ETV Bharat / bharat

ঘন জংঘল, হাতত বন্দুক আৰু প্ৰেম ! এক প্ৰেমিক যুগলৰ অকথিত কাহিনী

মাওবাদীৰ জীৱনৰ বিষয়ে সকলো জ্ঞাত । প্ৰতিমুহূৰ্ততে জীৱনৰ, প্ৰাণৰ সংশয় লৈ ঘূৰি ফুৰা মাওবাদীৰ মাজতো হয় প্ৰেম । তেনে এক প্ৰেম কাহিনীৰে এক প্ৰতিবেদন ।

Maoist Amit Barsa's Unlikely Love Story
ঘন জংঘল, হাতত বন্দুক আৰু প্ৰেম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 3:02 PM IST

3 Min Read
Choose ETV Bharat

চাৰ্লা: হাতত অস্ত্ৰ লৈ, ঘন জংঘলত বিচৰণ কৰাৰ পৰা প্ৰেম আৰু শান্তিৰ বাবে আত্মসমৰ্পণ কৰালৈকে এক কাহিনী । এয়া এক অনন্য আৰু পৃথক কাহিনী । নিৰ্মম, নিৰ্দয় বুলি সততে এক অপযশে খেদি থকা মাওবাদীৰ মাজৰ এক অসাধাৰণ প্ৰেম কাহিনী । এয়া অমিত বৰ্ষাৰ অনন্য প্ৰেম কাহিনী ।

ছত্তীশগড়ত আত্মসমৰ্পণ কৰিছিল দুই মাওবাদীয়ে । এই আত্মসমৰ্পণ কেৱল ৰাজনৈতিক বিকাশৰ বাবে নহয় । এই আত্মসমৰ্পণ আছিল প্ৰেম, ত্যাগ আৰু শান্তিপূৰ্ণ ভৱিষ্যতৰ আশাভৰা এক গভীৰ ব্যক্তিগত যাত্ৰাৰ বাবে ।

বন্দুক আৰু গেৰিলা জীৱনৰ মাজত প্ৰেম:

অমিতে স্মৃতি ৰোমন্থন কৰি কয়, "মই সৰু থাকোতেই মোৰ দেউতা আৰু ভাতৃৰ মৃত্যু হৈছিল । ১২ বছৰ বয়সতে মোক মাওবাদী এলেকাৰ এগৰাকী কমিটী সদস্যৰ দ্বাৰা জংঘললৈ লৈ যোৱা হৈছিল । মোক অস্ত্ৰ চলাবলৈ প্ৰশিক্ষণ দিয়া হৈছিল আৰু অৱশেষত পলিটব্যুৰ'ৰ সদস্য বেণুগোপালৰ নিৰাপত্তাৰক্ষী হিচাপে নিয়োগ কৰা হয় । মই বছৰ বছৰ ধৰি অভুজমড় আৰু গড়চিৰলীত সেৱা আগবঢ়াই আছিলোঁ ।"

গড়চিৰলীত এখন পাৰ্টী বৈঠকত অমিতে প্ৰথমবাৰৰ বাবে সমিতিৰ সদস্য অৰুণা লেকমক দেখিছিল । অমিতে কয়, "প্ৰথম দেখাতে মোৰ তেওঁৰ সৈতে প্ৰেম হৈছিল । যুদ্ধভূমিত মই শক্তিশালী আছিলোঁ যদিও তেওঁৰ লগত কথা পাতিবলৈ মই সাহস গোটাব পৰা নাছিলোঁ । এদিন মই সাহস কৰি তেওঁৰ ওচৰত প্ৰেম নিবেদন কৰিছিলোঁ । আৰম্ভণিতে ইয়াক লৈ তেওঁ যথেষ্ট খং কৰিছিল, কিন্তু দুমাহৰ পিছত তেওঁ মোৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।"

মাওবাদীৰ সংবিধানত প্ৰেমৰ সম্পৰ্কক লৈ এক কঠোৰ নিয়ম আছিল । এই সন্দৰ্ভত অমিতে কয়, "পাৰ্টীয়ে দম্পতীক সন্তান জন্ম দিয়াৰ অনুমতি নিদিয়ে । সেয়ে ২০১৯ চনত মই পাৰ্টীৰ চৰ্ত মানিবলৈ আৰু অৰুণাক বিয়া কৰাবলৈ বন্ধ্যাকৰণ কৰাইছিলোঁ ।"

বিদ্ৰোহীৰ পৰা কৃষকলৈ:

৬ টা বছৰ ধৰি জংঘলত সংগী হিচাপে থকাৰ পিছত অমিত আৰু অৰুণাই একেলগে আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অমিতে কয়, "আমি হিংসাৰ পথ ত্যাগ কৰিব খুজিছিলোঁ । আমি কৃষিৰ মাধ্যমৰে এক নতুন জীৱন আৰম্ভ কৰিব বিচাৰিছোঁ । মই সন্তানৰ বাবে আৰু এটা পৰিয়াল গঢ়িবলৈ আকৌ এটা অস্ত্ৰোপচাৰ কৰিম ।"

ইফালে অৰুণাই তেওঁৰ আৰম্ভণিৰ কথা-বতৰাবোৰ ৰোমন্থন কৰি কয়, "আৰম্ভণিতে মই অসন্তুষ্ট হৈছিলোঁ । মোৰ বিশ্বাস আছিল যে প্ৰেম পাৰ্টীৰ বিচাৰধাৰাৰ বিপৰীতে আছিল । কিন্তু পিছত মোৰ বান্ধবীৰ জৰিয়তে মই অমিতৰ কোমল অন্তৰৰখনৰ উমান পাইছিলোঁ । যেতিয়া দুমাহৰ পিছত পুনৰ প্ৰেম ব্যক্ত কৰিছিল তেতিয়া মই গ্ৰহণ কৰিছিলোঁ ।"

আইনৰ পৰা বঞ্চিত যদিও শুধৰণিৰ বাবে সাজু:

অমিতৰ ওপৰত ৮ লাখ টকাৰ পুৰস্কাৰ আছিল আৰু অৰুণাৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ আছিল । গতিকে তেওঁলোকৰ এই আত্মসমৰ্পণ কেৱল প্ৰতীকাত্মক নহয়, বছৰজুৰি অন্ধকাৰত বাস কৰাৰ পিছত এয়া পাৰিবাৰিক জীৱনত শান্তি বৰ্তাই ৰখাৰ এক আশাৰ ৰেঙণি । এওঁলোকৰ কাহিনী এক দুৰ্লভ আৰু মজবুত সম্পৰ্কৰ মূৰ্তি হিচাপে ঠিয় হৈ কৈ যায় যে সমাজৰ আটাইতকৈ সংঘাতজৰ্জৰ স্থানসমূহতো প্ৰেমৰ জন্ম হ'ব পাৰে আৰু এই প্ৰেমে পৰিৱৰ্তনৰ প্ৰেৰণা দিব পাৰে আৰু হিংসাৰ বিৰুদ্ধে শান্তিৰ পতাকা উৰুৱাব পাৰে ।

লগতে পঢ়ক: বিদ্ৰোহীৰ পৰা সমাজ সংস্কাৰকলৈ: ছত্তীশগড়ত প্ৰাক্তন নক্সালবাদীৰ শিক্ষা বিপ্লৱ - FROM REBELS TO REFORMERS

দেউতাই বিদ্যুৎ অবিহনে উশাহ ল'ব নোৱাৰে ! অসুস্থ পিতৃক বচাবলৈ অসহায় শিশুৰ কাতৰ অনুৰোধ - CHILDREN PLEAD TO SAVE FATHER