ETV Bharat / bharat

বাবা ছিদ্দিকী হত্যাৰ গোচৰত লুধিয়ানাৰ পৰা আৰু এজনক গ্ৰেপ্তাৰ

Baba Siddique Murder Accused Arrested : সুৰজিৎ সুশীল সিং নামৰ অভিযুক্তজনক পঞ্জাব আৰক্ষী আৰু মুম্বাই আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় ।

Baba Siddique Murder Accused Arrested
বাবা ছিদ্দিকী (ETV Bharat)
author img

By PTI

Published : October 26, 2024 at 1:05 PM IST

2 Min Read
Choose ETV Bharat

লুধিয়ানা : এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাৰ গোচৰত লুধিয়ানাৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । পঞ্জাব আৰক্ষীৰ প্ৰধান গৌৰৱ যাদৱে শনিবাৰে এই কথা প্ৰকাশ কৰে ।

সুৰজিৎ সুশীল সিং নামৰ অভিযুক্তজনক পঞ্জাব আৰক্ষী আৰু মুম্বাই আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় । তেওঁক মুম্বাই আৰক্ষীৰ হাতত গতাই দিয়া হৈছে । পঞ্জাব আৰক্ষীৰ সঞ্চালক প্ৰধান যাদৱে এক্সৰ এটা পোষ্টত কয়, "এক গুৰুত্বপূৰ্ণ সফলতাত মুম্বাই আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত মুম্বাইৰ বাসিন্দা সুজিৎ সুশীল সিঙক আটক কৰে । তেওঁক বাবা ছিদ্দিকীৰ হাই প্ৰফাইল হত্যাকাণ্ডত বিচাৰি থকা হৈছিল ।"

"সুজিত হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল আৰু নিতিন গৌতন (গৌতম) চাপ্ৰে নামৰ আন এজন অভিযুক্তই তেওঁক তিনি দিন পূৰ্বে বাবা ছিদ্দিকীক হত্যাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল । তেওঁ সা-সামগ্ৰী যোগান ধৰিও সহায় আগবঢ়াইছিল । তেওঁক অধিক তদন্তৰ বাবে মুম্বাই আৰক্ষীক গতাই দিয়া হৈছে ।" তেওঁ কয় ।

উল্লেখ্য যে ৬৬ বছৰীয়া ছিদ্দিকীক ১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ খেৰ নগৰত তিনিজন লোকে গুলীয়াই হত্যা কৰিছিল । এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক গুলীবিদ্ধ অৱস্থাত জৰুৰীকালীনভাৱে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎকে বহু চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে ৷

বুকুত দুটা গুলীৰ আঘাত পোৱা বুলি চিকিৎসালয়খনৰ চিকিৎসকে জানিবলৈ দিয়ে । শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৷ বান্দ্ৰা পশ্চিমৰ তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি এন চি পিৰ অজিত পাৱাৰ গোটত যোগদান কৰিছিল ।

লগতে পঢ়ক :বাবা ছিদ্দিকীৰ শ্বুটাৰৰ ফোনত পুত্ৰৰ ফটো উদ্ধাৰ; উদ্বেগজনক স্নেপচাটৰ তথ্য প্ৰকাশ
লগতে পঢ়ক :বিজয়া দশমীৰ আনন্দৰ মাজতে বাবা ছিদ্দিকীৰ হত্যাকাণ্ড; যুৱৰাজ সিঙৰ শোকপ্ৰকাশ