ETV Bharat / bharat

ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত ৬ জনকৈ শ্ৰমিকৰ মৃত্যু

বিস্ফোৰণৰ কাৰণ জানিবলৈ আৰু সুৰক্ষামূলক নীতি-নিৰ্দেশনা মানি চলিছিল নে নাই, তাক পৰীক্ষা কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে ৷

Reactor explodes in Pashamilaram
বিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা স্থান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 2:47 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: তেলেংগানাৰ ছাংগাৰেড্ডী জিলাৰ পছুমিল্লাৰম ঔদ্যোগিক এলেকাত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ । ঔদ্যোগিক এলেকাটোত থকা ছিগাচি কেমিকেল ইণ্ডাষ্ট্ৰীৰ ফাৰ্মা প্লাণ্টত সংঘটিত ৰিয়েক্টৰ বিস্ফোৰণৰ ফলত ঘটে অগ্নিকাণ্ডৰ ঘটনা । এই বিস্ফোৰণত কমেও ২০ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ৷

আনহাতে, এই ঘটনাত ছয়জন শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷ ঘটনাস্থলীত থিতাতে ৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত মৃত্যু ঘটে আন এজন শ্ৰমিকৰ ৷ এই সকলো তথ্য় সদৰী কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে ৷

বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে সেইটো সংঘটিত হোৱাৰ সময়ত তাত কৰ্মৰত শ্ৰমিকসকল প্ৰায় ১০০ মিটাৰ দূৰলৈ ছিটিকি যায় ৷ বিস্ফোৰণটোৰ ফলত উৎপাদন বিভাগৰ এটা অট্টালিকা সম্পূৰ্ণভাৱে ধ্বংস হৈ পৰে ৷ কাৰখানাটোৰ আন এটা অট্টালিকাও বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় ।

আনহাতে, খবৰ অনুসৰি এতিয়াও উদ্যোগটোৰ ভিতৰতে একাংশ শ্ৰমিক আবদ্ধ হৈ আছে ৷ বিস্ফোৰণৰ বাবে ফোনসমূহে কাম নকৰাত বহু শ্ৰমিকৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

দুৰ্ঘটনাটোত আহতসকলক চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । চিকিৎসাধীন একাংশ অৱস্থা সংকটজনক বুলি চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰিছে ।

এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে দুৰ্ঘটনাস্থলীত উপস্থিত হয় ১১ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন । বাহনসমূহে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে উদ্যোগটোৰ ভিতৰত কোনো লোক আবদ্ধ হৈ আছে নে নাই তাক পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰক্ৰিয়া চলি আছে ।

ছাংগাৰেড্ডী জিলাৰ আয়ুক্ত প্ৰবীণ্য আৰু আৰক্ষী অধীক্ষক পৰিতোষে ঘটনাস্থলী পৰিদৰ্শন কৰি সাহায্য প্ৰদানৰ সন্দৰ্ভত কৰ্তৃপক্ষক কেইবাটাও পৰামৰ্শ আগবঢ়ায় । বিস্ফোৰণৰ কাৰণ জানিবলৈ আৰু সুৰক্ষামূলক নীতি-নিৰ্দেশনা মানি চলিছিল নে নাই, তাক পৰীক্ষা কৰিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ৷

লগতে পঢ়ক: উত্তৰকাশীত ডাৱৰ বিস্ফোৰণ, ব্যাপক ক্ষতি