ETV Bharat / bharat

সোনকালেই সম্পূৰ্ণ কৰিব লাগে ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰ নিৰ্মাণ কাম : কেইশাম মেঘাচন্দ্ৰ সিং - Indo Myanmar Border Fencing

MPC President on Indo Myanmar Border : কেবিনেট কমিটীয়ে ভাৰত-ম্যানমাৰ সীমান্তত সীমান্ত বেৰ নিৰ্মাণৰ বাবে ৩১ হাজাৰ কোটি টকা অনুমোদন জনাইছে । ইতিমধ্যে মণিপুৰৰ ম'ৰেত এই কাঁটাতাঁৰৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে । ভাৰত-ম্যানমাৰ সীমান্তত মুঠ ১,৬১০ কিঃমিঃ দৈৰ্ঘৰ এই সীমান্ত বেৰ নিৰ্মাণ হ'ব । এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে ।

MPC President on Indo Myanmar Border
ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বেৰ সন্দৰ্ভত মণিপুৰ প্ৰদেশ কংগ্ৰেছ সভাপতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2024 at 2:29 PM IST

|

Updated : September 20, 2024 at 5:08 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ, ২০ ছেপ্টেম্বৰ : ভাৰত-ম্যানমাৰৰ মাজত ১,৬১০ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁটাতাঁৰৰ বেৰ আৰু পথ নিৰ্মাণৰ বাবে ৩১,০০০ কোটি টকা কেন্দ্ৰই অনুমোদন জনোৱাৰ বিষয়ত মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে আদৰণি জনাইছে । কেন্দ্ৰই এই বিষয়ত লোৱা পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি মেঘাচন্দ্ৰই কয়, "এই কাম অতি খৰতকীয়া কৰাৰ প্ৰয়োজনীয়তা আছে ।"

উল্লেখ্য যে ভাৰত আৰু ম্যানমাৰৰ মাজত উত্তৰ-পূবৰ চাৰিখন ৰাজ্য অৰুণাচল (৫২০ কিলোমিটাৰ), নাগালেণ্ড (২১৫ কিলোমিটাৰ), মণিপুৰ (৩৯৮ কিলোমিটাৰ) আৰু মিজোৰামৰ (৫১০ কিলোমিটাৰ) লগত ম্যানমাৰৰ সাগাইং অঞ্চল আৰু চিন ৰাজ্যৰ ভৌগলিক সীমা সামৰি ম্যানমাৰৰ সৈতে ভাৰতৰ মুঠ ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে ।

মণিপুৰ প্ৰদেশ কংগ্ৰেছ সভাপতিৰে টেলিফোনিক বাৰ্তালাপ (ETV Bharat Assam)

ইয়াৰে ভিতৰত ১,৬১০ কিলোমিটাৰ দৈৰ্ঘৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত, প্ৰায় ৩১,০০০ কোটি টকা ব্যয়েৰে সীমান্ত বেৰ আৰু পথ নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ বিষয়ে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মেঘাচন্দ্ৰই কয়, "আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাঁটাতাঁৰৰ বেৰ নথকাৰ বাবে মণিপুৰৰ হিংসাত্মক ঘটনা আৰু অবৈধ অনুপ্ৰৱেশৰ দ্বাৰা আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে ।"

মেঘাচন্দ্ৰই কয়, "কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰৰ বেৰ সম্পূৰ্ণ কৰিবলৈ আৰু অধিক ধনৰ আবণ্টন দিব লাগিব আৰু এই বেৰ যিমান পাৰি সোনকালে সমাপ্ত কৰিব লাগে । কাৰণ বহুতো অনুপ্ৰৱেশকাৰীয়ে কাংকপকী, ম'ৰে আৰু চূড়াচান্দপুৰ সীমান্ত অঞ্চলৰ পৰা মণিপুৰত প্ৰৱেশ কৰে আৰু মণিপুৰত খোপনি পুতি উগ্ৰবাদী কাৰ্যকলাপৰ সৃষ্টি কৰে । ইয়াৰ কাৰণ হৈছে চুবুৰীয়া দেশ ম্যানমাৰৰ অস্থিৰতা । ইয়াৰ ফলস্বৰূপে ম্যানমাৰৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ দ্বাৰা মণিপুৰ অস্থিৰ কৰি তুলিছে ।"

