মুৰ্ছিদাবাদ: পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ কেইবাটাও অঞ্চলত শুকুৰবাৰে ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ হয় । এই হিংসাত্মক প্ৰতিবাদৰ সময়ত তিনিজন লোকৰ মৃত্যু হয় । একে সময়তে ছামছেৰগঞ্জৰ সুতিত এখন চৰকাৰী বাহনকে ধৰি কেইবাখনো বাহনত অগ্নিসংযোগ কৰা হয় ।
বিষয়টো গুৰুতৰ হৈ পৰা দেখি কলকাতা উচ্চ ন্যায়ালয়ে মুৰ্ছিদাবাদত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিছে । এই হিংসাৰ সময়ত এতিয়ালৈকে ১৩৮ জনতকৈ অধিক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।

মুৰ্ছিদাবাদৰ হিংসাক লৈ কলকাতা উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশ
মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাত গুলীবিদ্ধ হৈ পুনৰ দুজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পৰিস্থিতি এতিয়াও যথেষ্ট উত্তেজনাপূৰ্ণ হৈয়ে আছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ে জিলাখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে ।
শুভেন্দু অধিকাৰীয়ে দাখিল কৰিছিল আবেদন
বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে মুৰ্ছিদাবাদত কেন্দ্ৰীয় বাহিনী নিয়োগ কৰাৰ দাবীত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । ন্যায়াধীশ সৌমেন সেন আৰু ন্যায়াধীশ ৰাজা বসু চৌধুৰীৰ বিশেষ বিচাৰপীঠে স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয় বাহিনীয়ে আইন-শৃংখলা বজাই ৰাখিব বুলি নিৰ্দেশ দিয়ে ।
আজি শুনানি আৰম্ভ হোৱাৰ সময়ত কলকাতা উচ্চ ন্যায়ালয়ে মুৰ্ছিদাবাদত কেন্দ্ৰীয় বাহিনী মোতায়েনৰ সন্দৰ্ভত নিজৰ মতামত স্পষ্ট কৰিবলৈ বংগ চৰকাৰক আধা ঘণ্টা সময় দিছিল । ৰাজ্য চৰকাৰে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ প্ৰয়োজন নাই বুলি কয় । পশ্চিমবংগ চৰকাৰে কয় যে ৰাজ্যৰ ডিজি ৰাজীৱ কুমাৰে শীঘ্ৰে মুৰ্ছিদাবাদ ভ্ৰমণ কৰিব । কিন্তু অৱশেষত আদালতে কেন্দ্ৰীয় বাহিনী নিয়োগৰ সপক্ষে ৰায় দিয়ে ।
মুৰ্ছিদাবাদত হিংসা, পশ্চিমবংগত ৱাকফ আইনক লৈ হুলস্থুল !
অভিযোগ অনুসৰি আৰক্ষীৰ ওপৰত বোমা নিক্ষেপ আৰু গুলীচালনা কৰা হয় । এই ঘটনাৰ পাছতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হিংসাত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে । লগতে তেওঁ কয় যে ৰাজ্যত ৱাকফ আইন কাৰ্যকৰী নহ’ব । শুকুৰবাৰে সুতিৰ সজুৰ চৌহদত গুলীচালনাত আহত হোৱা মোশ্বাৰফ হুছেইন (১২)ৰ শনিবাৰে মুৰ্ছিদাবাদ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ।

আনহাতে, ছামছেৰগঞ্জ ব্লকৰ ঢুলীয়ান পৌৰসভা এলেকাৰ জাফৰাবাদত চোকা অস্ত্ৰৰে পিতৃ-পুত্ৰক হত্যা কৰা হয় । মৃত দুজন গজল দাস (৪৫) আৰু চন্দন দাস (২০) বুলি চিনাক্ত কৰা হৈছে । মৃতদেহকেইটা বহুসময় ঘৰতে পৰি থাকিল । পিছত আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জাংগীপুৰ উপজিলা হাস্পতাললৈ প্ৰেৰণ কৰে ।
বিক্ষোভৰ সময়ত তিনিজন লোকক গুলীয়াই হত্যা কৰা বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে, শনিবাৰে জালাংগী বিডিঅ’ৰ কাৰ্যালয়ত বৃহৎ পৰিসৰৰ আক্ৰমণ সংঘটিত হয় । আজিমগঞ্জ ৰে’ল ষ্টেচনৰ এটা ছিগনেল কণ্ট্ৰ’ল ৰূমৰ ব্যাপক ক্ষতিসাধন কৰে প্ৰতিবাদকাৰীয়ে । কাৰ্যালয়ৰ জেনেৰেটৰতো অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে ।
মুৰ্ছিদাবাদৰ পৰিস্থিতি স্বাভাৱিক: আৰক্ষীৰ দাবী
আৰক্ষীয়ে দাবী কৰিছে যে মুৰ্ছিদাবাদৰ পৰিস্থিতি এতিয়া স্বাভাৱিক । অৱশ্যে অগ্নিকাণ্ডত বিধ্বস্ত ছামছেৰগঞ্জ অঞ্চলত আৰক্ষীৰ এই দাবীৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে । শনিবাৰৰ পুৱাৰে পৰা ছামছেৰগঞ্জৰ বিভিন্ন অঞ্চলৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ আহিছে । চান্দপুৰত প্ৰতিবাদকাৰীয়ে কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লুটপাত কৰে । গুলীচালনাত নিহত হোৱা মোশ্বাৰফ হুছেইনৰ পৰিয়ালে দাবী কৰিছে যে শুকুৰবাৰে বিয়লি তেওঁ ঔৰংগাবাদৰ পেহীয়েকৰ ঘৰৰ পৰা ঘৰলৈ উভতি আহিছিল ।

