খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত গেছ লিক : 17 জনক চিকিৎসালয়ত ভৰ্তি - GAS LEAKAGE INCIDENT
17 hospitalized after gas leak : এম’নিয়া গেছ লিক হোৱাৰ ফলত শাৰীৰিকভাৱে অসুস্থ হৈ পৰে 17 জন লোক ৷ এটা খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত সংঘটিত হৈছে এই ঘটনা ৷ পঢ়ক সবিশেষ...

By ANI
Published : August 8, 2024 at 2:26 PM IST
নেশ্যনেল ডেস্ক, 8 আগষ্ট: এটা খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত সংঘটিত হৈছে গেছ লিকৰ ঘটনা ৷ মানৱ শৰীৰৰ বাবে অতি বিপদজনক এম’নিয়া গেছ লিক হোৱাৰ ফলত শাৰিৰীকভাৱে অসুস্থ হৈ পৰা 17 জন লোকক সম্প্ৰতি ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ এই তথ্য সদৰী কৰিছে স্থানীয় আৰক্ষীয়ে ৷
আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, ঘটনাটো মঙলবাৰে পুৱা এটা খাদ্য প্ৰক্ৰিয়াকৰণ কাৰখানাত সংঘটিত হৈছিল । চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ ভিতৰত এগৰাকী মহিলাক বৰ্তমান উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে ৰখা হৈছে আই চি ইউত ৷
লগতে পঢ়ক: বিশাখাপট্টনমত গেছ নিৰ্গমন কাণ্ডঃ শিশুসহ মৃত্যু 10 গৰাকীৰ
আৰক্ষীৰ এগৰাকী শীৰ্ষ পৰিদৰ্শক নাৰায়ণ দেশমুখে এই সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি, গেছ লিকৰ এই দুৰ্ঘটনাই 17 জন ব্যক্তি আহত হয় ৷ পৰৱৰ্তী সময়ত আটাইকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ বৰ্তমান সকলোৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও চিকিৎসকৰ পৰ্যবেক্ষণত আছে ৷ ইতিমধ্যে আটাইকেইগৰাকীকে চিকিৎসকে বিপদমুক্ত ঘোষণা কৰিছিল ৷ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷
উল্লেখ্য যে, আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, "গেছ লিক হোৱা স্থানৰ ওচৰত থকা মহিলাগৰাকীক উন্নত চিকিৎসা সেৱা প্ৰদানৰ লগতে চিকিৎসকৰ নিৰীক্ষণৰ বাবে ভৰ্তি কৰোৱা হৈছে আই চি ইউত ।’’
কাৰখানাটোত গেছ লিকৰ ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ এটা দলে ঘটনাস্থলীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে সমগ্ৰ কাৰখানাটো পৰিদৰ্শন কৰিছিল । কাৰখানাটোৰ আভ্যন্তৰীণ সুৰক্ষা প্ৰণালীৰ আঁসোৱাহৰ বাবে গেছ লিকৰ এই ঘটনা সংঘটিত হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনে জিলাৰ য়াৱত অঞ্চলত ৷
লগতে পঢ়ক: ৰন্ধন গেছেই হ’ল কাল; একেলগে প্ৰাণ হেৰুৱালে 4 জনকৈ লোকে

