ETV Bharat / bharat

চুৰি কৰা অস্ত্ৰ-শস্ত্ৰ ৬ মাৰ্চৰ ভিতৰত জমা দিব লাগিব...অন্যথা কি হ'ব ?

মণিপুৰৰ ৰাজ্যপালে এক নিৰ্দেশনাৰ জৰিয়তে লুটপাত কৰি লৈ যোৱা অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰাৰ অন্তিম সুযোগ দিছে ।

Manipur crisis
চুৰি কৰা অস্ত্ৰ-শস্ত্ৰ ৬ মাৰ্চৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 3:03 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই এক বিশেষ ঘোষণাৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাৰ পৰা লুট কৰি লৈ যোৱা অস্ত্ৰ-শস্ত্ৰসমূহ জমা বা সমৰ্পণ কৰিবলৈ ৭ দিনৰ অতিৰিক্ত সময়সীমা বান্ধি দিছে । অস্ত্ৰ সমৰ্পণৰ এয়া হ'ব অন্তিম সুযোগ ।

অস্ত্ৰ-শস্ত্ৰ জমা দিয়াৰ অন্তিম সুযোগ

ৰাজভৱনৰ পৰা জাৰি কৰা আন এক নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে যিসমূহ যুৱক বা অন্যান্য গোটে অস্ত্ৰসমূহ এতিয়াও জমা বা ঘূৰাই দিয়া নাই, আজিৰে পৰা অহা ৬ মাৰ্চৰ বিয়লি ৪ বজাৰ ভিতৰত জমা বা সমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । অন্যথা পৰৱৰ্তী সময়ত সামৰিক অভিযান বা আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে । ৰাজ্যপাল ভাল্লাই উল্লেখ কৰে যে এইটো হ'ব ৰাজ্যখনৰ যুৱকসকলৰ বাবে অন্তিম সুযোগ । নিৰ্দেশনাটোত কোৱা হৈছে যে লোকসকলে সমীপৱৰ্তী আৰক্ষী আউট পোষ্ট বা থানা বা আৰক্ষী কণ্ট্ৰল ৰূমৰ ৯৪৮৫২৮০৪১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Manipur crisis
চুৰি কৰা অস্ত্ৰ-শস্ত্ৰ ৬ মাৰ্চৰ ভিতৰত জমা দিয়াৰ নিৰ্দেশ (ETV Bharat)

ইয়াৰ পূৰ্বে বিগত ২০ ফেব্ৰুৱাৰীত ৰাজভৱনৰ পৰা জাৰি কৰা নিৰ্দেশনাত জনোৱা হৈছিল যে মণিপুৰৰ শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিবলৈ প্ৰতিটো জনগোষ্ঠীৰ লোকে দৈনন্দিন জীৱনত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ঐক্যবদ্ধভাবে থিয় দিব লাগিব ।

ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই বিশেষকৈ যুৱ প্ৰজন্মক উদ্দেশ্যি কয়, "মই যুৱকসকলক অনুৰোধ জনাইছো যে তেওঁলোকে স্থানীয় আৰক্ষী থানাসমূহৰ পৰা হিংসাৰ সময়ত লুটপাত কৰি লৈ যোৱা অস্ত্ৰ-শস্ত্ৰ আৰু লগতে যিসমূহ অস্ত্ৰ অবৈধভাৱে মজুত ৰাখিছে সেই সকলো অতি সোনকালে সমৰ্পণ কৰিব লাগে । চৰকাৰে মণিপুৰত এক শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ উন্নয়নৰ চেষ্টা অব্যাহত ৰাখিছে । গতিকে সকলোৱে আগবাঢ়ি আহক আৰু এখন শান্তিৰ ৰাজ্য প্ৰতিষ্ঠা কৰক ।"

Manipur crisis
মণিপুৰত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ (@manipur_police)

উল্লেখ্য যে মণিপুৰক বিগত ২০২৩ চনৰ ৩ মে'ৰ পৰা গোষ্ঠীগত হিংসাই অস্থিৰ কৰি ৰাখিছে । ৰাজ্যখনৰ প্ৰায় ৬০ হাজাৰ লোক আজিও গৃহহীন হৈ আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰি আছে । আনহাতে ৰাষ্ট্ৰপতি শাসন চলি থকা ৰাজ্যখনত সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে ।

সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত

একে সময়তে মণিপুৰ আৰক্ষীয়ে Xৰ এটা পোষ্টত প্ৰকাশ কৰিছে, "সুৰক্ষা বাহিনীয়ে চুৰাচান্দপুৰ জিলাৰ অন্তৰ্গত চুৰাচান্দপুৰ বনাঞ্চলৰ ছংপি গাঁও আৰু পিয়ৰচনমম গাঁৱত অভিযান চলাই কেইবাটাও অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সেইসমূহ হৈছে ১ টা খালী মেগজিনৰ সৈতে এক্স-কেলিবাৰৰ ৰাইফল, ১টা খালী মেগজিন, স্বদেশী মৰ্টাৰ, ৪ টা মৰ্টাৰ ৰাউণ্ড, ১ টা মৰ্টাৰ ৰাউণ্ড (মধ্যমীয়া আকাৰ), ২ টা বেতাঁৰ চেট (বাওফেং নিৰ্মিত), দুটা বুলেটপ্ৰুফ প্লেটৰ, ৮ টা চেষ্ট পোষ্ট/ভেষ্ট, এটা হেলমেট, ৫ টা ৫.৫৬ এম এম গোলাবাৰুদ ।"

লগতে পঢ়ক :মণিপুৰৰ লুটপাত কৰা আৰু অবৈধ অস্ত্ৰ জমা দিবলৈ ৰাজ্যপালৰ নিৰ্দেশ - PRESIDENTS RULE IMPOSED IN MANIPUR