লগতে পঢ়ক :ভাৰত-ম্যানমাৰ সীমান্তত ৩১ হাজাৰ কোটিটকীয়া বেৰ; কেবিনেট কমিটীৰ অনুমোদন - India Myanmar Border

তেওঁ লগত কয়, "ভাৰত-ম্যানমাৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমান্তত মুক্ত চলাচল ব্যৱস্থা বন্ধ কৰিবলৈ মণিপুৰ বিধানসভাত সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এইটো অনুৰোধ জনোৱা হৈছিল যে পূৰ্বৰ এফ এম আৰ (Free Movement Regime, FMR) বাতিল কৰিব লাগে ।"

ইয়াৰ লগতে মেঘাচন্দ্ৰই কয়, "ম'ৰেত প্ৰায় ১০ কিলোমিটাৰ বেৰ দিয়া ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে । সেয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে সম্পূৰ্ণ হৈছে । ম'ৰে মণিপুৰৰ অতি স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত চহৰ । ইয়াত অতি সঘনে অনুপ্ৰৱেশ ঘটে ।"

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কথা উল্লেখ কৰি তেওঁ কয়, "এই আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলাচল কৰা বিষয়টো এটা ভূ-ৰাজনৈতিক বিষয় । অন্য সীমান্তসমূহতো কাঁটাতাঁৰৰ বেৰ দিয়াৰ কাম পূৰ্ণগতিত কৰিব লাগিব । ম'ৰেত সীমান্ত কাঁটাতাঁৰৰ বেৰৰ পিলাৰ নম্বৰ ৮১ আৰু ৮২-ত ইতিমধ্যে সম্পূৰ্ণ হৈছে ।"

আনহাতে, মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যিক কংগ্ৰেছ সভাপতি মেঘাচন্দ্ৰই কয়, "মণিপুৰ এতিয়াও অস্থিৰ হৈ আছে । অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, বোমা, ৰকেট আদিৰে সাধাৰণ লোকক আক্ৰমণ কৰা হৈছে । প্ৰায় ১০০ লোকে মৃত্যুবৰণ কৰিছে আৰু হাজাৰোধিক বৰ্তমান চিকিৎসাধীন হৈ আছে । দেশৰ ভিতৰতে বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । যিদৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে, সেই একেদৰেই ভাৰতৰ ভিতৰত মণিপুৰত উগ্ৰপন্থীয়ে সাধাৰণ জনতাৰ ওপৰত এইসমূহ ব্যৱহাৰ কৰিছে ।"

তেওঁ লগতে কয়, "মণিপুৰৰ জনতাই প্ৰশ্ন উত্থাপন কৰিছে কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ বিষয়টোত গুৰুত্ব দিয়া নাই । যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইন ভ্ৰমণ কৰিছে, কিন্তু নিজৰ দেশৰ ভিতৰত অস্থিৰতাত থকা এখন ৰাজ্যৰ বিষয়ে চিন্তা কৰা নাই । মণিপুৰত এখন জিলাৰ পৰা আনখন জিলাৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি অত্যাধুনিক অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে, যেনেদৰে ইজৰাইল আৰু পেলেষ্টাইন, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সংঘটিত হৈছে ।"

লগতে পঢ়ক :মণিপুৰৰ হিংসাত আমেৰিকা-চীনৰ দৰে তৃতীয় শক্তি জড়িত নেকি ? - Manipur crisis
Last Updated : September 20, 2024 at 5:08 PM IST