ETV Bharat / bharat

এজোপা গছৰ প্ৰেমত পৰিছে লাখ লাখ মৌমাখি: প্ৰতিবছৰে ঘৰ সাজিবলৈ আহে এই বিশেষ গছডাললৈ

এই মৌমাখিবোৰে কেইবা দশক ধৰি মহীশূৰৰ কেন্দ্ৰীয় উদ্যানশস্য বিভাগৰ চৌহদৰ গছডালত ডেৰ শতাধিক বাহ সাজি আহিছে ।

Bee Colonies in Mysuru
এডাল গছৰ প্ৰেমত পৰিছে লাখ লাখ মৌমাখি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 10, 2025 at 2:20 PM IST

4 Min Read
Choose ETV Bharat

মহীশূৰ : কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী হিচাপে জনাজাত মহীশূৰ । এই চহৰখনে প্ৰতিবছৰে লাখ লাখ পৰ্যটকক আকৰ্ষিত কৰি আহিছে । লগতে ই এক আকৰ্ষণীয় প্ৰাকৃতিক পৰিঘটনাৰো সাক্ষী, যিয়ে ইয়ালৈ আগমন ঘটা দৰ্শনাৰ্থীসকলক আমোদ প্ৰদান কৰে । প্ৰতিবছৰে, চহৰখনৰ মাজভাগত অৱস্থিত কেন্দ্ৰীয় উদ্যানশস্য বিভাগৰ চৌহদত অৱস্থিত এজোপা বিশাল গছত ডেৰ শতাধিক মৌমাখিয়ে বাহ সাজে ।

ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে এই মৌমাখি কলনীটোৱে একেডাল গছত বাস কৰে, তাতে মৌচাক নিৰ্মাণ কৰি প্ৰজনন কৰে আৰু তাৰ পিছত বাৰিষাৰ আগমনৰ লগে লগে তাৰ পৰা নোহোৱা হয় । এই প্ৰব্ৰজন আৰু মৌচাক নিৰ্মাণৰ ধাৰা এক দশকতকৈও অধিক সময় ধৰি চলি আহিছে । আনহাতে, এই ঘটনা স্থানীয় লোক আৰু বিশেষজ্ঞসকলৰ বাবে আশ্চৰ্যৰ বিষয় হৈ পৰিছে ।

এডাল গছৰ প্ৰেমত পৰিছে লাখ লাখ মৌমাখি (ETV Bharat)

সংক্ষিপ্ত জীৱন, দীঘলীয়া পৰম্পৰা

প্ৰতিটো কৰ্মী মৌমাখিৰ জীৱনকাল মাত্ৰ 28 ৰ পৰা 48 দিন হোৱা সত্ত্বেও আৰু আনকি ৰাণীও তাতকৈ বেছি দিন জীয়াই নাথাকিলেও এই জীৱন আৰু প্ৰজনন চক্ৰটো নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে । যদিও ব্যক্তিগতভাৱে মৌমাখিবোৰৰ কেইদিনমানৰ ভিতৰতে মৃত্যু হয়, কিন্তু প্ৰত্যেক ৰাণীয়ে প্ৰতিদিনে প্ৰায় 2,000 কণী পৰাৰ ফলত এই কলনীটোৰ ধাৰাবাহিকতা সুনিশ্চিত কৰে ।

লক্ষণীয়ভাৱে, যদিও পৰৱৰ্তী ঋতুৰ পূৰ্বে মৌমাখিবোৰ মৰি যায়, কিন্তু নতুন মৌমাখিৰ জাকবোৰ বছৰে বছৰে একেডাল গছলৈ আহে । অৱশ্যে সেই মৌবোৰ ক'ৰ পৰা আহিছে আৰু সিহঁতে এই অৱস্থানটো কেনেকৈ মনত ৰাখে সেয়া ৰহস্য হৈ আছে ।

Bee Colonies in Mysuru
মৌৰ বাহ (ETV Bharat)

বিশেষজ্ঞই কি কয়

উদ্যানশস্য বিভাগৰ ছুপাৰভাইজাৰ জাভাৰেগৌড়াই বিগত 10 বছৰ ধৰি এই ঘটনাটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আহিছে ।

"মই ইয়াত 14 বছৰ ধৰি কাম কৰি আছোঁ আৰু বিগত এটা দশক ধৰি মই মৌমাখিবোৰ বছৰে বছৰে ঘূৰি অহাটো লক্ষ্য কৰিছোঁ । সিহঁত ইয়ালৈ আহে, প্ৰজনন কৰে আৰু বৰষুণ হোৱাৰ পূৰ্বে গুচি যায় । এই বছৰ ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত আহিছিল । এতিয়াও বহু কলনী আহি আছে আৰু সিহঁতৰ সংখ্যা পূৰ্বৰ বছৰবোৰৰ তুলনাত বৃদ্ধি পাইছে ।" তেওঁ কয় ।

