মুম্বাই : সোমবাৰে নিশা সংঘটিত হয় এক ভংয়কৰ অঘটন ৷ এটা বা দুটা নহয়, একেলগে ফুটিল কেবাটাও LPG গেছ চিলিণ্ডাৰ ৷ নিমিষতে ক’লা ধোঁৱাই চানি ধৰে সমগ্ৰ অঞ্চলটো ৷ এই ভয়ংকৰ ঘটনা প্ৰতক্ষ্য কৰি ভয়ত বিতত হৈ পৰে অঞ্চলবাসী ৷ লগে লগে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
আমি উল্লেখ কৰা উক্ত LPG গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনাটো সোমবাৰে নিশা সংঘটিত হৈছে মুম্বাই চহৰৰ ধৰাৱী বাছ ডিপোৰ সমীত ৷ এখন ট্ৰাকত ভৰ্তি হৈ থকা LPG গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷
স্থানীয় ৰাইজৰ তৎপৰতাত লগে লগে খবৰ দিয়া হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকক ৷ এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনৰ লোক ৷ অৱশ্যে পৰলৰ্তী পৰ্যায়ত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
#BREAKING : மும்பை லாரி வெடிக்கும் மற்றொரு வீடியோ
— Anbil ChinnaThambi (@AnbilChinna) March 24, 2025
Another Video A massive cylinder blast shook Dharavi, Mumbai, #DharaviFire #CylinderBlast #Mumbai #Dharavi #Fire
#trending pic.twitter.com/ybPrRyy876 https://t.co/lcNMd9hDsw
সংবাদ সংস্থা ANI-এ উল্লেখ কৰা মতে, এই ঘটনাৰ ফলত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই । মুম্বাইৰ আৰক্ষী বিষয়াই এই অগ্নিকাণ্ড ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
ANI-ৰ বাতৰি অনুসৰি, সোমবাৰে নিশা ৯:৫০ বজাত ছিয়ন-ধাৰাৱী লিংক ৰোডৰ পিএনজিপি কলনীৰ সমীপত এখন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৰখাই থোৱা আছিল ৷ সেই ট্ৰাকত থকা ছৰ চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ ফলত একেলগে একাধিক চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷
যিহেতু ট্ৰাকখন আৱাসিক এলেকাত ৰখাই থোৱা অৱস্থাত আছিল ৷ সেয়ে জুইৰ এলাৰ্ম বাজি উঠাৰ ফলত আবাসিকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷
#WATCH | Mumbai, Maharashtra | A truck carrying gas cylinders caught fire at Nature Park, PNGP Colony on Sion-Dharavi Link Road, Dharavi. The Mumbai Fire Brigade is present at the spot. No casualties were reported. More details are awaited. pic.twitter.com/DPYOHLfm7S
— ANI (@ANI) March 24, 2025
- এই অগ্নিকাণ্ডৰ স্তৰ ২ :
অগ্নিনিৰ্বাপক বাহিনীয়ে এই অগ্নিকাণ্ডক Level-2 বুলি ঘোষণা কৰে ৷ ছয়খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, ৭খন জাম্বো টেংকাৰ, এখন এম্বুলেন্স ঘটনাস্থলীত জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰি আছিল ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীৰ যৌথ প্ৰচেষ্টাত এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভাগীয় কৰ্তৃপক্ষই উক্ত অঞ্চলটোত পহৰাৰ ব্যৱস্থা কৰিছিল । বিষয়াসকলে জনোৱা মতে, এই অগ্নিকাণ্ডৰ ফলত ওচৰতে থকা কিছু বাহনতো জুই লাগে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছে । সোমবাৰে বিয়লি লগা এই জুই মাজ নিশাহে নিৰ্বাপিত হয় ।
লগতে পঢ়ক : ভয়ংকৰ অগ্নিকাণ্ডত ছাই হ'ল বিলাসী বাহনৰ শ্ব'ৰূম |