ETV Bharat / bharat

তেহৰাণ এৰিছে ভাৰতীয় শিক্ষাৰ্থীয়ে; সীমান্ত অতিক্ৰমি আৰ্মেনিয়াত উপস্থিত ১১০ জন

বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে ভাৰতীয় দূতাবাসে সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে অহৰহ যোগাযোগত আছে ।

Iran Israel conflict
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 17, 2025 at 6:39 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে তেহৰাণস্থিত ভাৰতীয় দূতাবাসে গ্ৰহণ কৰা ব্যৱস্থাৰ জৰিয়তে ৰাজধানী চহৰখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক তাৰ পৰা বাহিৰ উলিয়াই লৈ যোৱা হৈছে । ইয়াৰে ১১০ জন ছাত্ৰ-ছাত্ৰীয়ে সীমান্ত পাৰ হৈ আৰ্মেনিয়াত প্ৰৱেশ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে ভাৰতীয় দূতাবাসে সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ লক্ষ্যৰে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে অহৰহ যোগাযোগ অব্যাহত ৰাখিছে । বিবৃতিটোত কোৱা হৈছে যে তেহৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষাৰ কাৰণে চহৰখনৰ পৰা আঁতৰাই লৈ যোৱা হৈছে । এই ক্ষেত্ৰত ভাৰতীয় দূতাবাসে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

আনহাতে, নিজা পৰিবহণ ব্যৱস্থা থকা আন বাসিন্দাসকলকো ক্ৰমবৰ্ধিত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে বুলিও কোৱা হৈছে । ইফালে কিছু ভাৰতীয়ক পৃথকে পৃথকে আৰ্মেনিয়াৰ সীমান্তৰে ইৰাণৰ পৰা ওলাই যাবলৈ সুবিধা প্ৰদান কৰা হৈছে বুলি বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে । উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক পৰামৰ্শ জাৰি কৰিব পাৰে বুলিও কোৱা হৈছে ।

জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাৰ তথ্য অনুসৰি, কাশ্মীৰ উপত্যকাৰ ৯০ জনসহ উৰ্মিয়া চিকিৎসা বিশ্ববিদ্যালয়ৰ ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে নিৰাপদে সীমান্ত পাৰ হৈ আৰ্মেনিয়াত প্ৰৱেশ কৰিছে ।

ইৰাণত থকা ভাৰতীয় দূতাবাসে X-ৰ এটা পোষ্টত কয়, "নিজৰ বাহন ব্যৱহাৰ কৰি তেহৰাণৰ পৰা ওলাই আহিব পৰা সকলো ভাৰতীয় নাগৰিক আৰু পি আই অ'ক চহৰখনৰ বাহিৰৰ নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ।" আন এক বিবৃতিত বৈদেশিক মন্ত্ৰণালয়ে কয় যে ইৰাণ আৰু ইজৰাইলত চলি থকা অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰণালয়ত ২৪x৭ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ।

নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ নম্বৰসূহ হৈছে : ১৮০০১১৮৭৯৭ (টোল-ফ্ৰী), +৯১-১১-২৩০১২১১৩, +৯১-১১-২৩০১৪১০৪, +৯১-১১-২৩০১৭৯০৫, +৯১-৯৯৬৮২৯১৯৮৮ (ৱাটছএপ) । ইমেইল আই ডি হৈছে situationroom@mea.gov.in । ইয়াৰ উপৰি তেহৰাণত থকা ভাৰতীয় দূতাবাসে ২৪x৭ জৰুৰীকালীন হেল্পলাইন স্থাপন কৰিছে বুলিও বৈদেশিক মন্ত্ৰণালয়ে জনোৱাৰ লগতে যোগাযোগৰ তথ্যও শ্বেয়াৰ কৰিছে ।

"কেৱল ফোনকলৰ বাবে : +৯৮ ৯১২৮১০৯১১৫, +৯৮ ৯১২৮১০৯১০৯; ৱাটছএপৰ বাবে : +৯৮ ৯০১০৪৪৫৫৭, +৯৮ ৯০১৫৯৯৩৩২০, +৯১ ৮০৮৬৮৭১৭০৯; বান্দাৰ আব্বাছ : +৯৮ ৯১৭৭৬৯৯০৩৬; জাহেডান : +৯৮ ।" 9396356649; cons.tehran@mea.gov.in (ইমেইল) ।" বিবৃতিটোত কোৱা হৈছে ।

লগতে পঢ়ক :সকলো ভাৰতীয়ক তেহৰাণৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ বৈদেশিক মন্ত্ৰণালয়ৰ - IRAN ISRAEL TENSIONS
লগতে পঢ়ক :ইৰাণৰ হাতত কেতিয়াও পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে; G-7 নেতাসকলৰ দাবী - IRAN ISRAEL TENSIONS