মৌমাখিৰ বাবে এক সুৰক্ষিত আশ্ৰয়

জাভাৰেগৌড়াই মৌমাখিয়ে আশ্ৰয়ৰ অৱস্থানৰ চয়নক পৰিৱেশ অনুকূল হোৱাটো বিচাৰে বুলি উল্লেখ কৰি কয়, "ইয়াত জনসাধাৰণৰ পৰা কোনো অসুবিধা নাই আৰু মৌমাখিবোৰেও কাকো অসুবিধা নকৰে । অঞ্চলটো সজীৱ, পৰ্যাপ্ত পৰিমাণে সেউজীয়াৰে পৰিপূৰ্ণ আৰু তিনিটা পানীৰ টেংকী আছে । যিহেতু এই ঋতুত গছ গজিবলৈ আৰম্ভ কৰে, মৌমাখিবোৰেও যথেষ্ট পৰিমাণে খাদ্য বিচাৰে । যাৰ বাবে এইটো হৈছে সিহঁতৰ বাবে এক আদৰ্শ বাসস্থান ।"

এডাল বৃহৎকায় শিমলু গছেই আশ্ৰয়স্থল

বেছিভাগ মৌচাকেই চৌহদটোৰ ভিতৰত থকা 150 ফুট ওখ শিমলু গছৰ ওপৰত অৱস্থিত । তেওঁ লগতে কয়, "এই গছডাল কোনেও বগাব নোৱাৰে, যাৰ বাবে মৌমাখিবোৰে বাহ সাজিবলৈ ইয়াক এক সুৰক্ষিত স্থান হিচাপে বাছনি কৰে ।"

আনকি যোৱা বছৰৰ লোকসভা নিৰ্বাচন উদযাপনৰ দৰে উচ্চ শব্দৰ অনুষ্ঠানৰ সময়তো, য'ত ঢোল-তাল আৰু আতচবাজী বাজিছিল, এই মৌমাখিবোৰ অতি শান্তভাৱে আছিল । "এইটোৱে প্ৰমাণ কৰে যে সিহঁতে নগৰীয়া পৰিৱেশৰ সৈতে কিমান ভালদৰে খাপ খাইছে ।" জাভাৰেগৌড়াই কয় ।

Bee Colonies in Mysuru
ডেৰ শতাধিক বাহ সজা শিমলু গছডাল (ETV Bharat)

প্ৰকৃতিৰ সৈতে সহাৱস্থান

মৌমাখিৰ সৈতে ইয়াৰ মানুহৰ সম্পৰ্ক বহু কম । "পৰ্যটকৰ দৰেই, সিহঁত আহে আৰু যায় । মাজে মাজে অৱশ্যে এটা-দুটাই দংশন কৰিব পাৰে, কিন্তু কোনো গুৰুতৰ ঘটনা হোৱা নাই ।" তেওঁ আশ্বাসৰ সুৰত কয় ।

ৰাইজলৈ আন্তৰিক আবেদন

জাভাৰেগৌড়াই ৰাইজলৈ এক বাৰ্তা প্ৰদান কৰি সামৰণিত কয়, "মৌমাখিবোৰে এই ঠাইখন বাছনি কৰাৰ কাৰণ হৈছে ই এতিয়াও সিহঁতৰ বাবে উপযুক্ত আৰু সুৰক্ষিত বাসস্থান । আমি এনে পৰিৱেশত বাস কৰিবলৈ পাই সৌভাগ্যৱান, বিশেষকৈ আন চহৰবোৰৰ তুলনাত য'ত প্ৰকৃতি ধ্বংস কৰা হৈছে । সম্প্ৰীতি ৰক্ষা কৰাটো আমাৰ দায়িত্ব । আহক আমি ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই অনন্য পাৰিপাৰ্শ্বিক ভাৰসাম্য সুৰক্ষিত কৰি ৰাখোঁ ।"

লগতে পঢ়ক :১১১ বছৰ পাৰ হ’ল, গাঁওখনৰ কোনেও গচকি পোৱা নাই থানাৰ দুৱাৰ মুখ - NO FIR HAS BEEN REGISTERED
লগতে পঢ়ক :কুকুৰাৰ আৱৰ্জনাৰ পৰা সমৃদ্ধিলৈ: এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকৰ আদৰ্শনীয় কৰ্ম - VEDULA VENKATALAKSHMI