ETV Bharat / bharat

মণিপুৰ-ছত্তীশগড় আৰু জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযানত সৰ্বাধিক অসামৰিক লোকৰ মৃত্যু

ছত্তীশগড় হৈছে দেশৰ এনে এখন ৰাজ্য, য’ত গৰিষ্ঠসংখ্যক আৰক্ষী জোৱানক নক্সালবাদীয়ে হত্যা কৰিছে । এন চি আৰ বিয়ে প্ৰকাশ কৰিছে তথ্য ৷

police personnel have been killed by Naxalites
প্ৰতিকী ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : October 11, 2025 at 8:31 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : মণিপুৰ, ছত্তীশগড় আৰু জম্মু-কাশ্মীৰ হৈছে দেশৰ এনে শীৰ্ষ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, য’ত আৰক্ষীৰ বিভিন্ন অভিযানৰ সময়ত সৰ্বাধিক সংখ্যক অসামৰিক লোকৰ মৃত্যু ঘটিছে ।

দৰাচলতে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ (National Crime Record Bureau চমুকৈ NCRB) শেহতীয়া তথ্যত প্ৰকাশ পাইছে যে ২০২৩ চনত মণিপুৰত আৰক্ষীৰ গুলীচালনাত ২৪ জন সাধাৰণ নাগৰিক আৰু লাঠিচালনাত ৬ জন নিহত হোৱাৰ বিপৰীতে একে সময়তে জম্মু-কাশ্মীৰত আৰক্ষীৰ গুলীচালনাত ৫ জন আৰু বোমা বিস্ফোৰণত ৫ জন নাগৰিকৰ মৃত্যু হৈছিল । কিন্তু ছত্তীশগড়ত ২০২৩ চনত বাওঁপন্থী উগ্ৰপন্থীয়ে ২৬ জন আৰক্ষী জোৱানক হত্যা কৰিছিল ।

NCRB ৰ তথ্য অনুসৰি, ২০২৩ চনত মুঠ ৩১৮ জন আৰক্ষী জোৱান নিহত হৈছে আৰু মহাৰাষ্ট্ৰত দুৰ্ঘটনাত সৰ্বাধিক ৪৪ জন লোকৰ মৃত্যু হৈছে । তাৰ পিছতে তামিলনাডুত ৩৬ জন (৩৫ জন দুৰ্ঘটনাত আৰু ১ জন সংঘৰ্ষত) আৰু ৩৩ জন আৰক্ষী জোৱানৰ মৃত্যু হৈছে ৰাজস্থানত (৩২ জন দুৰ্ঘটনাত আৰু ১ জন অপৰাধী চক্ৰৰ দ্বাৰা নিহত)।

উত্তৰ প্ৰদেশৰ প্ৰখ্যাত নিৰাপত্তা বিশেষজ্ঞ তথা প্ৰাক্তন ডি জি পি প্ৰকাশ সিঙে কয়, "মণিপুৰ, ছত্তীশগড়, ঝাৰখণ্ড আৰু আন কেইখনমান ৰাজ্যই বিদ্ৰোহ আৰু বাওঁপন্থী উগ্ৰবাদৰ ভাবুকিৰ বিৰুদ্ধে যুঁজি আছে । গতিকে, এই ৰাজ্যসমূহত অসামৰিক লোক হতাহত হয় । অৱশ্যে অসামৰিক লোকৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থাসমূহে সদায় সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰে ।"

বহু সময়ত নিৰাপত্তা সংস্থাই এনে বিদ্ৰোহ বিৰোধী অভিযানত যাওঁতে অসামৰিক চালকক লৈ যায় ।

সিঙে কয়, "যেনেকৈ আমি ২০২৩ চনৰ মে' মাহৰ পৰা আৰম্ভ হোৱা মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিছো, সেই সময়ছোৱাত সৰ্বাধিক অসামৰিক লোকৰ মৃত্যু হৈছিল । ৰাজ্যিক প্ৰতিবেদনৰ পৰা সংকলন কৰা NCRB ৰ তথ্যই সেই সময়ছোৱাত সংঘটিত হোৱা হিংসাৰ ওপৰতো আলোকপাত কৰিছিল ।"

NCRB ৰ তথ্য অনুসৰি, ২০২৩ চনৰ ভিতৰত ৬৭ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয় আৰু মণিপুৰত অধিকাংশ লোকৰ মৃত্যু হৈছে ৩০ জন (২৪ জন গুলীচালনা আৰু ৬ জন আৰক্ষীৰ লাঠীচালনাত) । তাৰ পিছতে জম্মু আৰু কাশ্মীৰত ১০ জন (৫ জন গুলীচালনাত আৰু ৫ জন বোমা বিস্ফোৰণত) আৰু ৬ জন অসামৰিক লোকৰ মৃত্যু হৈছে বিহাৰত (২ জন আৰক্ষীৰ গুলীচালনাত আৰু অন্যান্য দুৰ্ঘটনাত, ১জন ডকাইতৰ হাতত আৰু ১জন আৰক্ষীৰ অভিযানত নিহত)।

২০২৩ চনত সমগ্ৰ দেশতে বিভিন্ন দুৰ্ঘটনাত মুঠ ১২৭১ জন আৰক্ষী জোৱান আহত হোৱাৰ লগতে কেৰালাত সৰ্বাধিক ২৬৪ জন লোক আহত হৈছিল (১৩৫ জন উত্তেজিত গোটৰ দ্বাৰা আৰু ১২৭ জন অপৰাধীৰ দ্বাৰা) । তাৰ পিছতে ওড়িশাত ২৩২ জন (অপৰাধী/গেংষ্টাৰ/ ডকাইত) আৰু তামিলনাডুত ১৪৮ জন (৩৩ জন অপৰাধী /গেংষ্টাৰ/ ডকাইতৰ দ্বাৰা আৰু দুৰ্ঘটনাত ১১৫ জন) আঘাতপ্ৰাপ্ত হয় ।

লগতে পঢ়ক : ছত্তীশগড়ৰ বীজাপুৰত নক্সালবাদীয়ে ৰোপণ কৰা IED বিস্ফোৰণত গুৰুতৰভাৱে আহত এটি নাবালক