মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যা : অপৰাধীৰ মৃত্যুদণ্ড বিচাৰিছে মমতাই - Kolkata Rape and Murder case
Mamata Banerjee : আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালত মৃতদেহ উদ্ধাৰ হোৱা এগৰাকী মহিলা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ তদন্ত অব্যাহত ৰাখিছে কলকাতাৰ আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আৰক্ষীয়ে দুজন ইন্টাৰ্ণ চিকিৎসককো সোধা-পোছা কৰিছে। প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত তেওঁৰ মৃত্যুৰ পূৰ্বে যৌন নিৰ্যাতন হোৱা বুলি নিশ্চিত কৰা হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অপৰাধীৰ ফাঁচী বিচৰা বুলি মন্তব্য কৰিছে ৷

Published : August 10, 2024 at 10:52 PM IST
নেশ্যনেল ডেস্ক, 10 আগষ্ট : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে কয় যে ৰাজ্য চৰকাৰে চৰকাৰী মালিকানাধীন আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ড বিচাৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, তেখেতে বিষয়াসকলক এই গোচৰৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হোৱাটো নিশ্চিত কৰিবলৈ কয় ৷ শুকুৰবাৰে উত্তৰ কলকাতাৰ চিকিৎসালয়খনৰ চেমিনাৰ হলত উদ্ধাৰ হয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ইংগিত অনুসৰি মহিলা চিকিৎসকগৰাকীক হত্যা কৰাৰ পূৰ্বে যৌন নিৰ্যাতনৰ বলি হৈছিল ৷
অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ আৰু সমদলকো ন্যায্যতা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷ বাংলা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কনিষ্ঠ চিকিৎসকসকলে যি দাবী উত্থাপন কৰিছে তাক তেওঁ সমৰ্থন কৰে ৷ মমতা বেনাৰ্জীয়ে লগতে কয় যে প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)কে ধৰি কোনো সংস্থাই গোচৰৰ তদন্ত কৰিলে পশ্চিম বংগ চৰকাৰে আপত্তি নকৰে ৷
এই ঘটনাক ভয়ংকৰ আৰু ঘৃণনীয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কনিষ্ঠ চিকিৎসকসকলক স্বাস্থ্যসেৱা অব্যাহত ৰাখিবলৈ আৰু সমান্তৰালভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰ পূৰ্বে কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱেলে কয় যে দোষী সাব্যস্ত হ’লে অভিযুক্তই সৰ্বোচ্চ শাস্তি পোৱাটো আৰক্ষীয়ে নিশ্চিত কৰিব ৷
ইফালে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ মৃত্যুত পশ্চিম বংগত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে ৷ আৰক্ষীয়ে এই গোচৰত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷
শনিবাৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনৰ মহিলা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ সংবাদ সংস্থা পি টি আই (PTI)ৰ উদ্ধৃতিৰে বিষয়াগৰাকীৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি লোকজন এজন বাহিৰৰ লোক আছিল আৰু চিকিৎসালয়খনৰ বিভিন্ন বিভাগত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিছিল ৷
লগতে পঢ়ক : 850 কোটি টকা মূল্যৰ কেলিফৰ্ণিয়ামসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী - Radioactive metal Californium
ঘটনাৰ তদন্তৰ বাবে কলকাতা আৰক্ষীৰ চোৰাংচোৱা বিভাগে বিশেষ তদন্তকাৰী দল গঠন কৰিছে ৷ এই SIT ৰ নেতৃত্বত আছে কলকাতা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক পদৰ এজন আৰক্ষী বিষয়া ৷ গ্ৰেপ্তাৰ অভিযুক্তৰ বিষয়ে অধিক জানবলৈ দি আৰক্ষীয়ে কয় যে তেওঁলোকে এটা ব্লুটুথ ইয়াৰফোনৰ এটা ফাটি যোৱা অংশ উদ্ধাৰ কৰে ৷ যাৰ দ্বাৰা অপৰাধীৰ কাষ চপাত সহদ হৈছিল ৷ দৰাচলতে আন পি জি টি আৰু মহিলা চিকিৎসকেও চিকিৎসালয় চৌহদৰ অন্যান্য প্ৰান্তৰ পৰা সংগ্ৰহ কৰা চি চি টিভি ফুটেজৰ পৰা দোষীক চিনাক্ত কৰিছে বুলি আৰক্ষী বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে ৷ আৰক্ষী বিষয়াসকলে দাবী কৰে যে ধৃত অভিযুক্তই সোধা-পোছাৰ সময়ত বিভিন্ন ধৰণৰ বক্তব্য দিছিল ৷
বি এন এছৰ 64 (ধৰ্ষণ) আৰু 103 (হত্যা) ধাৰাত অভিযুক্তক 14 দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডৰ নিৰ্দেশ দিয়ে চহৰৰ আদালতে ৷ এই অপৰাধৰ সৈতে জড়িত অধিক সোধা-পোছাৰ বাবে 23 আগষ্টলৈকে 14 দিনৰ আৰক্ষীৰ ৰিমাণ্ডৰ বাবে বিচাৰ বিভাগৰ অনুৰোধ মঞ্জুৰ কৰে ন্যায়াধীশগৰাকীয়ে ৷ চিকিৎসকগৰাকীৰ মৃত্যুৰ তদন্ত চলি থকাৰ সন্দৰ্ভত আৰক্ষীয়ে শুকুৰবাৰে নিশা দুজন ইন্টাৰ্ণ চিকিৎসককো সোধা-পোছা কৰিছে বুলিও তেওঁ কয় ৷
শুকুৰবাৰে কলকাতাৰ চৰকাৰী চিকিৎসালয়খনৰ চেমিনাৰ হলৰ ভিতৰত এগৰাকী মহিলা স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (PGT) চিকিৎসকৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হয় ৷ বৃহস্পতিবাৰে নিশা কৰ্তব্যৰত আছিল দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকী ৷ মৃতদেহত আঘাতৰ চিন আছিল ৷ পিতৃয়ে কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ ভিতৰতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু লগতে এই ঘটনাৰ সত্য লুকুৱাবলৈ চেষ্টা অব্যাহত আছে বুলি অভিযোগ কৰিছিল ৷ আৰক্ষীয়ে জনোৱা মতে, প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মহিলা চিকিৎসকগৰাকীক হত্যা কৰাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱাৰ কথা নিশ্চিত কৰা হৈছে ৷
লগতে পঢ়ক : চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ধৰ্ষণ: দেশজুৰি প্ৰতিবাদ - Kolkata PGT Doctor rape