সপ্তম শ্ৰেণীৰ ছাত্ৰক গুলী, চিকিৎসালয়ত মৃত্যু
পৰিয়ালটোৱে এইটোও দাবী কৰে যে যেতিয়া আৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিবলৈ গুলীচালনা কৰে, তেতিয়া গুলীয়ে মোশ্বাৰফৰ বুকুত আঘাত কৰে । তেওঁক চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হয় । সপ্তম শ্ৰেণীৰ ছাত্ৰ মোশ্বাৰফ হুছেইনৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছিল । আজি চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় । একে সময়তে প্ৰশাসনিক সূত্ৰৰ মতে মুৰ্ছিদাবাদ জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে । হিংসা প্ৰভাৱিত অঞ্চলত লোকক সমবেত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰিও ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে ।
সুতি আৰু ছামছেৰগঞ্জগঞ্জ অঞ্চলত নিৰাপত্তা বাহিনীৰ টহল
জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰাৰ কোনো প্ৰচেষ্টা আৰক্ষীয়ে সহ্য নকৰে । তেওঁ কয় যে কোনো ধৰণৰ উৰাবাতৰিৰ প্ৰতি ৰাইজে গুৰুত্ব দিব নালাগে । একে সময়তে সমগ্ৰ ঘটনা সন্দৰ্ভত বিজেপিয়ে মমতা বেনাৰ্জী চৰকাৰক আক্ৰমণ কৰিছে । তেওঁলোকে দাবী কৰে যে যদি চৰকাৰে পৰিস্থিতি চম্ভালিব নোৱাৰে তেন্তে কেন্দ্ৰৰ পৰা সহায় বিচাৰিব লাগে ।
শুভেন্দু অধিকাৰীয়ে কি ক’লে ?
বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে নিজৰ X হেণ্ডেলত পোষ্ট কৰি কয়, "এয়া কোনো প্ৰতিবাদ নহয় । ই গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাৰ ওপৰত পূৰ্ব পৰিকল্পিত হিংসা আৰু আক্ৰমণ ।" তেওঁ কয়, "জেহাদী শক্তিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ বিশৃংখলতা বিয়পাব বিচাৰে আৰু আমাৰ সমাজৰ অন্যান্য সম্প্ৰদায়ৰ মাজত ভয় বিয়পাব বিচাৰে ।"

তেওঁ আৰু কয়, "হিংসাত্মক প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াসকলকো ভাবুকি দিয়া হৈছিল । ৰাজ্যৰ অঞ্চলসমূহত সৃষ্টি হৈছে ভয় আৰু ভাবুকিৰ পৰিৱেশ ।" তেওঁ কয় যে মমতা বেনাৰ্জীৰ চৰকাৰ বধিৰ ।
এনে হ’লে আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা ল’বলৈ বাধ্য হ’ব
মুৰ্ছিদাবাদৰ দাঙ্গা সন্দৰ্ভত বংগ আৰক্ষীৰ ডি জি ৰাজীৱ কুমাৰে কয়, "প্ৰথম অৱস্থাত আৰক্ষীয়ে নূন্যতম শক্তি ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব ।" তেওঁ কয় যে সাধাৰণ ৰাইজক আৰক্ষীক সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।
আইন শৃংখলাৰ এ ডি জি জাভেদ ছামিমে কয়, "আৰক্ষীক আক্ৰমণ কৰা হৈছে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও চাৰিটা গুলীচালনা কৰে । বৰ্তমান ধুলীয়ানৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে । এই দাঙ্গাত এতিয়ালৈকে ১৫ জন আৰক্ষী জোৱান আহত হোৱাৰ বিপৰীতে ১৩৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।"
ছামছেৰগঞ্জত ১৬৩ ধাৰা জাৰি
আৰক্ষীয়ে দাবী কৰিছে যে ছামছেৰগঞ্জৰ সুতিৰ পৰিস্থিতি স্বাভাৱিক । কিন্তু শনিবাৰে পুৱাৰে পৰা ছামছেৰগঞ্জত উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰিছে । চান্দপুৰ, ডাক বাংলোকে ধৰি বহু অঞ্চলৰ পৰা আহি আছে হিংসাত্মক ঘটনাৰ খবৰ । খবৰ অনুসৰি জালংগী বিডিঅ’ৰ কাৰ্যালয় ভাঙি পেলোৱা হৈছে । ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি এছ এফৰ জোৱানসকলে অবিৰতভাৱে টহল দি আছে । পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ছামছেৰগঞ্জত ১৬৩ ধাৰা জাৰি কৰা হৈছে । একেলগে বহু লোক গোট খোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
খবৰ অনুসৰি বি এছ এফে অঞ্চলটোৰ দায়িত্ব লৈছে । জিলা দণ্ডাধীশ ৰাজাৰ্জী মিত্ৰই কয় যে বি এছ এফক মাতি অনা হোৱা নাছিল । এইটো ভাৰত-বাংলাদেশ সীমান্তৰ এলেকা, গতিকে এই অঞ্চললৈ বি এছ এফ আহিছে ।
কেন্দ্ৰীয় বাহিনীয়েও বহু অঞ্চলত টহল দি আছে । এই সময়ত ছামছেৰগঞ্জ প্ৰায় সম্পূৰ্ণ নিস্তব্ধতা । ৰাষ্ট্ৰীয় ঘাইপথত বহু জ্বলি যোৱা বাহন সিঁচৰতি হৈ থকা দেখা গৈছে ।