ETV Bharat / bharat

মাৰাঠাসকলৰ 10 শতাংশ সংৰক্ষণ বৃদ্ধিৰ বিধেয়কত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ

Reservation to Marathas: মাৰাঠাসকলৰ 10 শতাংশ সংৰক্ষণ বৃদ্ধিৰ বিধেয়কত অনুমোদন জনায় মহাৰাষ্ট্ৰ চৰকাৰে ৷ মহাৰাষ্ট্ৰ চৰকাৰে মঙলবাৰে বিধানসভাৰ বিশেষ অধিৱেশন চলি থকাৰ সময়ত মাৰাঠাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা 50 শতাংশৰ ওপৰত বৃদ্ধি কৰা বিধেয়কখনত অনুমোদন জনায় । এটা দশকৰ ভিতৰত তৃতীয়বাৰৰ বাবে এনে আইনৰ প্ৰৱৰ্তন কৰা হৈছে । ৰাজ্য চৰকাৰক সমালোচনা বিৰোধীৰ ৷

Reservation to Marathas
মাৰাঠাসকলৰ 10 শতাংশ সংৰক্ষণ বৃদ্ধিৰ বিধেয়কত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ
author img

By ANI

Published : February 20, 2024 at 1:48 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 20 ফেব্ৰুৱাৰী: মাৰাঠাসকলৰ 10 শতাংশ সংৰক্ষণ বৃদ্ধিৰ বিধেয়কত অনুমোদন জনায় মহাৰাষ্ট্ৰ চৰকাৰে ৷ মহাৰাষ্ট্ৰ চৰকাৰে মঙলবাৰে বিধানসভাৰ বিশেষ অধিৱেশন চলি থকাৰ সময়ত মাৰাঠাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা 50 শতাংশৰ ওপৰত বৃদ্ধি কৰা বিধেয়কখনত অনুমোদন জনায় । ANI য়ে প্ৰকাশ কৰা অনুসৰি এটা দশকৰ ভিতৰত তৃতীয়বাৰৰ বাবে এনে আইনৰ প্ৰৱৰ্তন কৰা হৈছে ।

ANI ৰ প্ৰতিবেদন অনুসৰি একনাথ সিন্দেৰ নেতৃত্বত মহাযুতি চৰকাৰে 20 ফেব্ৰুৱাৰী অৰ্থাৎ আজি অনুমোদন জনোৱা 10 শতাংশ মাৰাঠা কোটাৰ বাবে বিধেয়কখন পূৰ্বৰ দেৱেন্দ্ৰ ফাড়নবিছৰ নেতৃত্বাধীন চৰকাৰে উত্থাপন কৰা সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী আইন, 2018 ৰ সৈতে একে । প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে জলনা জিলাৰ অন্তৰৱালি ছাৰাতি গাঁৱত অনশন কাৰ্যসূচী গ্ৰহণ কৰা মাৰাঠা কোটা কৰ্মী মনোজ জাৰাংগে পাটিলৰ নিৰৱচ্ছিন্ন হেঁচাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

জানিব পৰা মতে, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) সুনীল শুক্ৰেৰ অধ্যক্ষতাত মহাৰাষ্ট্ৰ পিছপৰা শ্ৰেণী আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পিছত এই সংৰক্ষণৰ সময়সীমা বৃদ্ধি কৰা হয় । আয়োগে 9 দিনৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ প্ৰায় 2.5 কোটি পৰিয়ালৰ জৰীপ চলাই মাৰাঠা জনগোষ্ঠীৰ সামাজিক আৰু শৈক্ষিক অনগ্রসৰতাৰ মূল্যায়ন কৰে । আয়োগে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে অৰ্থনৈতিকভাৱে পিছপৰা অংশ (ই ডব্লিউ এছ)ৰ বাবে বৰ্তমানৰ 10 শতাংশ সংৰক্ষণৰ সৰ্বাধিক লাভৱান হৈছে মাৰাঠাসকল ।

এ এন আইৰ প্ৰতিবেদনত বিতংভাৱে উল্লেখ কৰা হৈছে যে ই ডব্লিউ এছৰ বাবে সংৰক্ষণৰ হিতাধিকাৰীৰ 85 শতাংশ মাৰাঠা বুলি এম এছ বি চি চিৰ তথ্যত উল্লেখ কৰা হৈছে । উল্লেখ্য যে, কমিটীয়ে 2018 চনত পূৰ্বৰ দেৱেন্দ্ৰ ফাড়নবিছ চৰকাৰে দিয়া শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত মাৰাঠাসকলৰ বাবে 10 শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়াইছিল । ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) এম জি গায়কোৱাড়ৰ নিৰ্দেশনাত 2017 চনৰ জুন মাহত ফাড়নবিছ চৰকাৰে গঠন কৰিছিল মহাৰাষ্ট্ৰ ৰাজ্যিক পিছপৰা শ্ৰেণী আয়োগ আৰু ইয়াৰ পূৰ্বেও ই এক অধ্যয়ন চলোৱাৰ পিছত মাৰাঠাসকলক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী (SEBC) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল ।

বিশেষ বিধানসভা অধিৱেশনৰ সময়ত আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে আইনৰ চৰ্ত অনুসৰি মাৰাঠাসকলক সংৰক্ষণ দিয়া হ’ব বুলি উল্লেখ কৰে ।

আনহাতে, বিশেষ অধিৱেশন আৰু মাৰাঠাসকলৰ সংৰক্ষণ বিধেয়ক সন্দৰ্ভত ৰাজ্য চৰকাৰক সমালোচনা কৰে বিৰোধীয়ে ৷ মাৰাঠা সংৰক্ষণৰ বিষয়ত বিৰোধী দলপতি বিজয় ৱাদেত্তিৱাৰে চৰকাৰক সময় নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ লগতে, এই সিদ্ধান্ত নিৰ্বাচনকেন্দ্ৰিক বুলি চৰকাৰক সমালোচনা কৰে আম্বাদাস ডানভেই ।

লগতে পঢ়ক: অজিত পাৱাৰ গোটৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদন; ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