বিপদ সীমাৰ ওপৰেৰে বৈ থকা নদীৰ উগ্ৰ ৰূপ দেখিও শংকিত নহ’ল ; যি কৰিলে তাক দেখি হতবাক সকলো
এখন দলং । প্ৰচণ্ড সোঁতৰ মাজত আছে এটি খুটা । এই খুটা আৰু দলঙৰ মাজতেই এজন লোকৰ চকু কপালত উঠা কাণ্ড । পঢ়ক সম্পূৰ্ণ খবৰ

Published : July 11, 2025 at 4:50 PM IST
মণ্ডলা : মধ্য় প্ৰদেশৰ মণ্ডলা জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ থকাত নৰ্মদা নদীয়ে ভয়াৱহৰূপ ধাৰণ কৰিছে। কিন্তু আমি আপোনালোকক নদীৰ এই ভয়াৱহ ৰূপৰ কথা ক'ব খোজা নাই,ক'বলৈ ওলাইছো এনে এজন ব্যক্তিৰ কথা যিজনে বৰষুণলৈ ভয় নকৰে আৰু নৰ্মদা নদীৰ উগ্ৰ ৰূপ দেখিও শংকিত নহয় । জীৱন-মৰণলৈ ভয় নকৰি শুই আছে নদীৰ মাজত ।
নৰ্মদা নদীৰ দলং আৰু খুটাৰ মাজত থকা সামান্য় খালি ঠাইত এজন লোক কিমান দিন আবদ্ধ হৈ আছিল সেই কথা কোনেও নাজানে যদিও এই লোকজনক এছ ডি আৰ এফে উদ্ধাৰ কৰা দুঃসাহসিক অভিযান পিছে সকলোৱে প্ৰত্য়ক্ষ কৰিলে । শিহৰণকাৰী দৃশ্য়টো সকলোৱে প্ৰত্যক্ষ কৰি বন্ধি কৰিলে কেমেৰাত ।
খুটাৰ মাজতে আছিল শুই :
আপুনি নিশ্চয় এই ভিডিঅ' আৰু ফটো প্ৰত্য়ক্ষ কৰিছে । ভিডিঅ'টোত আপুনিও দেখিছে যে তলত নদীৰ ভয়াৱহ সোঁতৰ মাজতেই দলং আৰু খুটাৰ মধ্য়স্থানত এজন মানুহে এটা ঘৰ সাজিছে । প্ৰৱল সোঁতকো ভয় নকৰি এই মানুহজনে দলঙৰ পৰা খুঁটাটোলৈ নামি আহি ভিতৰলৈ গৈ শুই আছে । উদ্ধাৰকাৰী দলটোৱে যেতিয়া তেওঁক ধৰিবলৈ হাতখন আগবঢ়াইছিল তেতিয়া মানুহজন খুটাটোৰ ভিতৰ ফালে আগবাঢ়ি গৈছিল । কেনেবাকৈ উদ্ধাৰকাৰী দলে নৰ্মদা নদীৰ মাজত থিয় হৈ থকা খুঁটাটোৰ পৰা উদ্ধাৰ কৰিলে লোকজনক ।
খুটাটোৰ ভিতৰত আছে কি ?
উদ্ধাৰকাৰী দলটোৱে খুটাটোৰ ভিতৰত প্ৰৱেশ কৰাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ কথা । দলং আৰু খুটাৰ মাজত থকা খালি ঠাইখিনিত এজন মানুহ অহা যোৱাই নহয়,তাত ইতিমধ্যে দুখন বিচনা আৰু দৈনন্দিন ব্যৱহাৰৰ অন্যান্য সামগ্ৰীও এই দলটোৱে প্ৰত্য়ক্ষ কৰে । ইয়াৰ পৰা অনুমান কৰা হৈছে যে এই ঠাইখন গৃহহীন লোকৰ বাবে অস্থায়ী আশ্ৰয়স্থল হৈ পৰিছে । সম্প্ৰতি লোকজনক নিৰাপদে উদ্ধাৰ কৰাৰ লগতে উক্ত স্থানতে SDRFৰ দল সম্পূৰ্ণৰূপে সজাগ হৈ আছে ।

এছডিআৰএফৰ কমাণ্ডেন নৰেশ চাহুৱে কয়, "মহিষ্মতী ঘাটত নৰ্মদা দলঙৰ ৰেলিঙত ওলমি এজন ব্যক্তিয়ে দলঙৰ খুঁটাটোৰ খালি স্থানত প্ৰৱেশ কৰিছে । তথ্য পোৱাৰ লগে লগে আমাৰ দলটোৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে । ব্যক্তিজনে গৈ দলঙৰ খুঁটাৰ ভিতৰত খালী ঠাইত শুই পৰিল ।"

তেওঁ পুনৰ কয়, "আমাৰ দলটোক দেখাৰ পিছত ব্যক্তিজনে দৌৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আমি খুঁটাটোৰ দুয়োফালৰ পৰা দল পঠিয়াই মানুহজনক উদ্ধাৰ কৰি উলিয়াই আনিলোঁ । আমি খুঁটাটোৰ ভিতৰত দুখন বিচনা পাইছো। সেই ব্যক্তিজন কেতিয়াৰ পৰা তাত বাস কৰিছিল আমি নাজানো । আমি ব্যক্তিজনক নিৰাপদে উলিয়াই আনিছো।"

