বিজাপুৰ: কাৰেগুটা নক্সাল অভিযানত নিৰাপত্তা বাহিনীৰ হাতত ধৰাশায়ী হৈছে ৩১ টা নক্সালবাদী ৷ ছত্তীশগড় আৰক্ষী আৰু চি আৰ পি এফৰ বিষয়াসকলে সদৰী কৰিছে এই তথ্য ৷
এই অভিযানৰ পিছতে বিজাপুৰত সংবাদমেল সম্বোধন কৰি শীৰ্ষ আৰক্ষী বিষয়া আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে এই কথা প্ৰকাশ কৰে ৷
মুঠ ৩১ জন নক্সালবাদী নিহত
কাৰেগুটা নক্সাল অভিযানত মুঠ ৩১ জন নক্সালবাদী নিহত হয় । এই অভিযান ১৬ দিনতকৈ অধিক সময় ধৰি চলিছিল । নক্সালবাদীৰ বিৰুদ্ধে চলা এই অভিযানত এনে মাওবাদীকো হত্যা কৰা হৈছে, যাৰ সন্ধানৰ বাবদ আৰক্ষীয়ে ১ কোটি ৭২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷

এই অভিযানত নিহত ২৮ জন মাওবাদীক ইতিমধ্যে চিনাক্ত কৰা হৈছে । আন তিনিজন নক্সালবাদীৰ চিনাক্তকৰণ এতিয়াও বাকী ৷ নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ মুঠ ২১৪ টা বাংকাৰ ধ্বংস কৰিছে । লগতে ধ্বংস হৈছে মাওবাদীৰ প্ৰায় ৪ টা কাৰিকৰী ইউনিট, য’ত আছে ৪ টা লেথ মেচিন আৰু নক্সালসকলৰ বি জি এল লঞ্চাৰ আৰু বি জি এল চেল ।
চি আৰ পি এফৰ ডি জিয়ে কি কয় ?
এই সংবাদমেলত চি আৰ পি এফৰ ডি জি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় ‘‘আমি প্ৰথম অগ্ৰাধিকাৰ দিছো বাষ্টাৰ আৰু বিজাপুৰৰ সেই বিদ্যালয়সমূহ, যিবোৰ নক্সালৰ দ্বাৰা ধ্বংস হৈছে । আমি এনে বিদ্যালয় স্থাপন কৰিম । আমাৰ এই অভিযানে নক্সালবাদীক ডাঙৰ আঘাত দিছে । এয়া আছিল নক্সালবাদীৰ শীর্ষ নেতাসকলে গোট খোৱা ঠাই ৷ আমি সেই ঠাইত ব্যৱস্থা লৈছিলো আৰু তেওঁলোকৰ পৰিকল্পনা বিফল কৰাত আমি সফল হৈছিলো ।’’
‘‘অস্ত্ৰ নিৰ্মাণ কৰি থকা নক্সালৰ চাৰিটা গোট আমি ধ্বংস কৰিছো । মাওবাদীসকলে নিজৰ নক্সালসকলৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা শিবিৰবোৰ আমি ধ্বংস কৰি পেলাইছো । এই লোকসকলে যিদৰে বনাঞ্চলত আই ই ডি স্থাপন কৰিছে, গাঁৱৰ মানুহবোৰ ইয়াৰ চিকাৰ হৈ পৰিছিল । আমি নক্সালবাদীৰ সেই আই ই ডি নেটৱৰ্ক ধ্বংস কৰিছো । নক্সালবাদীৰ পৰিকল্পনাত এইটোৱেই আটাইতকৈ ডাঙৰ আঘাত’’- জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, চি আৰ পি এফৰ ডি জি ৷

২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদৰ অন্ত পৰিব
চি আৰ পি এফৰ ডি জি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় যে ছত্তীশগড়ৰ চাৰিখন জিলা নক্সাল অধ্যুষিত ৷ সমগ্ৰ দেশৰ ৬ খন জিলা অত্যন্ত ক্ষতিগ্ৰস্ত । য'ত ছত্তীশগড়ৰ চাৰিখন, মহাৰাষ্ট্ৰৰ এখন আৰু ঝাৰখণ্ডৰ এখন জিলা আছে ।
চুকমা, বিজাপুৰ, নাৰায়ণপুৰ আৰু কাংকেৰ হৈছে ছত্তীশগড়ৰ সৰ্বাধিক নক্সাল প্ৰভাৱিত জিলা । চি আৰ পি এফৰ ডি জি পি গৰাকীয়ে লগতে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত সকলো নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিলেও যিকোনো মূল্যৰ বিনিময়ত নক্সালক নিঃশেষ কৰা হ’ব ৷ নহ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
‘‘২০২৬ চনৰ ৩১ মাৰ্চলৈকে সকলো নক্সালবাদীক যিকোনো মূল্যৰ বিনিময়ত আমি নিঃশেষ কৰিম । নক্সালবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । যিকোনো মূল্যৰ বিনিময়ত নক্সালবাদ নিৰ্মূল কৰিব লাগিব । এয়া আমাৰ প্ৰতিজ্ঞা’’ - জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, ডি জি, চি আৰ পি এফ ৷
উদ্ধাৰ হৈছে ৪৫০ টা আই ই ডি
চি আৰ পি এফৰ ডি জিয়ে কয় যে তেওঁলোকৰ জোৱানসকলে সেই স্থানৰ পৰা মুঠ ৪৫০ টা আই ই ডি জব্দ কৰি ধ্বংস কৰিছে । বাকী থকা আই ই ডিসমূহ ধ্বংস কৰিবলৈ নতুন নতুন মাইনিং মেচিন যোগান ধৰা হৈছে ।

‘‘আই ই ডি আৰু বি জি এলৰ বাবে আমাৰ সেনাই সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে । আমি আই ই ডি আৰু বি জি এল বনোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটো বিনষ্ট কৰিছো । নক্সালসকলে বাহৰ পাতি থকা পাহাৰখন ঘেৰি ধৰি আমি অভিযান অব্যাহত ৰাখিছো’’ বুলি ডি জিগৰাকীয়ে কয় ৷
‘‘ইয়াৰ বাবে কাম কৰি থকা হৈছে । আগতে মন্দিৰত পূজা কৰিবলৈ ইয়ালৈ মানুহ আহিছিল । ইয়াত নক্সালবাদী শিবিৰ স্থাপন হোৱাৰ পিছৰে পৰা এই কাৰ্যকলাপ বন্ধ হৈ গৈছে । আমি আকৌ তাক আৰম্ভ কৰাৰ বাবে সুযোগ দিয়াৰ ব্যৱস্থা কৰিম’’ বুলি তেওঁ লগতে কয় ৷
লগতে পঢ়ক: প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে আদালতে দিলে গোচৰ ৰুজুৰ নিৰ্দেশ