰ্ফেৰে ঢাকি থোৱা অৱস্থাত মুস্কানক মীৰুট কাৰাগাৰৰ পৰা এখন ভানত মেডিকেল কলেজলৈ অনা হয় । কাৰাগাৰৰ ফাৰ্মাচিষ্ট এজনো ভানখনত উপস্থিত আছিল ।

ভানৰ পৰা নামি অহাৰ লগে লগে মুস্কানে আৰক্ষী, সংবাদ মাধ্যম আৰু অন্যান্য সাধাৰণ লোকৰ ভিৰৰ মাজেৰে পোনে পোনে আৰক্ষীৰ জিম্মাত থকা স্ত্ৰীৰোগ বিভাগলৈ যায়, য’ত এজন চিকিৎসকে মুস্কানৰ আল্ট্ৰাছাউণ্ড সম্পন্ন কৰে । দুপৰীয়া প্ৰায় ১.৩০ বজাত পৰীক্ষাৰ অন্তত মুস্কানক পুনৰ কাৰাগাৰলৈ লৈ যোৱা হয় । বিষয়াসকলে এইটোও নিশ্চিত কৰিছে যে এতিয়ালৈকে পৰিয়ালৰ কোনো সদস্যই কাৰাগাৰত মুস্কানক সাক্ষাতৰ বাবে উপস্থিত হোৱা নাই ৷
লগতে পঢ়ক: মুৰ্ছিদাবাদৰ হিংসা; এতিয়ালৈ ১৫০ গৰাকী লোকক গ্ৰেপ্তাৰ