কেৰালাত ভয়ংকৰ ভূমিস্খলন : শিশুসহ কমেও 120 জনৰ মৃত্যু, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা - Landslide in Wayanad
Landslide in Kerala: কেৰালাত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ শিশুসহ কমেও 120 জন লোকৰ মৃত্যু নিশ্চিত কৰিছে প্ৰশাসনে ৷ এতিয়াও বহুলোক আৱদ্ধ হৈ থকাৰ আশংকা ৷ উদ্ধাৰ অভিযান অব্যাহত ৷ সকলো প্ৰকাৰৰ সহায় প্ৰদানৰ আশ্বাস প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷

By PTI
Published : July 30, 2024 at 8:18 AM IST
|Updated : July 30, 2024 at 9:09 PM IST
নেশ্যনেল ডেস্ক, 30 জুলাই : কেৰালাত শোকাৱহ ঘটনা ৷ ৰাজ্যখনৰ ৱায়ানাদ জিলাৰ মেপ্পাডিৰ সমীপৰ এক পাহাৰীয়া অঞ্চলত ভয়ংকৰ ভূমিস্খলন হয় ৷ এই ভূমিস্খলনৰ ফলত শিশুসহ কমেও 120 জন লোকৰ মৃত্যু হোৱা বুলি কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে নিশ্চিত কৰা হৈছে ।
অৱশ্যে স্থানীয় সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, উদ্ধাৰকাৰী দলে এতিয়াও সেই স্থানৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিছে ৷ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত আৰু বিচ্ছিন্ন হৈ পৰা অঞ্চলসমূহৰ ভিতৰত মুণ্ডক্কাই, চৌৰলমালা, আট্টামালা আৰু নুলপূজা আদি অন্যতম । উদ্ধাৰ আৰু সাহায্য অভিযান বৰ্তমানেও চলি আছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক সকলো ধৰণৰ সহায় প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে। আনহাতে, কংগ্ৰেছ নেতা তথা ৱায়ানাড লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়েও এই ঘটনাত দুখ প্ৰকাশ কৰিছে । সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, 30 জুলাই মঙলবাৰৰ পুৱা কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিত সংঘটিত হৈছে এই ঘটনাটো ।
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে মঙলবাৰে ঘটনা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিৰ সমীপৰ বিভিন্ন পাহাৰীয়া অঞ্চলত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত সকলো চৰকাৰী সংস্থাই অনুসন্ধান আৰু উদ্ধাৰ অভিযানত যোগদান কৰিছে ৷ শতাধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।" ৱায়ানাড জিলা কৰ্তৃপক্ষই জনোৱা মতে, থোণ্ডাৰনাড গাঁৱত বাস কৰা নেপালী পৰিয়ালৰ এটি এবছৰীয়া শিশুৰ ভূমিস্খলনত মৃত্যু ঘটিছে ।
মুখ্যমন্ত্ৰী বিজয়নে এক বিবৃতিযোগে কয়, "এই অভিযানসমূহ সহযোগিতাৰ জৰিয়তে কৰা হ’ব আৰু ৰাজ্যৰ মন্ত্ৰীসকলে পাহাৰীয়া জিলাখনত উপস্থিত হৈ উদ্ধাৰ কাৰ্যসূচীৰ নেতৃত্ব দিব । ৱায়ানাড জিলাত ভূমিস্খলন আৰু বৰষুণ সম্পৰ্কীয় অন্যান্য দুৰ্যোগৰ পিছত স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে ।
জৰুৰীকালীন সাহায্যৰ প্ৰয়োজন হোৱাসকলে 9656938689 আৰু 8086010833 এই দুটা নম্বৰৰ জৰিয়তে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে বুলি বিবৃতিটোত কোৱা হৈছে । কেৰেলা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ক্ষতিগ্ৰস্ত অঞ্চলত অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে, লগতে ৱায়ানাডলৈ যোৱাৰ পথত অতিৰিক্ত এন ডি আৰ এফ নিয়োজিত কৰা হৈছে ।
কেৰেলা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ এ ফেচবুক পোষ্টযোগে কয় যে কান্নুৰ ডিফেন্স ছিকিউৰিটি কৰ্পছৰ দুটা দলকো উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ৱায়ানাডলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলৰ স্থানীয় লোকে জনোৱা মতে বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । অব্যাহত থকা প্ৰচণ্ড বৰষুণৰ ফলত উদ্ধাৰ অভিযান বাধাৰ সন্মুখীন হৈছে ।
WIMS মেডিকেল কলেজৰ তথ্য অনুসৰি 84 জন লোক চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে আৰু এই পৰ্যন্ত চিকিৎসালয় কৰ্তৃপক্ষই চাৰিটা মৃতদেহ লাভ কৰিছে ।

