ETV Bharat / bharat

পৰকীয়াৰ কৰুণ পৰিণতি; প্ৰেমিকেৰে মিলি 'ছুপাৰী কিলাৰ'ৰ দ্বাৰা স্বামীক হত্যা মহিলাৰ - WIFE KILLED MAN

হত্যাকাণ্ডত সহায় কৰা অনুৰাগ যাদৱ নামৰ ব্যক্তিজন বিগত চাৰি বছৰ ধৰি নিহত দিলীপৰ পত্নী প্ৰগতিৰ সৈতে সম্পৰ্কত আছিল ।

Wife killed man
আউৰিয়াৰ আৰক্ষী অধীক্ষক (ANI)
author img

By ANI

Published : March 25, 2025 at 9:11 AM IST

Updated : March 25, 2025 at 10:29 AM IST

3 Min Read

আউৰিয়া (উত্তৰ প্ৰদেশ) : পতি-পত্নীৰ মাজৰ সম্পৰ্কক স্বৰ্গীয় বুলি কোৱা হয় । জীৱন যাত্ৰাত দুয়োৱে হাতে-হাত ধৰি আগবাঢ়ি যোৱাৰ অংগীকাৰ লয় হোমৰ অগ্নিত । কিন্তু এই স্বৰ্গীয় সম্পৰ্ক কেতিয়াবা নৰকতকৈও অধিক ভয়ানক হৈ পৰে । পতি-পত্নীৰ মাজৰ সম্পৰ্কত ফাঁট মেলি কেতিয়াবা চৰম পৰিণতি পৰ্যন্ত হয় । তেনে এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত । পৰকীয়া প্ৰেমত হাবু-ডুবু খাই স্বামীক হত্যা মহিলাৰ ।

উত্তৰ প্ৰদেশৰ আউৰিয়াত সংঘটিত এই ঘটনাত পত্নী আৰু প্ৰেমিকে মিলি ভাৰাতীয়া হত্যাকাৰী লগাই লোকক এজন লোকক হত্যা কৰাৰ অভিযোগ উঠিছে । আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ ।

আউৰিয়াৰ আৰক্ষী অধীক্ষক অভিজিত আৰ শংকৰে জনোৱা অনুসৰি, আৰক্ষীয়ে ১৯ মাৰ্চত এজন আহত ব্যক্তিৰ বিষয়ে তথ্য লাভ কৰে । আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত ব্যক্তিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় । আঘাতপ্ৰাপ্ত ব্যক্তিজনক দিলীপ যাদৱ বুলি চিনাক্ত কৰা হয় ।

কিন্তু আঘাতপ্ৰাপ্ত ভুক্তভোগীজনে পিছত মৃত্যুবৰণ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে ।"... আৰক্ষীয়ে ১৯ মাৰ্চত এজন আঘাতপ্ৰাপ্ত ব্যক্তিৰ বিষয়ে তথ্য লাভ কৰে । তথ্য পোৱাৰ পিছত আৰক্ষী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ তেওঁক চিকিৎসালয়লৈ লৈ যায় । ভুক্তভোগীজনক দিলীপ যাদৱ বুলি চিনাক্ত কৰা হয়... চিকিৎসাৰ সময়ত ব্যক্তিজনৰ মৃত্যু হোৱাত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হয় ।" আৰ শংকৰে সোমবাৰে ANI ক কয়।

ইফালে আৰক্ষীয়ে বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰে । তেওঁলোকে ৰামজ নগৰৰ ওচৰত স্থাপন কৰা কেমেৰাৰ পৰা এজন লোকক চিনাক্ত কৰে আৰু তেওঁক নিৰীক্ষণ কৰিবলৈ দল মোতায়েন কৰে । সোমবাৰে তেওঁক আন এজন ব্যক্তিৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰৰ পিছত জানিব পৰা যায় যে অনুৰাগ যাদৱ নামৰ ব্যক্তিজনে উক্ত ব্যক্তিজনক হত্যাকাণ্ডত সহায় কৰিছিল । আনহাতে, সহায়ক অনুৰাগ যাদৱ বিগত চাৰি বছৰ ধৰি দিলীপৰ পত্নী প্ৰগতিৰ সৈতে সম্পৰ্কত আছিল । আউৰিয়াৰ এছ পিয়ে কয় ।

আৰক্ষীয়ে লগতে প্ৰকাশ কৰে যে প্ৰগতিৰ নিৰ্দেশত সমগ্ৰ হত্যাকাণ্ডটোৰ পৰিকল্পনা কৰিছিল অনুৰাগে । আনহাতে, হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে ২ লাখ টকাৰ চুক্তি কৰিছিল । এই অপৰাধটোত আন কোনো লোক জড়িত আছে নেকি তাৰ সন্ধান চলি আছে ।

"অপাৰেচন ত্ৰিনেত্ৰৰ অংশ হিচাপে স্থাপন কৰা কেমেৰাত আমি ৰামজী নাগৰ নামৰ এজন ব্যক্তিক চিনাক্ত কৰিছো । আমি তেওঁক বিচাৰিবলৈ দল মোতায়েন কৰিছিলোঁ আৰু আজি তেওঁ আৰু তেওঁৰ সহায়কক গ্ৰেপ্তাৰ কৰা হৈছে । আমি এইটোও তথ্য পাওঁ যে গ্ৰেপ্তাৰ কৰা লোক দুজনৰ এজন সহায়ক অনুৰাগ যাদৱ বিগত চাৰি বছৰ ধৰি নিহত দিলীপ যাদৱৰ পত্নী প্ৰগতি যাদৱৰ সৈতে সম্পৰ্কত আছিল । এইটোও পোৱা গৈছে যে অনুৰাগ যাদৱে প্ৰগতি যাদৱৰ নিৰ্দেশত গোটেই হত্যাকাণ্ডটোৰ পৰিকল্পনা কৰিছিল... অনুৰাগে ৰামজী নাগৰৰ সৈতে ২ লাখ টকাৰ চুক্তি কৰিছিল... আমি ষড়যন্ত্ৰত জড়িত আনসকলক বিচাৰি আছো...।" এছ পি শংকৰে কয় ।

লগতে পঢ়ক :ভক্তই দিয়া মিঠা প্ৰসাদ খাই জীৱনলৈ ভাবুকি মাতিছে শিৰডীৰ কুকুৰবোৰে - SHIRDI DOGS OBESE
লগতে পঢ়ক :বাসগৃহত নগদ ধন উদ্ধাৰৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ন্যায়িক দায়িত্ব প্ৰত্যাহাৰ - JUSTICE YASHWANT VARMA

Last Updated : March 25, 2025 at 10:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.